Saturday, April 18, 2026
0 Shares

সাধু-13. জনমােহিনী

সাধু-13. জনমােহিনী

পিছদিনা পুনৰ ৰজা ভােজে সিংহাসন অধিগ্রহণৰ অৰ্থে নিজৰ ভৰি খন আগবঢ়াই দিয়ে। এইবাৰাে জনমােহিনী নামৰ পুতলাটোৱে বাধা দি ৰজাক অন্য এটা কাহিনী ক’বলৈ ধৰে—

মহাৰাজ বিক্রমাদিত্যই এবাৰ ৰাজ্যশাসনৰ দায়িত্ব মন্ত্রী সকলৰ হাতত অৰ্পণ কৰি যােগীৰ সাজেৰে পৰিভ্ৰমণ কৰিবলৈ ওলাই যায়। তেওঁ গাঁও, চহৰ সকলােতে পৰিভ্ৰমণ কৰিলে।

এদিন তেওঁ আহি আহি এখন নগৰত উপস্থিত হয়। সেই নগৰৰ কাষেৰে বৈ যােৱা এটা নদীৰ পাৰত এটা মন্দিৰ আছিল। সেই মন্দিৰ প্ৰাংগনত বহি নগৰৰ ডাঙৰ লােকসকলে সাধু সন্যাসী সকলৰ মুখেৰে প্রাচীন পুৰাণৰ কাহিনী সমূহ শুনিছিল। ৰজায়াে নদীত স্নান কৰি আহি সাধুসকলৰ কাষতে বহি পুৰাণৰ কাহিনীবােৰ শুনিছিল।

পণ্ডিত সকলে ধর্ম চর্চাৰ মাজত মানুহৰ বিভিন্ন গুণ সম্পর্কে আলােচনা কৰিছিল। পৰােপকাৰ কি? অভয়দান কি অর্থত শ্রেষ্ঠ ধর্ম, পাপ-পুন্যৰ অর্থ কি? ইত্যাদি বিবিধ বিষয়লৈ গভীৰ আলােচনা হৈছিল। যি সকল তাত উপস্থিত আছিল তেওঁলােকে প্রত্যেকে পণ্ডিতৰ কথাত সঁহাৰি জনাইছিল। ঠিক তেনেকুৱা এক সময়তে নদী পাৰ হ’বলৈ আয়ােজন কৰা এহাল ব্রাহ্মণ পতি-পত্নীক নদীৰ প্রবল সোঁতে উটুৱাই নিবলৈ ধৰাত দুয়াে ‘বচোৱা বচোৱা’ বুলি চিঞৰিবলৈ ধৰে।

এই দৃশ্য দেখাৰ পাচতাে কোনেও পতি-পত্নীহালক বচাবলৈ সাহস নকৰিলে। কেৱল বিক্রমাদিত্য ৰজাই ‘ভয় নাই’, ‘ভয় নাই’ বুলি নদীত জঁপিয়াই পৰিছিল আৰু সাঁতুৰি গৈ দুয়ােকো উদ্ধাৰ কৰিছিল।

কিছু সময়ৰ পিছত মৃত্যু মুখৰ পৰা ৰক্ষা পৰা ব্রাহ্মণে কৈছিল, হে মহাপুৰুষ, আপুনি আমাৰ জীৱন ৰক্ষা কৰি পিতৃ-মাতৃৰ মৰ্যদা লাভ কৰিলে। আপােনাৰ এই উপকাৰৰ প্রতিদান স্বৰূপে আমি কিছু উপকাৰ কৰিব বিচাৰোঁ। এই গােদাবৰী নদীৰ মাজত বাৰ বছৰ মন্ত্র জপ কৰি যি পুন্য আর্জিলাে তাকেই আপােনাক দান কৰিলাে। লগতে পূর্ণিমা-একাদশীৰ ব্ৰতৰ ফলত যিখিনি পূণ্য অর্জন কৰিছিলোঁ সেই খিনিও আপােনাক দিলাে। ইয়াকে কৈ ব্রাহ্মণে ৰজাক আশীর্বাদ দি আঁতৰি গ'ল।

সেই সময়তে এটা ভয়ংকৰ ৰাক্ষস আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল। তাকে দেখি বিক্রমাদিত্যই সুধিলে, হে বীৰভদ্র, তুমি কোন? ৰাক্ষসজনে ক'লে, “মই এজন ব্রহ্ম ৰাক্ষস। এইখন নগৰতে মােৰ বাসস্থান। নানা কু-কৰ্মৰ বাবে মই এইৰূপত দহ হাজাৰ বছৰ ধৰি গছত অতি কষ্টৰে আছোঁ। মই জীৱনত বহুতকে নিন্দা কৰিলোঁ। সেই পাপৰ পৰিণাম মই ভােগ কৰিছোঁ।আজি মই আপােনাৰ হাতত উদ্ধাৰ পাম।

এই কথা শুনাৰ পিছত ৰজাই ব্রাহ্মণজনৰ পৰা লাভ কৰা সকলাে পুন্য ৰাক্ষসক দান দিলে। ব্ৰহ্মৰাক্ষসে সেই পুন্যৰ বলত দিব্যৰূপ লাভ কৰি ৰজাক প্রশংসা কবি স্বৰ্গলৈ গ'ল। ইয়াৰ লগে-লগে ৰজা বিক্রমাদিত্যও নিজ ৰাজ্যলৈ উভতি গ'ল।

কাহিনীটো কোৱা শেষ হােৱাৰ পিছত পুতলাটোৱে ৰজা ভােজক ক'লে, মহাৰাজ, যদি আপুনিও ৰজা বিক্রমাদিত্যৰ দৰে পৰােপকাৰী, সাহসী, বীৰ, দাতা আদি গুণেৰে নিজক সমৃদ্ধ বুলি ভাবে তেতিয়া হ'লে সিংহাসনত বহক।

ৰজা ভােজৰ মাত হেৰাল। তেওঁ উত্তৰ নকৰি আগৰ ঠাইলৈ গুচি যায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment