Saturday, April 18, 2026
0 Shares

ৰাজহাঁহ আৰু কাউৰী

বাটৰুৱা এটা এদিন বাটে বাটে গৈ। জিৰাইছিল গছৰ তলত ধনু-কাঁড় থৈ॥ ভাগৰ লাগি বাটৰুৱাৰ টোপনি আহিল। তিনিপৰীয়া ৰ’দ আহি মুখত পৰিল॥ গছৰ ওপৰত আছিল তাতে ৰাজহাঁহ এটি। ৰ’দ নপৰা কৰি তাৰ পাখিৰে ধৰিলে ছাতি॥ ছাঁ পাই মুখ মেলি নাক ঘোৰ্ঘোৰাই। মহাসুখে শুলে সেই বাটৰুৱা ভাই॥ আছিল সেই হাঁহৰ লগত কাউৰী দুষ্ট বৰ। মেলা মুখত ভৰ্চিছ দি উৰি মাৰিলে লৰ॥ টোপনি ভাগি বাটৰুৱাই ওপৰলৈ চাই। দেখা পালে ৰাজহাঁহ আৰু কোনো নাই॥ তাৰে এই কাম ভাবি লই কাঁড়-পাত। ধনুত লগাই মাৰি হাঁহ কৰিলে নিপাত॥

“দুর্জ্জনেৰে সৈতে তুমি নকৰিবা স্থিতি; কাউৰীৰ সৈতে থাকি হাঁহৰ চোৱা কেনে গতি॥"

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment