Saturday, April 18, 2026
0 Shares

সাধু-28. শশীকলা

সাধু-28. শশীকলা

এইবাৰাে ৰজা একে বাধাৰ সন্মুখিন হ’ল। শশীকলা নামৰ অন্য এগৰাকী পুতলাই ৰাজ সিংহাসনৰ পৰা জীৱন্ত হৈ ৰজাক ক'লে, হে ৰাজন, সিংহাসনত বহাৰ আগতে অন্য এটা কাহিনী শুনক। এইবুলি কৈ পুতলাটোই এটা নতুন কাহিনী আৰম্ভ কৰিলে—

এবাৰ ৰজা বিক্রমাদিত্যই দেশ-বিদেশ ভ্রমি এঠাইত আহি ৰ’ল। সেই ঠাইতে এটা মনােৰাম মন্দিৰ আছিল। মন্দিৰটোৰ কাষতে এটা নদীও আছিল। ৰজাই নদীত স্নান কৰি আহি মন্দিৰ দৰ্শন কৰি ভক্তিচিত্তে প্রণাম জনাই মন্দিৰত বহিল।

ঠিক একে খিনি সময়তে চাৰিজন বিদেশী লােক আহি তেওঁৰ কাষত বহিল আৰু আলােচনাত ব্যস্ত হ'ল। ৰজাই আলােচনাৰ মাজতে সিহতৰ পৰিচয় সুধিলে। এজনে ক'লে, আমি এখন অপূর্ব দেশৰ পৰা আহিছোঁ। ৰজাই সুধিলে, সেই দেশত কি কি অপূর্বতা আছে? বিদেশী লােকজনে ক'লে, সেই দেশত বেতালপুৰী নামৰ এখন নগৰ আছে। তাত শােণিত প্রিয়া নামৰ এগৰাকী দেৱী আছে। সেই নগৰৰ ৰজা, প্ৰজাই নগৰৰ সুখ-শান্তিৰ বাবে দেৱীৰ ওচৰত বলি দিয়ে। পূজাৰ দিনবােৰত যদি তাত কোনাে বিদেশী লােক উপস্থিত হয়, তেতিয়া সেই বিদেশী লােকজনকো দেৱীৰ ওচৰত বলি দিছিল। আমিও তাৰ পৰা কিবাকৈ প্রাণ লৈ পলাইছাে। এই কথা শুনি ৰজা বিক্রমাদিত্যই সেই নগৰত উপস্থিত হয় আৰু শােণিত প্রিয়া দেৱীৰ মন্দিৰত উপস্থিত হৈ দেৱীক প্রণাম জনাই প্রার্থনা কৰিবলৈ ধৰে। প্রার্থনাৰ অন্তত ৰজা মণ্ডপত বহিল।

সেই সময়তে নানা বাদ্য বজাই মন্দিৰলৈ এজন ভয়ার্ত ব্যক্তিক লৈ অনা হয়। ৰজাই বুজিলে যে এইজন মানুহক বলি দিবলৈ আনিছে। তেওঁ থিৰাং কৰিলে যে শৰীৰ দান কৰি হ'লেও মানুহ জনক মুক্ত কৰিব লাগিব। ৰজাই প্ৰধান জনক সুধিলে, হে মহাশয়, এই ব্যক্তিজনক কিয় বান্ধি আনিছে?

মানুহজনে ক'লে, এওঁক আমি দেৱীৰ ওচৰত বলি দিম।

ৰজাই ক'লে, এওঁক এৰি দিয়ক। মােৰ দেহ এওঁতকৈ বেছি হৃষ্ট-পুষ্ট। মােৰ বলি দেৱীয়ে গ্রহণ কৰিব। মােৰ শােণিতৰ দ্বাৰাহে দেৱী তুষ্ট হ'ব। মােকে বলি দিয়ক। ৰজাই মানুহ জনক বান্ধোন খুলি দি নিজে বলিশাললৈ আগবাঢ়িল। তৎমুহূৰ্তত দেৱী আবিৰ্ভাৱ হৈ ৰজাৰ হাতত ধৰি ক'লে, হে মহাসত্ত্ব, তােমাৰ পৰােপকাৰিতা গুণে মােক মােহিত কৰিছে। তােমাক কি বৰ লাগে কোৱা।

ৰজাই ক'লে, আজিৰ পৰা আপুনি নৰবলি গ্ৰহণ নকৰাে বুলি বচন দিয়ক। তাকেই হ’ব, বুলি কৈ দেৱী অদৃশ্য হৈ গ'ল। তাৰ পিছত ৰজাই, বিদায় লাগিলে।

কাহিনীৰ অন্তত পুতলাটোৱে ৰজাভােজক একে খিনি প্রশ্ন কৰাত ৰজা ভােজে মৌনভাবে সেই স্থান ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment