Saturday, April 18, 2026
0 Shares

সাধু-5. সুদতী

সাধু-5. সুদতী

পঞ্চমদিনা পুনৰ ৰজা ভােজে সিংহাসন আৰােহন কৰিবৰ উদ্দেশ্যে খােজ দিওতে সুদতী নামৰ পুতলাটোৰ দেহত চৰণ স্পর্শ হ’ল। লগে-লগে পুতলাটো জীৱন্ত হৈ উঠি ৰজাক তেনে কাৰ্যৰ পৰা আঁতৰাই ক'লে “হে মহাৰাজ, সিংহাসনত বহাৰ পূর্বে আপুনি এটা কাহিনী শুনক।”

বিশ্ববিখ্যাত বিক্রমাদিত্যৰ ৰাজত্ব কালত এগৰাকী সদাগৰ এদিন ৰাজসভালৈ আহি ৰজাক এটা মহামূল্যৱান ৰত্ন উপহাৰ দিলে। ৰজাই সেই ৰত্নটো আচল নে নকল জানিবলৈ অভিজ্ঞ ব্যক্তিক মাতি আনি ক'লে, “এই ৰত্নটো কি আৰু কেনেকুৱা ? মােক জনাওক।”

ৰত্ন বিশেষজ্ঞজনে পৰীক্ষা কৰি ৰজাক ক'লে, “এইটো এটা মহামূল্যবান ৰত্ন। ইয়াৰ সঠিক মূল্য জনা টান। গতিকে সঠিক মূল্য নজনাকৈ ৰাখিলে ভুল কৰা হ'ব। তথাপি ৰজাই সদাগৰ জনক ভালেমান উপহাৰ দি ৰত্নটোৰ বিষয়ে সদাগৰজনৰ মুখৰ পৰা জানিব বিচাৰিলে।

তেতিয়া সদাগৰজনে ক'লে, “মহাৰাজ, এইটো এটা মহামূল্যবান ৰত্ন।” এইধৰণৰ ৰত্ন এইটোৰ বাহিৰে দ্বিতীয় এটা মােৰ ঘৰত নাই। অৱশ্যে অন্য ৰত্ন দহটা এতিয়াও ঘৰত আছে। যদি বিচাৰে সঠিক মূল্য দি কিনিব পাৰে। ৰজাৰ আদেশ পােৱাৰ পিছত সেই ৰত্ন কেইটাৰাে পৰীক্ষা হ’ল। ৰত্নবিশেষজ্ঞজনে মূল্য সম্পর্কে ক'লে যে এই ৰত্নৰ মূল্য ছয় কৌটি সােণৰ মুদ্ৰা হ'ব।।

ৰজাই সেই পৰিমানৰ মুদ্ৰা দি এজন বিশ্বাসী ভৃত্যক সদাগৰৰ ওচৰলৈ পঠিয়াই দিলে। পঠাবৰ সময়ত ৰজাই ক'লে যে আঠদিনৰ ভিতৰত ৰত্নসহ ঘূৰি আহিব পাৰিলে পুৰস্কৃত কৰা হ'ব।

ৰজাৰ সেই ভৃত্যজনে ক'লে, “আঠদিনৰ ভিতৰতে মই ঘূৰি আহিম। আহিব নােৱাৰিলে মােক উপযুক্ত শাস্তি দিব।”

ইয়াৰ পিছত ব্যক্তিজন সদাগৰৰ সৈতে ৰাওনা হ’ল। ব্যক্তিজনে সদাগৰৰ পৰা দহটা ৰত্নলৈ ওভতাৰ পথত ধাৰাসাৰ বৰষুণ হৈ নদ-নদীবােৰ উপচি পৰিল আৰু ৰজাৰ মানুহজন বিপদত পৰি এজন নাৱৰীয়াক নৈখন পাৰ কৰি দিবলৈ ক'লে। নাৱৰীয়াই ক'লে, এয়া অসম্ভৱ। কাৰণ পূর্ণ নদীৰ সোঁত, ৰজাৰ আদৰ, বণিকৰ স্নেহ, নাৰীৰ চৰিত্র বিশ্বাসত ল’ব নালাগে।

ব্যক্তিজনে ক'লে, “তােমাৰ কথাত যুক্তি আছে যদিও এতিয়া মােৰ যুক্তি শুনাৰ সময় নহয়। কাৰণ মই এটা গুৰু দায়িত্ব লৈ ইয়াত আহিছাে। তেতিয়া নাৱৰীয়াজনে সেই গুৰু দায়িত্বনো কি জানিব বিচাৰিলে। ব্যক্তিজনে ক'লে, “মােৰ হাতত দহটা মূল্যবান ৰত্ন আছে। এই কেইটা সঠিক সময়ত ৰজাক দিব নােৱাৰিলে ৰজাই মােক মৃত্যু দণ্ড দিব।

নাৱৰীয়াজনৰ লােভ জন্মিল। সি কলে, “মই তােমাক নৈখন পাৰ কৰাই দিম; কিন্তু বিনিময়ত তুমি দহটা ৰত্নৰ পাঁচটা মােক দিব লাগিব।

পিছত উপায়হীন ব্যক্তিজনে পাঁচটা ৰত্ন নাৱৰীয়াক দিয়াত সি নৈখন পাৰ কৰি দিলে।

যথা সময়ত ব্যক্তিজনে ৰজাক ৰত্ন পাঁচটা হাতত তুলি দিলে। মাত্র পাঁচটা ৰত্ন দেখি ৰজাই বাকী পাঁচটা ক’ত জানিব বিচাৰিলে।

মানুহজনে প্রকৃত কথাখিনি বিৱৰি ক'লে। ৰজাই মানুহজনৰ কি যােগ্যতা দেখি আচৰিত মানিলে আৰু গােটেই পাঁচটা ৰত্ন তেওঁকে উপহাৰ স্বৰূপে দি দিলে।

কাহিনীৰ অন্তত পুতলাটোৱে ৰজাক ক’লে, “এনে উদাৰতা গুণ আপুনি যদি নিজৰ থকা বুলি ভাবে তেতিয়া হ'লে সিংহাসনত বহক।

ৰজা ভােজে মৌন হৈ সেই স্থান ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment