Tuesday, March 17, 2026
0 Shares

সাধু-20. মন্মথ সঞ্জীৱনী

সাধু-20. মন্মথ সঞ্জীৱনী

ৰজাভােজে পুনৰ সিংহাসন অধিগ্রহণ কৰিবলৈ আহি একেখিনি কথাৰ সন্মুখিন হ’ল। মন্মথ সঞ্জীৱনী নামৰ পুতলা এটাই জীৱন্ত হৈ ৰজাক ক'লে, হে ৰাজন, সিংহাসনত বহাৰ পূর্বে মােৰ কাহিনী এটা শুনক। ৰজাৰ অনুমতি লাভ কৰি পুতলাটোৱে আৰম্ভ কৰিলে।

ৰজা বিক্রমাদিত্যই বছৰৰ ছমাহ দেশ-বিদেশত ভ্ৰমি ফুৰিছিল। এবাৰ তেওঁ ভ্ৰমি ফুৰােতে তেওঁ পদ্মালয় নামৰ নগৰ এখনত উপস্থিত হৈছিল। সেই নগৰত এটা পৰিষ্কাৰ পানীৰে পূৰ্ণ সৰােবৰ দেখি ৰজাই তাতে জল সেৱন কৰি এজোপা গছৰ তলত বিশ্রাম লৈছিল। ঠিক সেইখিনি সময়তে কেইজনমান বিদেশী লােক আহি সেইখিনি ঠাইত উপস্থিত হ’ল আৰু তেওঁলােকেও ৰজাৰ দৰে সৰােবৰত পানী খাই ৰজাৰ লগতে গছজোপাৰ তলত বিশ্রাম ল'লে। তেওঁলােকৰ মাজত বিভিন্ন বিষয়ক লৈ আলােচনা হ’ল। আলােচনাৰ মাজত বিদেশী লােক এজনে ৰজাক কলে, তেওঁ বহুত দেশ-বিদেশ ভ্ৰমিলে যদিও তেওঁৰ মহাপুৰুষ দর্শন লাভ নহ'ল।

তেতিয়া তেওঁলােকৰ মাজত এজনে ক'লে, মহাপুৰুষ সকল থকা ঠাই দূর্গম। তাত গলে প্রাণ নাশৰ ভয় থাকে বাবেই মহাপুৰুষৰ সাক্ষাৎ লাভ অসম্ভৱ।

কথাখিনি শেষ হােৱাৰ পিছত ৰজা বিক্রমাদিত্যই ক'লে, হে মহাশয় সকল, মই আপােনালােকৰ লগত একমত নহয়। কাৰণ জগতত অসম্ভৱ বুলি একো নাই। ইয়াৰ বাবে লাগিব একাগ্রতা, সাহস, ধৈর্য আৰু মহান উদ্দেশ্য। বিনাকষ্টৰে সুফল পাব নােৱাৰি। যিদৰে সমুদ্র মন্থন কৰি অশেষ কষ্টৰ ফলত প্রভু নাৰায়ণে লক্ষ্মীক লাভ কৰিছিল।

তেতিয়া বিদেশী লােক কেইজনে সুধিলে, আমি ইয়াৰ বাবে কি কৰিব লাগিব? ৰজাই ক'লে ইয়াৰ দ্বাদশ যােজন পথ অতিক্রম কৰিলে আমি মহাৰণ্যত উপস্থিত হ'ম। তাতেই বিৰাট আকৃতিৰ এক পর্বত আছে। যােগী শ্রেষ্ঠ ত্রিকাল নাথ তাতেই বসতি কৰে। তেওঁক দর্শন লাভ কৰিব পাৰিলে সকলাে প্রাপ্ত লাভ হয়। আহা মইও তালৈ যাম। ইচ্ছা যদি আছে, মােৰ লগত আহক। বিদেশী কেইজনে আপত্তি নকৰিলে আৰু ৰজাৰ সৈতে যাত্ৰা কৰিলে। গৈ-গৈ তেওঁলােক দুর্গম অৰণ্যত প্রৱেশ কৰিলে। এনেতে বিদেশী কেইজনে ৰজাক সুধিলে, হে মহাশয়, আৰু কিমান দুৰ যাব লাগিব? ৰজাই ক'লে, আঠ যােজন অতি দুর্গম কিন্তু আমি সেই ঠাইত উপনীত হ'বই লাগিব।

ছয় যােজন পথ অতিক্রম কৰাৰ পিছত তেওঁলােকে দেখিলে যে এটা প্রকাণ্ড সাপে পথটো আগুৰি আছে। তাৰ ভয়ংকৰ সুখৰ পৰা জুইৰ দৰে বিষ ওলাই আছিল। সেই সর্প দেখাৰ লগে লগে ৰজাৰ লগত অহা বিদেশী কেইজন ভয়ত পলাল। ৰজাই ভয় নকৰি আগুৱাই গৈ থাকিল। সাপটোৱে ৰজাক, মেৰিয়াই ধৰি দংশন কৰিলে। ইয়াৰ পিছত ৰজা পর্বত অভিমুখে গৈ থাকিল।

পর্বত আৰােহন কৰি ৰজাই ত্রিকাল নাথক দর্শন কৰি ভক্তি সহকাৰে প্রণাম নিবেদন কৰিলে। লগে লগে দেহৰ বিষ আঁতৰি গ'ল। পূর্বৰ দৰে সুস্থ হৈ উঠিল।

যােগীৰাজ ত্রিকাল নাথে মৃদু হাঁহিৰে ৰজাক ক'লে, তুমি ইমান বিপদ নেওচি ইয়াত অহাৰ কাৰণ কি?

ৰজাই সভক্তিভাৱে ক'লে, কেৱল আপােনাক দর্শন।

ৰজাৰ কষ্টৰ কথা নাথাকে। তেওঁৰ কৰ্ত্তব্য দুখৰ মাজতাে প্রজাৰ হিত সাধন। তাতে আপােনাৰ দর্শন লাভ হ’ল যেতিয়া মােৰ সমষ্ট দুখ আঁতৰিল।

মহাপ্রভু ত্রিকালনাথে সন্তুষ্ট হৈ ৰজাক এটি গুটি, এডাল যােগদণ্ড আৰু “এখন বস্ত্ৰ দি ক'লে, এই গুটিৰ মাজত পথ অতিক্রমৰ ক্ষমতা আৰু যােগদণ্ডত মৃতকক জীয়াই দিয়াৰ সক্ষমতা আছে, বস্ত্রখনেৰে ইপ্সিত বস্তু লাভ কৰিব পাৰি। ৰজাই বস্তু তিনিবিধ শ্রদ্ধাপূর্বক ভাবে গ্রহণ কৰি বিদায় মাগিলে।

আহি থাকোতে জুই জ্বলাবলৈ কাঠ বিচাৰি থকা এজন ৰাজ কুমাৰক সাক্ষাৎ কৰিলে। ৰজাৰ কৌতূহল ওপজাত ৰাজকুমাৰক সুধিলে, এয়া তুমি কি কৰিছা?

ৰাজকুমাৰে ক’লে, মই এজন সর্বহাৰা ৰাজকুমাৰ। এতিয়া মই জীয়াই থকাৰ আশা ত্যাগ কৰি জীৱন দিব ওলাইছাে। ৰজাই ৰাজকুমাৰক বস্তু তিনিবিধ প্রদান কৰি তাৰ গুণাগুণ বুজাই দিলে।

ৰাজকুমাৰে মৃত্যুৰ আশা ত্যাগ কৰি আনন্দ মনে সেই ঠাই ত্যাগ কৰিলে।

ৰজা বিক্রমাদিত্যয়ো নিজ ৰাজ্যলৈ উভতিল। পুতলাটোৱে কাহিনীটো শেষ কৰি ৰজাক ক'লে, হে ৰাজন, তুমি জানাে এনেকুৱা গুণৰ অধিকাৰী হ'ব পাৰিছা?

ৰজাই মৌন হৈ ৰ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment