Saturday, April 18, 2026
0 Shares

সাধু-15. নিৰুপমা

সাধু-15. নিৰুপমা

পিছদিনা আকৌ ৰজা ভােজে সিংহাসনত বহাৰ উদ্দ্যেশে উপস্থিত হ’ল আৰু সিংহাসনত উঠাৰ মানসেৰে ভৰিখন আগবঢ়াই দিলে। লগে-লগে নিৰুপমা নামৰ পুতলাটোৱে ৰজাক বাধা দি ক’লে যে সিংহাসনত তেওঁ বহাৰ পূর্বে অন্য এটা কাহিনী শুনাটো আৱশ্যক হ’ব। ইয়াকে কৈ তেওঁ এটা নতুন কাহিনী আৰম্ভ কৰিলে।

ৰজা বিক্রমাদিত্যৰ পুৰােহিতজনৰ নাম আছিল বসুমিত্র। এইজন পুৰােহিত ৰজাৰ প্রিয়পাত্র আছিল। তেওঁ অতি ৰূপৱন আৰু সকলাে বিদ্যাত পাৰদর্শী আছিল। এই পুৰােহিত গৰাকীৰ পৰােপকাৰী গুণে ৰজাক মােহিত কৰিছিল।

তেওঁ এদিন গংগা স্নানৰ পৱিত্ৰতা সম্পর্কে মনতে গুণ গাঁথা কৰিলে। তেওঁ ভাবিলে যে সঞ্চিত পাপ ক্ষয় কৰাৰ ই এক উত্তম ব্যৱস্থা। ইয়াৰ দ্বাৰা ফল লাভ নিশ্চয় হ’ব। সূর্য যিদৰে আন্ধাৰ দূৰ কৰিবলৈ উদিত হয়, গংগাজলাে পাপ ক্ষয়ৰ বাবে শােভিত হয়।

ৰাজ পুৰােহিত বসুমিত্রই এই ধৰণৰ চিন্তা কৰি বাৰাণসীলৈ গৈ বিশ্বেশ্বৰ দর্শন কৰি পিছত প্রয়াগত মাঘী পূর্ণিমাত স্নান কৰি নিজৰ নগৰ অভিমুখে যাত্রা কৰিলে।

গৈ থাকোতে উক্ত পুৰােহিত জনে এখন নগৰত উপস্থিত হ’ল। সেই নগৰখন এগৰাকী শাপ ভ্রষ্টা দেৱকন্যাই ৰাজত্ব কৰিছিল। তেওঁৰ স্বামী নাছিল। উক্ত নগৰত এটা প্রকাণ্ড লক্ষ্মীনাৰায়ণৰ মন্দিৰ আছিল। সেই মন্দিৰতে এটা বিবাহ মণ্ডপ আছিল। মন্দিৰৰ দুৱাৰ মুখত এটা প্রকাণ্ড পাত্ৰত তেল গৰম কৰি ৰখা হৈছিল। যি সকল ব্যক্তি তাত উপস্থিত হয়, তেওঁলােকক কোৱা হৈছিল যে যি গৰাকী ব্যক্তিয়ে এই তপত তেলত জঁপিয়াব পাৰে, তেওঁকে মন্মথ সঞ্জীৱনী নামৰ অপেশ্বৰীগৰাকীয়ে মালা প্রদান কৰিব।

বসুমিত্রই এই সকলােবােৰ দেখি শুনি নিজৰ ঘৰলৈ উলটি আহি পুৱা বসুমিত্ৰই ৰজাক দর্শন কৰি লক্ষ্মী-নাৰায়ণ মন্দিৰত দেখি অহা আচর্যজনক কথাটো ক'লে।

বসুমিত্ৰৰ মুখত কথাবােৰ শুনি ৰজাই নিজ চকুৰে চোৱাৰ আগ্রহ প্রকাশ কৰি দ্বিতীয় দিনা বসুমিত্ৰৰ লগত সেই নগৰ অভিমুখে যাত্রা কৰিলে।

ৰজাই লক্ষ্মী-নাৰায়ণ মন্দিৰত প্ৰৱেশ কৰাৰ পিছত ভক্তি চিত্তেৰে পূজা আগবঢ়াই পিছত গৰম তেলত জঁপিয়াই পৰে। উপস্থিত লােক সকলৰ মাজত হাহাকাৰ লাগিল। সেই গৰম তেলত পৰাৰ লগে-লগে ৰজাৰ শৰীৰ এটুকুৰা মাংস পিণ্ডত পৰিণত হয়। পিছ মুহুর্তত মন্মথ সঞ্জীৱনী নামৰ অপেশ্বৰী গৰাকীয়ে অমৃত আনি সেই মাংস পিণ্ডত ছটিয়াই দিয়াৰ লগে-লগে ৰজা আগৰ ৰূপলৈ ঘূৰি আহে। তাৰ পিছত অপেশ্বৰীয়ে ৰজাৰ ডিঙিত মালা দিবলৈ অহাত ৰজাই ক'লে, হে অপশ্বৰী, তুমি যদি মােৰ অনুগত হ’বলৈ ইচ্ছা কৰা, তেন্তে মােৰ কথা শুনা।

মন্মথ সঞ্জৱনীয়ে ক'লে, হে প্রভু, আপুনি আদেশ কৰক।” ৰজাই ক'লে, তুমি মােৰ সন্মুখত থকা ব্রাহ্মণ পুৰােহিতক মাল্য অর্পণ কৰা।

অপ্সৰাই ‘তথাস্তু’ বলি কৈ তাকেই কৰিলে।

ইয়াৰ পিছত ৰজাই নিজৰ ৰাজ্যলৈ গমন কৰিলে।

কাহিনীৰ অন্তত পুতলাটোৱে ক'লে, আপােনাৰ জানাে এনে সাহস আৰু উদাৰতা আছে? যদি আছে, সিংহাসনত বহক।

ৰজা ভােজ নিৰুত্তৰ হৈ অহাবাটে উলটি গ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment