Wednesday, April 15, 2026
0 Shares

ৰজা অম্বৰীশ

হাজাৰ বছৰ আগৰ ঘটনা। আমাৰ দেশ ভাৰবৰ্ষৰ কোনাে এখন ৰাজ্যত অম্বৰীশনামে এজন ৰজা আছিল। তেওঁ বৰ ধার্মিক আৰু পৰােপকাৰী স্বভাৱৰ আছিল। সময়ে সময়ে তেওঁ বিভিন্ন ব্রত-উপাসনা আদি অতি ভক্তিভাৱে পালন কৰিছিল। এবাৰ তেওঁ ঈশ্বৰৰ আৰাধনাৰ বাবে দ্বাদশী পালন কৰিবলৈ একগ্রচিত্তে ব্ৰতত ব্ৰতি হৈছিল। ৰজা অম্বৰীশ সপ্তদ্বীপৰ ৰজা আছিল। তেওঁ ৰাজ্য, ধন সকলাে ঈশ্বৰৰ শ্ৰী-চৰণত অৰ্পণ কৰি একান্তভাৱে তিনি সন্ধ্যা গায়ত্রী মন্ত্র জপ আদিত ব্যস্ত হৈ পৰিছিল। তেওঁ সকলাে কার্য অনাহাৰে খুব কঠোৰভাৱে পালন কৰিছিল। তেওঁৰ এনে কৃষ্ণভক্তিত বিষ্ণুদেৱ অতিকৈ আনন্দিত হৈছিল। সেই কাৰণে তেওঁ তেওঁৰ সুদর্শন চক্রক অম্বৰীশ ৰজাৰ ৰাজ্য চলাবলৈ আদেশ দিছিল। সুদর্শন চক্রই অম্বৰীশ ৰজাৰ ৰাজ্যত সতর্ক প্ৰহৰীৰ দৰে নিজ কার্য সাধন কৰিছিল, যাতে কোনাে শত্ৰুৱে তেওঁৰ ৰাজ্য আক্রমণ কৰিব নােৱাৰে। ইফালে অম্বৰীশ ৰজাই দ্বাদশী পালন কৰা বুলি শুনি চাৰিওফালৰ পৰা ঋষি-মুনিসকলে অহা যােৱা কৰিব ধৰিলে। ৰজাৰ দ্বাদশী ব্রতৰে এবছৰ হ’বৰ হােৱাত এদিন ঋষি-মুনিসকলক তেওঁ ক'লে– “মােৰ দ্বাদশী ব্রতৰ আজি এবছৰ হ’ল; গতিকে মােৰ হবিচৰ সময় আপােনালােকে কওঁক।” তেতিয়া ঋষি-মুনিসকলে ক’লে— “মহাৰাজ, ঠিক সন্ধ্যা হােৱাৰ লগে লগে আপুনি হবিচ কৰিব লাগিব।” এতিয়া আকৌ সন্ধ্যা হ’বৰ বাবে দুইদ্বন্দ সময়হে আছে। গতিকে, ৰজাৰ হবিচৰ সময় নিচেই ওচৰত। এনেতে দুর্বাশা ঋষি আহি ৰজাক ক'লে—“মােৰ বৰ ভােক লাগিছে, গতিকে মােক খাবলৈ কিবা দিয়া।” তেতিয়া ৰজাই আচৰিত হৈ ঈশ্বৰৰ চিন্তা কৰি ঋষিক ক'লে—“আপুনি গা-ধুই আহক। মােৰ হবিচৰ সময় হৈছে, গতিকে আপুনি পলম নকৰি শীঘ্ৰে যাওঁক।” এই কথা শুনি ঋষি দুর্বাশাই গা-ধুবলৈ গুছি গ'ল। ইফালে সময় পাৰ হওঁ হওঁ। ঋষি তেতিয়াও নহাত ৰজা বৰ চিন্তাত পৰিল। তেওঁ মনতে ভাবিব ধৰিলে, এই হবিচ সময়ত নকৰিলে এবছৰে উপবাসে থাকি ঈশ্বৰক উপাসনা কৰা কষ্ট এনেয়ে যাব। তেতিয়া তেওঁ অন্যান্য ঋষি-মুনিসকলক সুধিলে –“মই এতিয়া কি কৰোঁ? সময়াে হাতত নাই। ইপিনে দুর্বাশাক এৰি খালেও মােক শাপি ভস্ম কৰিব আৰু নেখালেও মােৰ ইমান দিনৰ ব্ৰত এনেয়ে যাব।” তেতিয়া ঋষি-মুনিসকলে ক'লে –“তােমাৰ সময় হ’ল এচলু পানী মুখত দি হ'লেও তােমাৰ জীৱন সার্থক কৰা।” তেতিয়া ৰজাই এচলু পানী মুখত দিলে। ইফালে ৰজাই পানী খােৱা কথাটো জানি দুর্বাশাই খঙতে ক’ব ধৰিলে—“তই মােক গা ধুবলৈ কৈ মই আহি নেপাওঁতেই অতিথিক এৰি আগে আগে খাই উঠিলি। গতিকে, তােক আজি মই শাপি ভস্ম কৰিম।” দুর্বাশা ঋষিৰ খং দেখি অন্যান্য ঋষি-মুনিসকলে ভয়তে পেঁপুৱা লাগিল। এইবােৰ ঘটনা প্রত্যক্ষ কৰাৰ পিছত সুদর্শন চক্রই ভাবিব ধৰিলে যে দুর্বাশাই ৰজাক শাপ দিয়ক বা নিদিয়ক, তেওঁক কিন্তু এটা শিক্ষা দিবই লাগিব। এইবুলি সুদর্শন চক্রই দুর্বাশাৰ পিঠিত উঠি বখলা বখলিকৈ পেলাবলৈ সাজু হ’ল। সুদর্শন চক্ৰৰ এনে ৰুদ্রমূর্তি দুর্বাশাই আগতে দেখা নাছিল। ঋষিয়ে প্রাণৰ মমতাত দেদাউৰি পাৰি দৌৰিব ধৰিলে। ঋষি আগে-আগে, সুদর্শন চক্র পিছে পিছে। জিৰাব খুজিলেই সুদর্শন চক্রই ঋষিৰ গাত গৰম লগাই দিয়ে। দুর্বাশাই মৰিলোঁ, মৰিলোঁ” বুলি চিঞৰে আৰু দৌৰে। এনেদৰে দৌৰি-দৌৰি তেওঁ ব্রহ্মলােক পালে আৰু তাত ব্রহ্মাক লগ ধৰি তেওঁৰ শ্ৰীচৰণত দীঘল দি প্ৰণিপাত জনাই প্রাণভিক্ষা মাগিলে। তেতিয়া ব্রহ্মাই ক'লে– “তুমি ভক্ত দ্রোহত দণ্ডিত। এই চক্রপাত বিষ্ণুৱে তেওঁৰ ভক্তৰ ৰক্ষার্থে অৰ্পণ কৰিছে। এই চক্ৰপাতৰপৰা মই তােমাক ৰক্ষা কৰিব নােৱাৰিম।” এইবুলি কোৱাত দুর্বাশাই মহাদেৱৰ ওচৰলৈ দৌৰিলে। তাত গৈ তেওঁ মহাদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই ক’বলৈ ধৰিলে– “প্রভু, মােক বচাওক; নহ'লে এই সুদর্শন চক্রপাতে মােক শেষ কৰিব।” মহাদেৱে তেতিয়া ক'লে– “মই তােমাক ৰক্ষা কৰিব নােৱাৰিম। ইয়াৰ পৰা তােমাক একমাত্র ৰক্ষা কৰিব পাৰিব বিষ্ণুইহে; কাৰণ তুমি তেওঁৰ ভক্তক অনিষ্ট সাধনৰ বাবে কৰিছিলা। তুমি বিষ্ণুৰ তালৈকে যােৱা।” এই কথা শুনি দুর্বাশা ঋষিয়ে বিষ্ণুৰ ধাম বৈকুণ্ঠলৈ গতি কৰিলে। তেওঁ এই সমগ্র পথ মাত্র দৌৰি দৌৰিয়ে অতিক্ৰম কৰিছে। তাকো প্ৰাণৰ মমতা, সুদর্শন চক্ৰৰ পৰা ৰক্ষা পােৱাৰ নিমিত্তে। তেওঁ গােটেই বাট ভয়তে, “মৰিলোঁ মৰিলোঁ বুলি চিঞৰি চিঞৰি দৌৰি থাকিল। সুদৰ্শন চক্রপাতে কিন্তু মুনিক অকণাে জিৰণি নিদিলে, একো অনিষ্টও নকৰিলে। এটা সময়ত তেওঁ বৈকুণ্ঠ পালে আৰু তাত বিষ্ণুক দেখি ভৰিত সাৱটি ধৰি কান্দি কান্দি ক’বলৈ ধৰিলে– “প্রভু মােক ৰক্ষা কৰক; প্রভু মােক ৰক্ষা কৰক, নহ'লে সুদর্শন চক্রই মােৰ প্ৰাণ ল’ব। মােক ক্ষমা কৰি দিয়ক প্রভু, ক্ষমা কৰি দিয়ক।” তেতিয়া বিষ্ণুৱে ক'লে– “মই অম্বৰীশ ৰজাৰ নিৰাপত্তাৰ নিমিত্তে চক্রপাত দিছোঁ, মই তাক বুজাব নােৱাৰিম। তুমি গৈ অম্বৰীশ ৰজাৰ ওচৰত ক্ষমা খােজা, তেওঁহে তােমাক ৰক্ষা কৰিব পাৰিব। তােমাক এই বিপদৰ পৰা আন কোনেও ৰক্ষা কৰিব নােৱাৰে।” এই কথা শুনি দুর্বাশাই পুনৰ ৰজা অম্বৰীশৰ ঠাইলৈ ল’ৰ ধৰিলে। তাত গৈ তেওঁ অম্বৰীশ ৰজাৰ ওচৰত শৰণ ল'লে। তাৰ পিছত তেওঁ ক'বলৈ ধৰিলে–“মােক ক্ষমা কৰি দিয়ক। মই অজ্ঞ আৰু অজ্ঞানী। একমাত্র আপােনাৰ অনুগ্রহতহে মােৰ প্ৰাণ ৰক্ষা পাৰিব।” ৰজাই ঋষিক ক্ষমা কৰি দিলে আৰু চক্ৰপাতৰ সন্মুখত থিয় হৈ তুতি কৰিব ধৰিলে। ৰজাৰ ভক্তিত সন্তুষ্ট হৈ চক্রপাতে দুর্বাশা ঋষিক ক্ষমা কৰি নিজৰ আসনত বহি থাকিল। তাৰ পাছত অম্বৰীশ ৰজাই ঋষিক ক'লে– “ঋষিবৰ মােক ক্ষমা কৰিব। মােৰ কাৰণে আপুনি বহু কষ্ট খাব লগীয়া হ'ল।” ৰজাৰ এনে উদাৰতা দেখি ঋষি নিজে লজ্জিত হৈ ৰজাৰ ওচৰত ক্ষমা খুজি আঁতৰি গ'ল। তেওঁ মনে-মনে ভাবিলে,“ভক্তৰ প্রতি দ্রোহ আচৰণ কৰাৰ ফল আজি মই হাতে হাতে পালোঁ।”

সঁচাই ভক্তৰ অধিন ভগৱান। ভগৱানৰ দৃষ্টিত সকলাে সমান। যিয়ে তেওঁক ভাল পায়, ভক্তি কৰে তেওঁক ভগৱানে সকলাে সময়তে ৰক্ষা কৰে। সেই ঘটনা আমি ৰজা অম্বৰীশৰ কাহিনীৰ পৰাই জানিব পাৰোঁ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment