Saturday, April 18, 2026
0 Shares

বত্ৰিশ পুতলাৰ সাধু: পৰিচয়

বত্ৰিশ পুতলাৰ সাধু: পৰিচয়

ইয়াত উল্লেখিত পুতলাবােৰ, সিহঁত পূর্বতে গন্ধর্ব ৰজাৰ একাংশ ৰাজকুঁৱৰী আছিল। নৃত্য-গীতত সুনিপুণা এই গন্ধর্ব ৰাজকুঁৱৰীবােৰ বৰ ধুনীয়া আছিল। দেৱসমাজৰ নিয়মমতে এই গন্ধর্ববােৰ দেৱ-দেৱতাতকৈ তলৰ শ্ৰেণীৰ আৰু ইহঁত মানৱ জাতিতকৈ উচ্চ। সময়ৰ গতিত এদিন দেৱৰাজ ইন্দ্রই গন্ধৰ্বৰাজৰ অতিথি হৈছিল। ৰজা গন্ধর্বসেনে দেৱৰাজ ইন্দ্ৰক যথা সাধ্যে সন্তুষ্ট কৰিছিল আৰু তাৰেই অংশ হিচাপে ৰাজপ্রাসাদত নৃত্য-গীতৰাে ব্যৱস্থা কৰিছিল।

দেৱৰাজ ইন্দ্ৰ আছিল অহংকাৰী আৰু চঞ্চল স্বভাৱৰ। নৃত্যৰ মাজতে দেৱৰাজ ইন্দ্রই গন্ধৰ্বৰাজৰ বৰজীয়ৰী ইন্দ্রলেখাৰ ৰূপত মুগ্ধ হৈ বিয়া কৰাবলৈ মন মেলিলে। সমস্যা হ’ল, দেৱতা আৰু গন্ধৰ্বৰ মাজত বিয়া নিষেধ। সেই কাৰণে গন্ধৰ্বৰাজে সেই নিয়ম উলংঘা কৰিব নিবিচাৰিলে। এই কথাত দেৱৰাজ ইন্দ্রই অপমানবােধ কৰিলে আৰু বত্রিশগৰাকী গন্ধর্ব কন্যাক প্রাণহীন পুতলা হৈ থাকিবলৈ অভিশাপ দিলে। ৰজা গন্ধর্বসেনে এইটো কেতিয়াও আশা কৰা নাছিল। তেওঁ দেৱৰাজৰ ওচৰত কৰযােৰে ক্ষমা বিচাৰিলে। দেৱৰাজে গন্ধৰ্বৰাজৰ বিনতীত সন্তুষ্ট হৈ ক'লে যে সিহঁত এখন, বিখ্যাত ৰাজসিংহাসনৰ বত্রিশটা পুতলা ৰূপত থাকি শােভা বর্ধন কৰিব। এই বিখ্যাত ৰাজ সিংহাসনৰ উত্তৰাধিকাৰী হ’ব মহাৰাজ বিক্রমাদিত্য। পিছত যেতিয়া উত্তৰাধিকাৰী সূত্রে ভােজৰজা আহিব, তেতিয়াহে সিহঁত মুক্ত হৈ পুনৰ গন্ধর্ব ৰূপ লৈ স্বৰ্গলৈ উভতিব।

এই বত্রিশটা পুতলাৰ নাম হ’ল ক্রমে— মিত্রকেশী, প্ৰভাৱতী সুপ্রভা, ইন্দ্রসেনা, সুদতি, অনংগনয়না, কুৰংগনয়না, লাৱন্যৱতী, কাম কলিকা, চণ্ডিকা, বিদ্যাধৰী, প্রজ্ঞাৱতী, মনমােহিনী, বিদ্যাৱতী, নিৰুপমা, হৰিমধ্যা, মদনসুন্দৰী, বিলাস ৰসিকা, শৃংগাৰকলিকা, মন্মথ সঞ্জীৱনী, ৰতিলীলা, মদনৱতী, চিত্ৰৰেখা, সুৰত গহ্বৰা, প্রিয়দর্শনা, কামােন্মাদিনী, সুখসাগৰা, শশীকলা, চন্দ্ৰৰেখা, হংসগামিনী, কামৰসিকা, উন্মাদিনী।

এই সকল গন্ধর্বকন্যাই কিদৰে শাপমুক্তি লাভ কৰিলে তাৰেই প্রচেষ্টা স্বৰূপে সৃষ্টি হৈছে বত্রিশ পুতলাৰ সাধু।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment