Saturday, April 18, 2026
0 Shares

সাধু-18. বিলাসৰসিকা

সাধু-18. বিলাসৰসিকা

১৮ সংখ্যক দিনৰ দিনাও ৰজা বিফল হ’ল। এই বাৰাে ১৮ সংখ্যক পুতলাটোৱে এটা নতুন কাহিনী লৈ তেওঁৰ সন্মুখত উপস্থিত হল। পুতলাটোৱে এইদৰে কাহিনীটো আৰম্ভ কৰিলে-

মণিপুৰত বাস কৰা গােবিন্দ শর্মা নামৰ নীতিশাস্ত্রবিদ ব্রাহ্মণ এজনে পুতেকক কিদৰে উপদেশ দিছিল সেয়া মইও শুনিছিলোঁ। আজি তাকেই কওঁ শুনক—

যি সকল বুদ্ধিমান, তেওঁলােকে দুর্জনৰ সংগ ত্যাগ কৰে। কাৰণ তেনে সংগ অনথৰ্কৰ মূল। অসতৰ সংগত থাকিলে বিনয় আৰু যশ উভয়ে নষ্ট হয়। সদায় সৎসংগত থকাটোৱে বুধিয়কৰ কাম। সাধু সংগতকৈ শ্রেষ্ঠ সংগ আৰু একো হ’ব নােৱাৰে। শত্রুতা কৰা, মনত কষ্ট দিয়া, স্ত্রীক বর্জন কৰা আদি কাম নকৰাই ভাল। এনে কর্ম কৰিলে নৰকত পৰিব লাগে।

লক্ষ্মী চঞ্চলা, এই কথা স্মৰণ কৰা উচিত। শাস্ত্রয়ো কয়, ধন বিতৰণ কৰা, মানীক সন্মান আৰু সজ্জনৰ সংগ নেৰা। লক্ষী পদুমৰ পাতৰ পানীৰদৰে ক্ষণস্থায়ী।

নাৰীৰ আগত গােপন কথা কোৱা নিষেধ। শক্ৰকোহিত কথা ক'ব লাগে। দান আৰু অধ্যয়নত সময় খৰচ কৰা উচিত। পিতা-মাতাক সেৱা কৰা উচিত।

বুধিয়ক জনে অলপৰ বাবে বহু ক্ষতি কৰিব নােখােজে। আৰ্তজনক সহায় কৰা কর্তব্য।

নীতিশাস্ত্রজ্ঞ বিক্রমাদিত্যৰ ৰাজসভাত এজন বিদেশীলােক উপস্থিত হ’ল। ৰজাই সন্মান সহকাৰে বহিবলৈ দি পৰিচয় জানিব বিচাৰিলে। উত্তৰত বিদেশী লােকজনে ক'লে যে তেওঁ পর্যটক আৰু নিজা কোনাে ঘৰ নাই।

ৰজাই ক'লে- মহাশয়, আপুনি নিশ্চয় বহু দেশ-বিদেশ ফুৰিছে। আপােনাৰ ভ্রমণ কালত কৰােবাত কিবা আচর্যজনক ঘটনাৰ মুখামুখি হৈছেনে? ৰজাৰ। আগ্রহ দেখি পর্যটক জনে ক'লে, উদয়া চলত সূর্য দেৱতাৰ এটা মন্দিৰ আছে। সেই মন্দিৰটোৰ কাষেৰে গংগা নদী বৈ গৈছে। এই গংগাৰ পাৰতে। এটা পাপ বিনাশন নামৰ শিৱ মন্দিৰ আছে। তাত গংগাৰ বুকুত নিতৌ এটা সােণৰ স্তম্ভ নির্গত হয়। সেই স্তম্ভৰ ওপৰত নৱৰত্ন খচিত এখন সিংহাসন আছে। এই সােণৰ স্তম্ভ সূর্যোদয়ৰ পিছত বুদ্ধি পাবলৈ ধৰে। মই এই মহা আশ্চর্য জনক ঘটনাটো দেখিছাে।

পর্যটকৰ কথাত ৰজাৰ কৌতূহল জন্মিল আৰু সেই ঠাইলৈ গৈ দুয়াে নিশাটো তাত পাৰ কৰিলে।

পুৱা সূর্যোদয়ৰ লগে-লগে দেখা গ'ল যে গংগানৈৰ বুকুৰ পৰা স্বর্ণ স্তম্ভ ওলাই আহিবলৈ ধৰে। তেওঁ সেই স্তম্ভত দেখিলে এখন নৱৰত্নখচিত সিংহাসন। ৰজা বিক্রমাদিত্যই অলপাে পলম নকৰি সিংহাসনৰ ওপৰত বহে। স্তম্ভটো চাওঁতে চাওঁতে সূর্য মণ্ডল অভিমুখে আগবাঢ়ে। তেওঁ যেতিয়া সূৰ্যৰ কাষ চাপে তেতিয়া সূৰ্যৰ প্রচণ্ড উত্তাপৰ ফলত বিক্রমাদিত্যৰ দেহ মাংস পিণ্ডত পৰিণত হ'ল। সেই অৱস্থাতে তেওঁ সূর্য দেৱতাক প্রণাম জনাই ক'লে, হে জগতৰ সৃষ্টিকর্তা, তুমি জগতৰ চকুস্বৰূপ, তুমিয়েই জগতৰ সৃষ্টি, স্থিতি আৰু বিনাশৰ কাৰণ। তােমাক মােৰ প্রণাম। ব্রহ্মা, বিষ্ণু, মহেশ্বৰ তুমি। সূর্যদেৱে তেতিয়া অমৃত বর্ষণ কৰাত ৰজাই আগৰ ৰূপ লাভ কৰে। তাৰ পিছত সূর্যদেৱে ক'লে— হে ৰাজন, তুমি মহা শক্তিধৰ। তােমাক কি বৰ লাগে কোৱা।

ৰজাই ক’লে- হে প্রভু, আনে অসম্ভৱ বুলি ভবা ঠাইলৈ আহি মই ধন্য। মােৰ প্রয়ােজন খিনি আছে, আৰু নাে মই কি বিচাৰিম?

সূর্যদেৱ প্রসন্ন হৈ ৰজাক কাণৰ কুণ্ডল দুটা দি ক'লে, হে ৰাজন, এই কুণ্ডল দুটা লােৱা।

এই দুটাই তােমাক নিতৌ এভাৰকৈ সােণ দিব। ইয়াৰ পিছত ৰজা নিজ ৰাজ্যলৈ উভতি আহে। উভতাৰ পথত তেওঁ এজন ব্রাহ্মণৰ মুখামুখি হয়।

ইয়াৰ পিছত ব্রাহ্মণে ৰজাৰ গুণানুকীৰ্ত্তন কৰি নিজৰ দুর্দশাৰ কথা কৈ সহায় বিচাৰে। দৰিদ্র ব্রাহ্মণক ৰজাই সূর্যদেৱতাৰ পৰা পােৱা কুণ্ডল দুটিকে দান কৰে। কুণ্ডল দান দিয়াৰ সময়ত ৰজাই কুণ্ডল দুটাৰ ক্ষমতা সম্পর্কেও কয়। সেই বিস্ময়কাৰী কুণ্ডল দুটা লাভ কৰি ব্ৰাহ্মণে হাঁহি মুখে বিদায় লয়।

এইবাৰ পুতলাটোৱে ৰজা ভােজক সুধিলে- হে ৰাজন, তুমি বাৰু ইমান মহানুভৱতাৰ অধিকাৰী হ’ব পাৰিছানে?

ৰজাই নিমাতে থাকি তাৰ পৰা আঁতৰি যায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment