Saturday, April 18, 2026
0 Shares

সাধু-23. চিত্ৰৰেখা

সাধু-23. চিত্ৰৰেখা

তেইশতম দিনৰ দিনা পুনৰ ভােজ ৰজাই সিংহাসন আৰােহণ কৰিম বুলি গৈ থমকি ৰ’ল। কিয়নাে ৰাজ সিংহাসনত প্ৰথমটো খােজ দিব ওলাওতে চিত্ৰৰেখা নামৰ পুতলাটো জীৱন্ত হৈ ৰজাক ক'লে, হে ৰাজত, সিংহাসনত বহাৰ পূর্বে মােৰ কাহিনীটো শুনক। এই বুলি কৈ ৰজাক পুতলাটোই কাহিনী এটা ক’বলৈ ধৰিলে।

এবাৰ মহাৰাজ বিক্রমাদিত্য পৃথিৱী ভ্ৰমণৰ পৰা নিজ ৰাজ্যলৈ উভতি অহাৰ পিছত ৰাজ্যৰ মানুহবােৰ আনন্দত অধিৰ হৈ পৰে। ৰজাই ৰাজভৱনত প্ৰৱেশ কৰাৰ পিছত স্নান আদি কৰি দেহত চন্দন আদিৰ লেপন লৈ সুন্দৰ বস্ত্র পৰিধান কৰি মন্দিৰলৈ গ'ল আৰু মন্দিৰত দেৱতাৰ পূজা-অর্চনা আদি কৰি স্তৱ আদিও পাঠ কৰে।

স্তৱ শেষ কৰাৰ পিছত দেৱতাক প্রণাম জনাই ব্রাহ্মণ, দুখীয়া দৰিদ্র, অন্ধ-পংগু সকলােকে দান-দক্ষিণা দি প্ৰথমতে ল'ৰা-ছােৱালী আৰু বৃদ্ধ-বৃদ্ধা সকলক ভােজন কৰাই পিছত বন্ধু-বান্ধৱৰ সৈতে নিজেও ভােজন কৰে।

ইয়াৰ পিছত ৰজাই কিছু সময় বিশ্রাম গ্রহণ কৰে। বেলি অস্ত যােৱাৰ পিছত সন্ধ্যা বন্দনা আদি শেষ কৰি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত শয়ন কক্ষত প্রৱেশ কৰি সকলাে ব্যৱস্থা সঠিক ভাবে কৰাৰ অন্তত বিচনাত শুই পৰে।

পুৱা সময়ত তেওঁ এটা সপােন দেখিলে। এই সপােনত তেওঁ এটা মহৰ পিঠিত উঠি দক্ষিণ দিশ অভিমুখে গতি কৰে। কিছুসময়ৰ পিছত যেতিয়া টোপনি ভাঙে তেতিয়া তেওঁ বিষ্ণুৰ নাম স্মৰণ কৰি বিচনা ত্যাগ কৰে।

পিছত ৰাজ সভাত তেওঁ ব্রাহ্মণ আৰু পণ্ডিত সকলক নিশাৰ সপােনটোৰ কথা বিৱৰি ক'লে। | ৰজাৰ সপােনৰ কথা শুনি সর্বজ্ঞভট্ট নামৰ পণ্ডিতজনে ক'লে, হে মহাৰাজ, সপােন দুই প্রকাৰ। কিছুমান শুভ ফলদায়ক আৰু আন কিছুমান অশুভ। যেনে হাতীৰ পিঠিত উঠা, ধোঁৱা, বাঘ সাপ, গাহৰি, বান্দৰ, কপাহ, ছাই আদি দেখা অশুভ ফলদায়ক। শাস্ত্ৰত আছে সপােনত গাধ, উট, ম’হ আৰু বাঘ দেখিলে ছমাহৰ ভিতৰত মৃত্যু অবধাৰিত। গতিকে এই সপােন অনিষ্টকৰ।

ৰজাই সুধিলে, হে ব্রাহ্মণ ইয়াৰ প্ৰতিকাৰৰ প্রতিবিধান কিবা আছেনে?

সর্বজ্ঞ ভট্টনামৰ ব্ৰাহ্মণ জনে ক'লে, হে ৰাজন, ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কেৱল দান, নৱৰত্ন দি দেৱতাৰ পূজা। ই অশুভ শক্তি দূৰ কৰি শুভ ফল দিব। ইয়াৰ পিছত ৰজাই দেৱতাৰ পূজা সম্পন্ন কৰি শুভফল লাভ কৰিলে।

ইয়াতে কাহিনী শেষ হােৱাত পুতলাটোৱে ৰজা ভােজক ক'লে, আপােনাৰ যদি ইমান ধৈর্য আৰু উদাৰতা আছে, তেন্তে সিংহাসনত বহক। ৰজাভােজে উত্তৰ দিব নােৱাৰি সেই স্থান ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment