Saturday, April 18, 2026
0 Shares

সাধু-2. প্রভাৱতী

সাধু-2. প্রভাৱতী

প্রথম দিনাৰ দৰে দ্বিতীয় দিনাও ভােজৰজাই সিংহাসন আৰােহণ কৰিবলৈ আহি ভৰি দিওতে দ্বিতীয় পুতলাটোৰ মূৰত ভৰি পৰিল। সেইবাৰাে দ্বিতীয় পুতলাটো জীৱন্ত হৈ উঠিল আৰু ৰজাক ক’লে, “হে মহাৰাজ সিংহাসন: আপােনাৰ সম্পত্তি নহয় যে ইচ্ছা কৰিলেই বহিব পাৰিব। মই জনাত এইখনৰ গৰাকী মহাৰাজ বিক্রমাদিত্য পৰম ধৈর্যশালী আছিল। যদি আপােনাৰাে তেনে ধৈর্য আছে সিংহাসনত বহক। ভােজৰজাই পুতলাটোক ক'লে, “ৰজা বিক্রমাদিত্যৰ ধৈর্যগুণ সম্পর্কে তােমাৰ মুখত শুনিব বিচাৰিছোঁ।

ভােজৰজাৰ আগ্ৰহত পুতলাই ৰজা বিক্রমাদিত্যৰ ধৈৰ্যৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে, হে মহাৰাজ, চিত্রকূট নামৰ পাহাৰৰ নামনিত এখন তপােবন, আছে। উক্ত তপােবনত এখন দেৱালয় আছে। সেই পাহাৰৰ পৰা এটা নির্মল জলধাৰা নামি আহিছে। সেই জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয়। যি তাত স্নান কৰে তেওঁ পূণ্যবান, সেই স্থানতে এজন ব্রাহ্মণ থাকে। তেওঁ বছৰ বছৰ ধৰি তাত হােম কুণ্ড সাজি আহুতি দি আহিছে। সেই কার্য কিমান বছৰ হ’ল, কোনেও নাজানে। হােম কুণ্ডৰ পৰা ওলােৱা ছাইৰ ওখ ওখ ঢিপ হৈ গৈছে। এই ধৰণৰ আচৰিত কার্য মই আজিলৈ ক’তাে দেখা নাই।

ৰজা বিক্রমাদিত্যৰ মনত কৌতূহল ওপজাত তেওঁ সেই ঠাইলৈ গ'ল। সেই আচৰিত ঠাইডােখৰ পােৱাৰ পিছত ৰজা আনন্দত অধীৰ হৈ পৰে। তেওঁৰ মুখৰ পৰা ওলাই গৈছিল যে উক্ত স্থানতে দেৱীৰ আগমন ঘটে। এনে স্থান দর্শন মানেই পূণ্য অর্জন। তেওঁ দেৱী ভাগৱতীক আৰধনা কৰিবৰ মনেৰে পাহাৰৰ পৰা নামি অহা জলস্রোতত স্নান কৰি ব্রাহ্মণজনৰ ওচৰলৈ গ'ল। তাত তেওঁ ব্রাহ্মণজনক সুধিলে, “হে পুজ্যবৰ, আপুনি ইয়াত কিমান বছৰ ধৰি যজ্ঞ কৰি আছে?”

ব্রাহ্মণ জনে উত্তৰত ক'লে, “হে মহাৰাজ, যি সময়ত সপ্তর্ষিমণ্ডল ৰেৱতী নক্ষত্ৰত আছিল সেই সময়ৰ পৰাই মই যজ্ঞ কৰিছাে। এতিয়া সপ্তর্ষিমণ্ডল অশ্বিনী নক্ষত্ৰত অৱস্থিত। এই কাৰ্যত মােৰ এশবছৰ পূৰ্ণ হৈ গৈছে কিন্তু এতিয়াও মই দেৱী সন্তুষ্ট কৰিব পৰা নাই।” ৰজা বিক্রমাদিত্যই এই বিস্ময়কৰ কথা শুনি দেৱীক স্মৰণ কৰি সেই হােম কুণ্ডত আহুতি দিলে। কিন্তু দেৱী তেতিয়াও প্রসন্ন নহ'ল। অৱশেষত বিক্রমাদিত্যই ক'লে, “ হে আই ভাগৱতী”, আজি মই মােৰ শিৰ তােমাৰ ওচৰত নিবেদন কৰিব ওলাইছোঁ। এই বুলি তেওঁ যেতিয়া নিজৰ ভিঙিত খড়গ বহুৱাবলৈ উদ্যত হ’ল সেই মুহুৰ্ততে দেৱীৰ আগমন ঘটিল আৰু তেওঁ বিক্রমাদিত্যৰ হাতত ধৰি ক'লে, “মই তােমাৰ ভক্তিত প্রসন্ন হৈছাে। তােমাক কি বৰ লাগে কোৱা ?”

ৰজা বিক্রমাদিত্যই কৰযােৰে ক'লে, “হে দেৱী, এই ব্রাহ্মণগৰাকীয়ে বহুবছৰ ধৰি তােমাৰ সেৱাত ব্ৰতী। অথচ তুমি তেওঁৰ প্রতি প্রসন্ন নহ’লা ? মই এনে কি কৰিলাে যে তুমি শীঘ্ৰে প্রসন্ন হ’লা?”

দেৱীয়ে ক'লে, এই ব্রাহ্মণৰ কৰ্মত কোনাে একাগ্রতা নাই। যাৰ বাবে এশবছৰ যজ্ঞ কৰিও ফল পােৱা নাই। শাস্ত্ৰত আছে, “আঙুলিৰ আগেৰে কৰা জপ নিৰর্থক। মন্ত্র, তীর্থ, দেৱতা, দৈৱ, গুৰু, ঔষধ— এই সকলােৰে ওপৰত যাৰ যেনে কামনা তেনেদৰেই সিদ্ধি হয়। চোৱা, কাঠ, মাটি, শিলৰ পুতলাত দেৱ-দেৱী বিচাৰি নাপায়। বিচাৰিলে পােৱা যায়, নিজৰ মনৰ মাজত। ৰজা বিক্রমাদিত্যই ক'লে, “হে আই, যদি আপুনি মােৰ ওপৰত সঁচাকৈ প্ৰসন্ন হৈছে, তেতিয়া হ'লে, এই ব্রাহ্মণৰ মনােবাঞ্ছা পূর্ণ কৰা।”

দেৱীয়ে নানা ভাষাৰে ৰজা বিক্রমাদিত্যক প্রশংসা কৰি ব্ৰাহ্মণৰ মনােবাঞ্ছা পূৰণ কৰিলে।

এইদৰে ব্ৰাহ্মণৰ মহৎ উপকাৰ সাধন কৰি ৰজাই নিজ ৰাজ্য অভিমুখে গতি কৰে।

এইখিনি কোৱাৰ পিছত দ্বিতীয় পুতলাগৰাকীয়ে ক'লে, তুমি যদি ৰজা বিক্রমাদিত্যৰ দৰে গুণৰ অধিকাৰী হ’ব পাৰিছা, সিংহাসনত বহা।'

ৰজাৰ মুখত উত্তৰ হেৰাল আৰু অহা বাটে উভতিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment