Saturday, April 18, 2026
0 Shares

সাধু-22. মদনৱতী

সাধু-22. মদনৱতী

২২ তম দিনৰ দিনা আকৌ ৰজা ভােজে সিংহাসনত বহিবৰ উদ্দেশ্যে উপস্থিত হ'ল। সেই বাৰো পুতলাৰূপী মদনৱতীয়ে ক'লে, হে ৰজা, ধৈর্য ধৰক ! মই আপােনাক এটা কাহিনী কম। আপুনি শুনক। ইয়াৰ পিছত সিংহাসনত বহিব।

পুতলাই নিজৰ কাহিনী আৰম্ভ কৰিলে- ৰজাৰ ভ্ৰমণ বিলাস সর্বজনবিদিত। এবাৰ তেওঁ ভ্ৰমণ কৰিবলৈ গৈ এখন নগৰত উপস্থিত হৈছিল। সেইখন নগৰ বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ, তীর্থস্থান আৰু বহুতাে ৰত্ন খচিত প্রাচীৰেৰে আগুৰা আছিল। উক্ত নগৰ গগন চুম্বী প্রসাদ, শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ আদিৰে সুশােভিত আছিল।

নগৰৰ বাহিৰত এটা সৰােবৰৰ পাৰত এক সুন্দৰ বিষ্ণু মন্দিৰ আছিল। ৰজাই স্নান কৰি বিষ্ণুক স্মৰণ কৰে।

তেওঁ কয়, হে পৰম প্রভু মই ভক্তিপূর্ণ চিত্তে আপােনাৰ পাদপদ্ম সেৱা কৰাে। আপুনি আপােনাৰ শ্ৰীচৰণত মােক ঠাই দিয়ক।

এনেতে মন্দিৰ প্ৰাংগনত উপস্থিত এক ব্রাহ্মণ দেখি ৰজাই ব্রাহ্মণজনৰ পৰিচয় সুধিলে।

ব্রাহ্মণজনে উত্তৰত ক'লে- ময়াে আপােনাৰ দৰে এজন তীর্থযাত্রী। পৃথিৱী পর্যটন কৰি ঘুৰি ফুৰিছোঁ।

ব্ৰাহ্মণে ৰজাৰ আপাদ মস্তক ভালদৰে লক্ষ্য কৰি ক'লে, হে মহাশয়, আপুনি মােৰ দৰে এজন সাধাৰণ পর্যটক নহয়। কাৰণ আপােনাৰ সৰ্বশৰীৰ, কপালৰ ৰেখা আদিয়ে সেইটো নকয়। আপুনি ৰাজ ৰাজেশ্বৰ, সিংহাসন ত্যাগি এতিয়া ভ্ৰমি ফুৰিছে।

ব্রাহ্মণৰ কথাবােৰ যুক্তিপূর্ণ আছিল বাবে ৰজাই কথাবােৰ মানি লৈ ব্রাহ্মণক সুধিলে, আপােনাক বহুত ভাগৰি পৰা যেন দেখিছোঁ। ইয়াৰ কাৰণ কি?

ৰজাৰ আগ্ৰহক আওকাণ কৰিব নােৱাৰি ব্ৰাহ্মণে নিজৰ কাহিনী ক’বলৈ ধৰিলে—

নীল নামৰ পৰ্বতত দেৱী কামাক্ষীৰ অৱস্থান। তাৰ পৰা পাতাললৈ যাব পৰা এটা পথ আছে। সেই সুৰংগৰ দুৱাৰমুখ কিন্তু বন্ধ। একমাত্র কামাক্ষী মন্ত্র জপ কৰিলেই সেই দুৱাৰ মেল খায়। মই বাৰ বছৰ ধৰি জপ কৰিছাে যদিও সফল হ’ব পৰা নাই। ব্রাহ্মণৰ কথা শুনি ৰজা তালৈ গ'ল আৰু দেৱীৰ মন্ত্র জপ কৰি নিজৰ কণ্ঠচ্ছেদ কৰিবলৈ হাতত খড়গ তুলি ল'লে। লগে-লগে দেৱীৰ আগমন ঘটিল আৰু ৰজাৰ মনােকামনা কি জানিব বিচাৰিলে। ৰজাই ক’লে, হে দেৱী তুমি যদি সঁচাই মােৰ প্রতি প্রসন্ন হৈছা, তেতিয়া হ’ল এই ব্রাহ্মণক বিচৰা বৰ দিয়া। দেৱীয়ে ‘তথাস্তু’ বুলি কৈ ব্রাহ্মণৰ ইচ্ছা পূৰণ কৰিলে। ইয়াৰ পিছত ৰজাও নিজ ৰাজ্যলৈ উভতিল।

এইবাৰ পুতলাই ৰজা ভােজক ক'লে, হে ৰাজান, আপুনিও যদি বিক্রমাদিত্যৰ দৰে উদাৰ, তেন্তে সিংহাসনত বহক।

একো উত্তৰ নিদি ৰজা প্রস্থান কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment