Tuesday, March 17, 2026
0 Shares

সাধু-1. মিত্রকেশী

সাধু-1. মিত্রকেশী

মহাৰাজ ভােজে সিংহাসন আৰােহণ কৰাৰ উদ্দেশ্যে খােজ দিব ধৰােতে তেওঁৰ খােজগৈ প্রথম পুতলাটোৰ মুৰত পৰিল। ৰজাৰ চৰণৰ স্পৰ্শ পৰাৰ লগে-লগে সেই পুতলাটো জীৱন্ত হৈ উঠিল আৰু ৰজাক বাধা দিলে।

পুতলাটোই ৰজাক ক'লে, “মহাৰাজ, আপুনি ৰজা বিক্রমাদিত্যৰ দৰে গুণৱান হ'বলৈ এতিয়াও বাকী আছে। অ’ হয়, যদিহে আপুনি তেওঁৰ দৰে সাহসী, পৰাক্ৰমী, উদাৰ আদি হ’ব পাৰিছে, তেতিয়া হ'লে সিংহাসনত বহিব পাৰে।

এইবাৰ ৰজাভােজে পুতলাটোক ক'লে, “তুমি কেনেকৈ ভাবিলা যে মই এই গুণবােৰৰ অধিকাৰী নহওঁ। মই ভাবাে, এই গুণবােৰ মােৰ তাত আছে।

পুতলাটোৱে ক'লে, “নীতিশাস্ত্রই কয়, আপুনি দুর্জন। কাৰণ আপুনি নিজৰ গুণ নিজেই প্রশংসা কৰিছে। সৎলােকে নিজৰ গুণ আনে প্রশংসা কৰাটোহে বিচাৰে। আয়ু, ধন, মন্ত্র, দান, মান ইত্যাদি গােপনে ৰখা উচিত। নিজৰ গুণ আৰু পৰনিন্দা কীর্তন কৰাটো ভাল মানুহৰ লক্ষণ নহয়।” পুতলাটোৰ কথাই ৰজাৰ চকুমেল খুৱালে। তেওঁ বিস্ময় ভাবেৰে পুতলাটোক ক'লে, “তুমি উপযুক্ত কথাকেই কৈছা। মই সঁচাই সজ ব্যক্তি নহওঁ। কিন্তু যিজনৰ গুণানুকীৰ্ত্তন তুমি কৰিছা, যিজন এই সিংহাসনৰ গৰাকী আছিল, তুমি সেইজনৰ উদাৰতা সম্পর্কে মােক কোৱা।”

পুতলাটোৱে আৰম্ভ কৰিলে, “হে মহাৰাজ, এই সিংহাসনৰ অধিপতি গৰাকীজন হ’ল ৰজা বিক্রমাদিত্য। তেওঁ দয়াৰ সাগৰ। কোনেও তেওঁৰ ওচৰলৈ আহিলে বিমুখ হৈ যাব নালাগিছিল। সহায় বিচাৰি অহাজনক এহাজাৰ স্বর্ণমুদ্রা দি সহায় কৰিছিল। ভাল ব্যৱহাৰ কৰাজনক দিছিল দহহাজাৰ আৰু মহৎ ব্যক্তিক একলাখ আৰু যাৰ ওপৰত সন্তুষ্ট হয় তেওঁ এককৌটি সুবর্ণমুদ্রা দান দিছিল। আপােনাৰ যদি এনে উদাৰতাগুণ থকা বুলি ভাবিছে সিংহাসনত বহক।

পুতলাৰ কথাত ভােজৰজা থমকি ৰ'ল। কিছু সময় চিন্তা কৰি উভতি গ’ল। পুতলাটোৱে লগে লগে আগৰ ঠাইলৈ গুচি গ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment