Saturday, April 18, 2026
0 Shares

সাধু-26. কামােন্মাদিনী

সাধু-26. কামােন্মাদিনী

পিছৰ দিনাও ৰজা ভােজে সিংহাসন আৰােহন কৰিম বুলি আহি ব্যর্থ হ’ল। কাৰণ সিংহাসনত খােজ দিয়াৰ লগে-লগে কামােন্মাদিনী নামৰ পুতলাটোৱে জীৱিত হৈ ৰজাক বাধা দি অন্য এটা কাহিনী আৰম্ভ কৰিলে।

এদিন ৰাজসভাত সকলােৰে উপস্থিতিত দেৱৰাজ ইন্দ্ৰৰ সন্মুখত নাৰদে ক'লে, ভূ-মণ্ডলত বিক্রমাদিত্যৰ দৰে কীর্তিমান, পৰােপকাৰী আৰু মহাসত্ত্বাগুণ সম্পন্ন ৰজা আৰু নাই। নাৰদৰ কথা শুনি সকলাে স্তম্ভিত হ’ল।

এইবাৰ কামধেনুৱে ক'লে, ইয়াত এখুত মানাে সন্দেহ নাই। কাৰণ সকলাে গুনেই এইজন ৰজাৰ দেহত দেখা যায়।

দেৱৰাজ ইন্দ্রই তেতিয়া সুৰভিক সকলাে কথাৰ প্ৰমাণ জানি আহিবলৈ পঠায়।

ইন্দ্ৰৰ আদেশ মানি সুৰভিয়ে এইটো অতি দুর্বল গৰুৰ ৰূপ ধাৰণ কৰি ৰজা বিক্রমাদিত্যৰ পৰীক্ষা ল’বলৈ মৰ্তলৈ আহিল। সেই সময়ত ৰজাই এটা পথেৰে গৈ আছিল। সেই পথৰ কাষতে এঠাইত সুৰভিয়ে পৰি কৰুণ স্বৰেৰে চিকাৰ কৰি আছিল।

ৰজাই গৰু জনীৰ অৱস্থা দেখি কাষ চাপি গৈছিল। তেওঁ দেখিছিল যে গৰু জনী গভীৰ বােকাত পৰি উঠিব পৰা নাই আৰু কাষতে এটা বাঘো আছে।

গৰুজনী ৰক্ষা কৰিবলৈ ৰজাই আপ্রাণ চেষ্টা চলাইছিল যদি সফল হ'ব পৰা নাছিল, সিফালে এন্ধাৰাে নামি আহিছিল। পিছত গৰু জনীক ৰক্ষা কৰিবলৈ ৰজা তাতেই ৰৈ গৈছিল।

গােটেই ৰাতিটো ৰজাই তাতেই পাৰ কৰিছিল। অৱশেষত ৰাতি পুৱাল। ৰজাৰ ধৈর্য গুণ দেখি সুৰভি আচৰিত হৈ নিজে উঠি আহিল আৰু ৰজাক ক’লে, হে ৰাজন, মই সুৰভি, সৰগৰ পৰা আহিছাে আপােনাৰ দয়া আৰু ধৈর্যগুণ চকুৰে চাবলৈ। সঁচাই মর্ত্যত আপােনাৰ দৰে ধৈর্যশীল আৰু দয়ালু ৰজা কোনাে নাই। আপােনাক কি বৰ লাগে কওক। .

ৰজাই ক'লে, “আপােনালােকৰ কৃপাত মােৰ একো বস্তুৰে অভাৱ নাই। এতেকে কি প্রার্থনা কৰিম?

সুৰভিয়ে ক'লে, মােৰ কথাৰ কেতিয়াও অন্যথা নহ’ব। মই নিজে আপােনাৰ লগত থাকিম। ইয়াৰ পিছত সুৰভিক লগত লৈ ৰজা আগবাঢ়িল।

কিছুদূৰ গৈ থকাৰ পিছত সিহঁতে এজন ব্রাহ্মণক লগ পালে। ব্রাহ্মণ জনে ৰজাক ক'লে, শিৱৰ তাণ্ডৱ নৃত্যৰ সময়ত নন্দীয়ে মৃদংগত আঘাত কৰাত যি শব্দ উঠে, সেই শব্দক মেঘৰ ডাক বুলি ভাবি কাৰ্তিকৰ ময়ূৰ লৰি অহাত শিৱৰ ককালত যিডাল সাপ মেৰখাই থাকে, সি ভয়তে নিজকে সৰু কৰি গণেশৰ শুড়ত সােমাই পৰে। ইফালে তেওঁৰ মুখমণ্ডলৰ চাৰিও ফালে ভােমােৰাবােৰে গুঞ্জন কৰি চতুর্দিশে মুখৰিত কৰি তুলিছিল। তেতিয়া এফালে ভােমােৰা আনফালে নাকৰ ভিতৰত সাপৰ প্ৰৱেশ কৰাত মহা অস্বস্তিত গনেশ চিকাৰ কৰি তেওঁৰ জগমুণ্ড কম্পিত কৰিবলৈ ধৰিলে। মহাৰাজ, এই কম্পিত মুখমণ্ডলে আপােনাক ৰক্ষা কৰক।

ৰজাই ব্ৰাহ্মণৰ মনৰ কথা বুজিব পাৰি ক'লে, হে ব্রাহ্মণ, আপােনাক কি লাগে কওক?

ব্রাহ্মণে ক'লে, হে মহাৰাজ, আশ্রিতৰ বাবে আপুনি কল্পতৰু স্বৰূপ। গােটেই জীৱন যাতে মােৰ দুখ নাথাকে তাৰেই ব্যৱস্থা কৰক। ৰজাই তেতিয়া ব্রাহ্মণক কামধেনুৰূপী সুৰভিক অর্পণ কৰি ক'লে, এই সুৰভিয়ে আপােনাৰ সকলাে ইচ্ছা পূৰণ কৰিব।

ব্রাহ্মণে সুৰভিক লাভ কৰি পৰম সুখ অনুভৱ কৰিলে। পিছত ৰজাক আশীর্বাদ কৰি নিজৰ বাটে গুচি গ'ল। ৰজাইও নিজ ৰাজ্যলৈ উভতিল।

কাহিনীটো অন্ত পৰাত পুতলাটোৱে ৰজা ভােজক ক'লে, হে মহাৰাজ, আপুনি এনেকুৱা গুণৰ যদি অধিকাৰী হয় তেন্তে সিংহাসনত বহক।

ৰজা ভােজে এষাৰাে মাত নামাতি সেই স্থান ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment