Wednesday, April 15, 2026
0 Shares

হৰি নামৰ মহিমা

একালত কান্যকুজ নামৰ ঠাইত অজামিল নামৰ এজন সদাচাৰী ব্রাহ্মণে বাস কৰিছিল। অজামিল সৰুৰেপৰা গুণী-জ্ঞানী আৰু সৎ চৰিত্ৰৱান আছিল। সময় বৰ নিষ্ঠুৰ। এদিন এখন অৰণ্যৰ মাজেৰে আহি থাকোঁতে তেওঁ হাবিৰ মাজত অকলশৰীয়া অৱস্থাত এগৰাকী দাসীৰ মুখামুখি হয়। পিছত অজামিলে দাসীৰ অন্ধ প্ৰেমত পৰি নিজৰ সকলাে নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ ত্যাগ কৰে। এনেদৰে সদায় দাসীৰ আশ্ৰয়ত থাকোতে থাকোতে তেওঁৰ সকলাে সদাচাৰ নষ্ট হৈ যায়। পিছৰ কালত তেওঁ এটা নষ্ট চৰিত্ৰ লৈ জীৱন অতিবাহিত কৰিব লগা হয়। তেওঁ নানান পাপ কর্মত প্রবৃত্ত হৈ পৰে আৰু হত্যা-হিংসা তেওঁৰ বাবে সহজসাধ্য হৈ পৰে। সময়ৰ লগে লগে অজামিল দহজন পুত্ৰৰ পিতৃ হয়। এই দহজন পুত্ৰৰ সৰুজনৰ নাম আছিল নাৰায়ণ নাৰায়ণ হ’ল হৰিৰ এটা নাম। অজামিলে নাৰায়ণক প্রাণতকৈও ভাল পাইছিল। তেওঁ যিকোনাে কথা সৰু পুতেক নাৰায়ণৰ লগত বন্ধুৰ দৰে আলােচনা কৰিছিল। লগতে তেওঁ সৰু পুতেকক বিপদৰ বন্ধু জ্ঞান কৰিছিল। এইজন অজামিলে তেওঁৰ পৰিয়ালটো পােহপাল দিবলৈ অহর্নিশে পাপ কামত নিজকে নিয়ােগ কৰিবলৈ অভ্যস্ত হৈ পৰে। হত্যা-হিংসা, ঠগ-প্ৰৱঞ্চনাৰ লগতে দিন-ৰাতি সমানভাৱে ডকাইতি কার্যত প্রবৃত্ত হৈ পৰে। এনেদৰে অন্যায়-অধর্মত প্রবৃত্ত হৈ পৰা অজামিলৰ পাপৰ কলহ ভৰি পৰে। আমি কেতিয়াও কর্মফলৰ পৰা পৰিত্ৰাণ নাপাওঁ। পাপ কামৰ পৰিণাম সদায় ভয়াৱহ। অজামিলৰ ক্ষেত্ৰতাে একেই দশা হ’ল। পাপী অজামিলৰ দেহত নানা অপায়-অথন্তৰে দেখা দিলে। মৃত্যু যন্ত্রণাত তেওঁ অস্থিৰ অশান্ত হৈ পৰে। জীৱনৰ অন্তিম অৱস্থাত এনে দুর্গতি হ’ব বুলি তেওঁ কল্পনাও কৰা নাছিল। তেনেকুৱা এক নিষ্ঠুৰ অৱস্থাত হঠাৎ এদিন বিছনাৰ কাষত যমদূতক দেখি অজামিল ত্ৰস্তমান হৈ পৰে আৰু মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ কনিষ্ঠ পুত্ৰক ‘নাৰায়ণ’, ‘নাৰায়ণ’ বুলি চিঞৰিবলৈ ধৰিলে। পুত্ৰৰ নাম উচ্চাৰণৰ মাজেদি হলেও এইদৰে হৰি নাম লােৱা কাৰণে বিষ্ণুদূত আহি তেওঁৰ কাষত উপস্থিত হ’ল। অজামিলৰ তেতিয়া ইহজন্মৰ কৃতকৰ্মৰ প্রতি অনুশােচনা আহে আৰু গঙ্গাৰ তীৰত গৈ যােগাসন কৰি একাগ্রভাৱে তেওঁৰ চিত্ত পৰম ব্রহ্মত বিলীন কৰে। পিছত বিষ্ণু দূতে তেওঁক বিষ্ণু লােকলৈ লৈ যায়। সঁচাই হৰি নামৰ মহিমা অপাৰ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment