Saturday, April 18, 2026
0 Shares

সাধু-8. লাৱণ্যৱতী

সাধু-8. লাৱণ্যৱতী

অলৌকিক সিংহাসনৰ লােভে পুনৰ ৰজাক সিংহাসনৰ ওচৰলৈ টানি আনিছিল। সিংহাসনত বহিবৰ আয়ােজন কৰাৰ লগে-লগে পুনৰ আঠ নম্বৰ পুতলা লাৱণ্যৱতী ৰজা ভােজক ক'লে, হে ৰাজন, সিংহাসন আৰােহণ কৰাৰ পূর্বে অন্য এটা কাহিনী শুনক।

ৰজা বিক্রমাদিত্যই প্রজাৰ সুখ-দুখ, অভাৱ-অভিযােগৰ বার্তা ৰাখিবলৈ। কিছুমান ‘চৰ’ নিয়ােগ কৰিছিল। সেই চৰ সকলে ডাঁৰৰ বাতৰি ডাৰে ৰজাক দি আছিল।

এবাৰ কেইজনমান চৰকেই আহি ৰজাক ক'লে, কাশীৰ ৰাজ্যত এজন ধনবান সাউদে লক্ষ্মীনাৰায়ণৰ শয়ন গৃহৰ বাবে এটা প্রকাণ্ড পুখুৰী খান্দি এতিয়া পানীৰ বাবে হাহাকাৰ কৰি আছে। বিফল মনােৰথ লৈ তেওঁ দীঘল দীঘল হুমুনিয়াহ কাঢ়িছে। সদাগৰৰ চিন্তাৰ মাজতে তেওঁ হঠাৎ দৈববাণী শুনিলে যে সদাগৰৰ সেই হতাশা সিদিনাই দূৰ হ’ব, যিদিনাই সেই পুখুৰীত কোনােবা বত্রিশ লক্ষণযুক্ত পুৰুষৰ ডিঙিৰ ৰক্ত পৰি পুখুৰীৰ পানী সিক্ত হ'ব। এই দৈৱবাণী শুনাৰ পিছত সদাগৰে ঘোষণা দিছে যে যিজনে তেওঁৰ ডিঙিৰ তেজেৰে পুখুৰীৰ মাটি সিক্ত কৰিব, তেওঁক ত্রিশ কলহ সােণৰ মুদ্রা দিয়া হ'ব।

এই ঘােষণাইও কোনাে এজনক আকর্ষিত কৰিব পৰা নাই। কাৰণ ডিঙিৰ তেজ দিবলৈ কোনেও সাহস নকৰে। চৰৰ মুখৰ কথাই ৰজাৰ মন সেই লক্ষী নাৰায়ণৰ মন্দিৰলৈ আকর্ষিত কৰিলে। তেওঁ তাত উপস্থিত হৈ নিজৰ স্বাৰ্থৰ কথা নাভাবি দেশ আৰু জনতাৰ কথা ভাবি ৰক্ত দিবলৈ সাজু হ’ল।

তেওঁ জলদেৱতাক ক'লে, “হে জলদেৱতা, তুমি বত্রিশ লক্ষণ যুক্ত পুৰুষ বুলি ভাবি মােৰ তেজেই গ্রহণ কৰা। এই বুলি কৈ হাতত খড়গ তুলি ল’লে। লগে-লগে দেৱী জগদম্বাই ৰজাৰ হাতত ধৰি বাধা দি ক'লে, তােমাৰ বীৰত্ব আৰু পৰােপকাৰ গুণত মই মুগ্ধ হৈছোঁ। কি বৰ লাগে কোৱা। ৰজা বিক্রমাদিত্যই ক'লে, “হে দেৱী, তুমি যদি সঁচাই মােৰ ওপৰত সুপ্রসন্ন হৈছা তেতিয়া হলে পুখুৰীটো পানীৰে ওপচাই দিয়া। দেৱীয়ে ক'লে, “তােমাৰ মতেই হ’ব।”

কাহিনীৰ অন্তত লাৱণ্যৱতী নামৰ পুতলাটোৱে ৰজা ভােজক ক’লে, হে ৰাজন, বিক্রমাদিত্যৰ দৰে তুমি ইমান পৰােপকাৰি হ’ব পাৰিছানে? যদি পাৰিছা সিংহাসনত বহা।

ৰজা ভােজে কোনাে উত্তৰ নিদি সেই ঠাই ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment