Saturday, April 18, 2026
0 Shares

সাধু-6. অনংগনয়না

সাধু-6. অনংগনয়না

ষষ্ঠদিনা ৰজা ভােজে যেতিয়া সিংহাসনত বহিবলৈ আগবাঢ়িছিল সেই দিনাও ৰজাৰ ভৰিৰ স্পৰ্শত ষষ্ঠ পুতলাৰূপী অনংগনয়না নামৰ গন্ধর্ব কন্যাই মাত লগালে, “হে মহাৰাজ” আপুনি এতিয়াও ৰজা বিক্রমাদিত্যৰ সমকক্ষ হােৱা নাই। এতিয়া আৰু এটা তেওঁৰ বিষয়ে কাহিনী শুনক। যদিও আপুনি তেওঁৰ দৰে সমকক্ষ বুলি ভাবিছে তেন্তে সিংহাসনত বহিব পাৰে।”

ৰজা ভােজে আগ্রহ প্রকাশ কৰাত পুতলাটোই কাহিনীটো আৰম্ভ কৰিলে—

এবাৰ ৰজা বিক্রমাদিত্যই বসন্ত কালত পত্নীৰ সৈতে বনলৈ যাত্রা কৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বনৰ মাজত কিছুদিন ৰং-ধেমালি কৰি সময় অতিবাহিত কৰিব। তেওঁ প্ৰৱেশ কৰা বনখন আছিল অনেক সৰু ডাঙৰ তৰু, তৃণ, গছ, লতিকাৰ সংগমস্থলী। আনহাতে তাতেই আছিল এটি সুন্দৰ খেলঘৰ। উক্ত ঘৰৰ প্রাঙ্গন আছিল মূল্যবান চন্দ্রকান্ত শিলেৰে নির্মিত। তদুপৰি বেৰ আৰু মজিয়াবােৰাে আছিল মূল্যবান ৰত্ন আৰু মুক্তাৰে খচিত। গােটেই ঠাইখন আচৰিত ধৰনেৰে সুগন্ধৰে ভৰি আছিল।

বনৰ মাজত এটি চণ্ডিকাদেৱীৰ মন্দিৰ আছিল। উক্ত মন্দিৰত এগৰাকী ব্রহ্মচাৰী বাস কৰিছিল। ব্রহ্মচাৰীজনে ৰজা-ৰাণীক দেখি তেওঁৰাে সংসাৰলৈ মােহ জন্মিল। তেৱো ৰজাৰ পৰা মাটি এডােখৰ বিচাৰি বিয়া-বাৰু কৰাই সংসাৰি হ’ব বিচাৰিলে।

ইয়াৰ পিছত ব্রহ্মচাৰীয়ে ৰজাৰ ওচৰ চাপি ৰজাক আশীর্বাদ দিলে। ৰজাইও যথাসাধ্যে সন্মান জনাই ব্রহ্মচাৰীজনক তেওঁৰ অৱস্থিতি সম্পর্কে জানিব বিচাৰি সুধিলে, “হে ব্রহ্মচাৰী, আপুনি ক'ৰ পৰা আহিছে?

ব্রহ্মচাৰীজনে ক'লে, হে মহাৰাজ, মই উক্ত বনৰ মাজত অৱস্থিত মা জগদম্বা চণ্ডিকাৰ মন্দিৰ পূজা কৰি আছো।  প্রায় পঞ্চাছ বছৰ ধৰি মই পূজা আগবঢ়াই আছোঁ। মই ইয়াত ব্রহ্মচাৰী ব্রত পালন কৰিয়েই আহিছাে। আজি শেষ নিশা দেৱী উপস্থিত হৈ মােক কলে, তােমাৰ এতিয়া গার্হস্থ্য ধর্ম পালন কৰা সময়। ইয়াৰ অন্যথা অন্য কোনাে পথ নাই। কাৰণ ইয়ে তােমাৰ মােক্ষ লাভত সহায় কৰিব। তুমি ৰজা বিক্রমাদিত্যৰ ওচৰলৈ গৈ তােমাৰ মনৰ ভাৱ ব্যক্ত কৰা, তেওঁ তােমাক উপায় দিব।

গুণী-জ্ঞানী ৰজাই ব্রহ্মচাৰীৰ উদ্দেশ্য বুজিছিল। তেওঁ বুজিছিল যে এয়া ব্রহ্মচাৰীৰ মিছা কথা। তথাপি ভিক্ষা প্রার্থীক ইচ্ছা পূৰণ কৰা ৰজাৰ কৰ্ত্তব্য। কাৰণ ইয়ে অশ্বমেধ যজ্ঞৰ ফল লাভ কৰাত সহায় কৰে।

এই কথা চিন্তা কৰি ৰজাই বনৰ মাজত চণ্ডিকাপুৰ নামৰ এখন নগৰ নির্মাণ কৰি নগৰখনৰ দায়িত্ব ব্রহ্মচাৰীক অর্পণ কৰিলে। তাত তেওঁক এশ সুন্দৰী ৰমনী, পঞ্চাছটা হাড়ী, পাঁচশ ঘোঁৰা, চাৰিহাজাৰ সৈনিক দিলে। ব্রহ্মচাৰী সন্তুষ্ট হৈ ৰজাক বহুত আশীর্বাদ দিলে।

কাহিনীৰ অন্তত পুতলাটোৱে ৰজা ভােজক ক'লে, “হে মহাৰাজ, আপােনাৰ মাজত যদি বিক্রমাদিত্যৰ এই মহানতা আছে, তেন্তে সিংহাসনত বহক।

ৰজাই মৌন হৈ সেই ঠাই এৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment