Saturday, April 18, 2026
0 Shares

সাধু-3. সুপ্রভা

সাধু-3. সুপ্রভা

তৃতীয় দিনাও একেই ঘটনা ঘটিল। ৰজাই যেতিয়া সিংহাসনত বহিবলৈ ভৰিখন আগবঢ়ালে, তেতিয়া ভৰিখন তৃতীয় গৰাকী পুতলাৰ মূৰত পৰিল। পুতলাগৰাকীৰ নাম আছিল সুপ্রভা। সুপ্রভা জীৱন্ত হ’ল আৰু ৰজাৰ কার্যত বাধা দি ক'লে, “হে মহাৰাজ, আপুনি এতিয়াও ৰজা বিক্রমাদিত্যৰ গুণ লাভ কৰিবলৈ সক্ষম হােৱা নাই৷ ৰজা বিক্রমাদিত্যৰ মনত আপােন-পৰ ভাব নাছিল। তেওঁৰ দৃষ্টিত সকলাে সমান। আপুনি যদি তেনে গুণৰ অধিপতি হােৱা যেন ভাবিছে, তেতিয়া হ'লে সিংহাসন আৰােহণ কৰক।

ভােজৰজাই পুতলাটোক কথাষাৰ খুলি ক'বলৈ কোৱাত পুতলাটোৱে এই দৰে বৰ্ণনা কৰিলে, “শুনা ৰাজন, ধৈর্য, সাহস, দান, উদ্যমত বিক্রমাদিত্যৰ সমকক্ষ কোনাে নাছিল। যাৰ মনত আপােন-পৰ ভাৱ নাথাকে, তেৱেঁই ব্রহ্মাণ্ড শাসনৰ যােগ্য। দেৱতা সকলেও সেই কাৰণতে বিক্রমাদিত্যৰ প্ৰতি আছিল সহানুভূতিশীল।

ৰজাৰ মনত এদিন ভাব হ’ল জলাশয়ৰ যি পানীৰ ভাণ্ডাৰ সেয়া ৰাইজৰ বাবে। ঠিক একেদৰে উপার্জিত অর্থ লােকৰ হিতৰ বাবে। খৰচ নকৰা ধন মূল্যহীন কাগজৰ দৰে। কাৰণ মানৱ জীৱন ক্ষন্তেকীয়া।

এই ধৰণৰ চিন্তা-চৰ্চা কৰি ৰজাই এটা যজ্ঞ কৰাৰ কথা ভাবি সকলাে প্রস্তুতি সম্পূর্ণ কৰি সকলােকে যজ্ঞলৈ নিমন্ত্রণ কৰিলে। এই নিমন্ত্ৰণৰ তালিকাত আছিল, মুনি, দেৱতা, যক্ষ আদি সকলাে। ৰজা বিক্রমাদিত্যৰ নির্দেশ পালন কৰি এজন ব্রাহ্মণে সমুদ্রক নিমন্ত্রণ কৰিবলৈ সমুদ্রৰ তীৰত উপস্থিত হৈ ক'লে যে ৰজাই এতিয়া ৰাজকার্য পালনত ব্যস্ত। গতিকে ব্রাহ্মণৰ নিমন্ত্রণ ৰক্ষা কৰি তেওঁ যেন ৰজাৰ যজ্ঞত উপস্থিত থাকে। ব্রাহ্মণে সাগৰক এই নিমন্ত্রণী শৰাই আগবঢ়োৱাৰ পিছত পুস্পাঞ্জলিও অৰ্পণ কৰিলে। ব্রাহ্মণৰ নিমন্ত্রণ আৰু পূস্পার্ঘৰ মাজতে সাগৰ দেৱতা এজন সাধুৰ বেশেৰে আহি ব্রাহ্মণক ক'লে, “দূৰত থাকিলেও বিক্রমাদিত্য মােৰ বন্ধু। বন্ধুৰ নিমন্ত্রণ ৰক্ষা কৰাটো মহান দায়িত্বৰ ভিতৰত পৰে যদিও মােৰ ব্যস্ততাই মােক যাব নিদিয়ে। তথাপি বন্ধুৰ উদ্দেশ্যে মই চাৰিটা অমূল্য ৰত্ন পঠিয়ালাে। প্রথমটোৱে ধন, দ্বিতীয়তে খাদ্যদ্রব্য, তৃতীয়টোৱে ঘোঁৰা আৰু সৈন্য আৰু চতুর্থটোৱে অলংকাৰ যােগান ধৰিব। আশা থাকিল, ৰজাই এই কেইটাক উপহাৰ স্বৰূপে গ্রহণ কৰিব।”

ইতিমধ্যে বিক্রমাদিত্য ৰজাৰ যজ্ঞ শেষ হৈছিল। যজ্ঞত উপস্থিত সকলােকে দান-দক্ষিণা দিওতে ৰজাৰ সকলাে শেষ হৈছিল। সমুদ্র-দেৱতাৰ পৰা পােৱা চাৰিটা মহামূল্যবান উপহাৰে তেওঁৰ বাবে সম্বল আছিল। গতিকে সেই চাৰিটাৰ পৰা যি কোনাে এটা ল’বলৈ ব্রাহ্মণক অনুৰােধ কৰি ৰজাই পৰামৰ্শ আগবঢ়ালে। ব্রাহ্মণে কিন্তু নিজে একো থিৰাং কৰিব নােৱাৰিলে। তেওঁ ৰজাক কলে যে মহাৰাজে যদি অনুমতি দিয়ে তেওঁ ঘৰত গৈ সেই বিষয়ে কিছু জানি আহিব বিচাৰে।

পিছত ব্রাহ্মণে ৰজাৰ অনুমতি লৈ ঘৰলৈ গ'ল আৰু ঘৰত ঘৈণীয়েকক সেই বিষয়ে জনােৱাত ঘৈণীয়েকে তেওঁক খাদ্য দ্রব্যকে ল’বলৈ পৰামর্শ আগবঢ়ালে। তেওঁ যুক্তি দিলে যে খাদ্য অবিহনে জীৱজগতৰ সকলাে শূন্য। কাৰণ খাদ্যৰ লগত দেহ আৰু দেহৰ লগত বেহা জড়িত। ব্রাহ্মণৰ পুত্ৰই তেওঁক ঘোঁৰা আৰু সৈন্যলাভৰ ৰত্নটো ল’বলৈ পৰামর্শ দিলে। ব্রাহ্মণৰ বােৱাৰীয়েকে অলংকাৰ লাভৰ আশা কৰিলে।

সদৌ শেষত ব্রাহ্মণে পৰিয়ালত ধনৰ গুৰুত্ব কিমান বুজালে আৰু ধনলাভৰ ৰত্নটোৰ কথা ক'লে। পৰিয়ালত কোনাে থিৰাং নােহােৱাত ব্রাহ্মণে ৰাজসভাত আহি পৰিয়ালৰ মনৰ কথাবােৰ খুলি কোৱাত ৰজাই সমুদ্রই দিয়া সকলাে ৰত্নকে প্রদান কৰিলে।

একান্তমনে কাহিনী শুনি থকা ভােজ ৰজাক পুতলাটোৱে দানৰ মহত্বৰ বিষয়ে ক’লে। লগতে এই কথাও কলে যে সকলাে মানুহৰ দাতব্য গুণটো নাথাকে। ই এক প্রাকৃতিক গুণ। ইচ্ছা কৰিলেও মানুহ দাতা হ’ব নােৱাৰে। শেষত পুতলাটোৱে ৰজাক ক’লে, “আপুনি যদি ভাবিছে যে আপুনিও ৰজা বিক্রমাদিত্যৰ দৰে দাতা, তেতিয়া হ'লে সিংহাসনত বহক।

ৰজা ভােজে মনৰ ভিতৰতে লাজ অনুভৱ কৰি আঁতৰি গ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment