Saturday, April 18, 2026
0 Shares

আকবৰ আৰু এটুকুৰা কাপোৰ

আকবৰ আৰু এটুকুৰা কাপোৰ

এদিনাখন সম্রাট আকবৰে দুই হাত দীঘল আৰু দুই হাত বহল এটুকুৰা কাপােৰ দৰবাৰৰ সকলােকে দেখুৱাই কলে - মই ইয়াতে শুম আৰু এই কাপােৰ টুকুৰাৰে মােক ভৰিৰ পৰা মূৰলৈ ঢাকি দিব লাগিব। কোনাে অংশ নঢকাকৈ থাকিব নােৱাৰিব। অর্থাৎ এই কাপােৰ টুকুৰাৰেই মােৰ গােটেই দেহটো ঢাকিব লাগিব। যিজনে এই কাম কৰিব পাৰিব, সেইজনকে মই তিনিশ সােণৰ মােহৰ ইনাম দিম।”

বাদছাহৰ কথা শুনি দৰবাৰৰ সকলাে মৌন হৈ ৰ'ল। কিছুসময়ৰ পিছত এজনে সাহস কৰি ক'লে – “ইমান সৰু কাপােৰখনেৰে ভৰিৰ পৰা মূৰলৈ আপােনাৰ গােটেই দেহটো ঢাকা অসম্ভৱ। এই কাম কোনেও কৰিব নােৱাৰে। তেতিয়া দৰবাৰৰ বহুতেই সেই একেই কথা কলে।

তেনে সময়তে বীৰবলে হাঁহি হাঁহি ক'লে – “এই কাম মই কৰিব পাৰিম জাহাপনা।” বীৰবলৰ কথা শুনি দৰবাৰীসকলে হাঁহিবলৈ ধৰিলে। এজনে ক'লে – “যি কাম কোনেও কেতিয়াও কৰিব নােৱাৰে, সেই কাম বীৰবলে কেনেকৈ কৰিব?”

নিজ আসনৰ পৰা উঠি বীৰবলে কাপােৰৰ সৰু টুকুৰাটো ললে। আকবৰেও আসনৰ পৰা উঠি সমুখৰ দলিচাত ওপৰ মুৱাকৈ শুলে। আকবৰৰ ওচৰলৈ গৈ বীৰবলে আকবৰৰ দুয়ােখন ভৰি আঠুত ভাঁজ কৰি দিলে। তাৰপিছত আকবৰৰ মূৰটো আঠুৰ ওপৰলৈ ভাঁজ খুৱাই আনিলে। আকবৰ তেতিয়া ঘূৰণীয়া বলটোৰ দৰে হ’ল। বীৰবলে সেই অৱস্থাত আকবৰৰ গােলাকাৰ দেহটো সেই সৰু কাপােৰ টুকুৰাৰে অনায়েসে ঢাকি দি ক'লে – “বাদছাহ, আপােনাৰ ভৰিৰ পৰা মুৰলৈ ঢাকি দিলাে। সকলাে ঠিকে ঠাকে ঢকা হৈছেনে নাই সকলােৱে চাই লওঁক।”

দৰবাৰৰ সকলােৱে ক'লে – “হৈছে, হৈছে, বাদছাহক সম্পূর্ণ ঢাকা হৈছে।” আকবৰে বীৰবলৰ বুদ্ধিৰ তাৰিফ কৰিলে আৰু ঘােষণা কৰামতে তিনিশ মােহৰ ইনাম দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment