Saturday, April 18, 2026
0 Shares

উৎকোচৰ খেল

বিজয়নগৰৰ ৰজা কৃষ্ণদেৱ ৰয়ৰ ৰাজত শিল্পীসকলৰ যথেষ্ট সন্মান আছিল। তেওঁৰ দৰবাৰত সংগীতজ্ঞ, গীতিকাৰ, কবি আৰু নৃত্যশিল্পীৰে ভৰি আছিল। তেওঁলোক সকলোৱে দৰবাৰত তেওঁলোকৰ কলা প্ৰদৰ্শন কৰিছিল আৰু তাৰ বিনিময়ত পুৰস্কৃত হৈছিল। মহাৰাজে যিকোনো শিল্পীক কোনো পুৰস্কাৰ বা ধন দিয়াৰ আগতে তেনালীৰামৰ পৰামৰ্শ বিচাৰিছিল। তেওঁ জানিছিল যে তেনালিৰাম বুদ্ধিমানতো আছিলেই তাৰোপৰি তেওঁৰ কলাৰ ওপৰত ভাল জ্ঞানো আছিল।

তেনালিৰামে পোৱা এই সন্মানৰ বাবে বাকী সভাসদসকলে তেওঁক ঈৰ্ষাৰ চকুৰে চাইছিল। সভাসদসকলে বিচাৰিছিল যে ৰজাই তেনালিৰামক বিশ্বাস কৰা বন্ধ কৰক। এবাৰ তেনালিৰাম দৰবাৰলৈ আহিব নোৱাৰিলে। তেওঁৰ অনুপস্থিতিৰ সুযোগ লৈ সভাসদসকলে ৰজাক তেনালীৰামৰ বিৰুদ্ধে কথা লগাবলৈ ধৰিলে। তেওঁলোকে ৰজাক ক'লে, "মহাৰাজ তেনালীৰাম এজন অতি অসৎ ব্যক্তি। যিজন শিল্পীক বঁটা দিয়াব লাগে তেওঁ সেই শিল্পীজনৰ পৰা আগতে উৎকোচ লয়। সেয়েহে, আপুনি এই বিষয়ে তেওঁৰ পৰামৰ্শ লোৱা বন্ধ কৰক। যেতিয়া তেনালিৰাম চাৰি পাঁচ দিনলৈ দৰবাৰলৈ অহা নাছিল, সভাসদসকলে তেতিয়া ৰজাক একেই কথা আকৌ কৈছিল। সকলো সভাসদে বাৰে বাৰে এনেকৈ কোৱাৰ ফলত ৰজাৰো তেনালিৰামৰ ওপৰত সন্দেহ জন্মিল।

কেইদিনমানৰ পিছত, যেতিয়া তেনালিৰাম দৰবাৰত উপস্থিত হ'ল, তেওঁ মহাৰাজক অলপ উদাস যেন দেখা পালে। তেনালীৰামে লক্ষ্য কৰিলে যে মহাৰাজে এতিয়া কাৰোবাক বঁটা দিয়াৰ আগতে তেওঁৰ সৈতে পৰামৰ্শ কৰা বন্ধ কৰিছে। তেনালীৰামে এইটো দেখি বৰ দুখ পালে। তাৰ পিছত এদিন ৰজাৰ দৰবাৰত সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল। প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে তেনালিৰামে ক'লে, "এজন গায়কৰ বাহিৰে সকলোৱে পুৰস্কাৰ পোৱা উচিত", কিন্তু ৰজাই তেনালিৰামৰ কথাত কান নিদি বিপৰীত আচৰণ কৰিলে। তেওঁ সেই এজন গায়কক পুৰস্কৃত কৰি বাকী সকলোকে খালী হাতেৰেই ঘূৰাই পঠিয়ালে। তেনালিৰামৰ বাবে এইটো এটা অতি অপমানজনক কথা আছিল। তেনালীৰামৰ অপমান দেখি বাকী সকলো সভাসদ বৰ সুখী হ'ল।

কেইদিনমানৰ পিছত এজন অতি সুমধুৰ গায়ক তেওঁৰ কলা প্ৰদৰ্শন কৰিবলৈ দৰবাৰলৈ আহিল। ৰজাৰ নিৰ্দেশত তেওঁ গান গাবলৈ ধৰিলে। তেওঁৰ কণ্ঠ আৰু সুৰ অতি সুমধুৰ আছিল। সেইদিনা তেওঁ দৰবাৰত একাধিক গান গালে আৰু সমগ্ৰ ৰাজসভাক অভিভূত কৰিলে। যেতিয়া তেওঁৰ গান শেষ হ'ল, তেনালিৰামে গায়কজনক ক'লে, "তোমাৰ কণ্ঠ অতি মধুৰ আৰু মই মোৰ জীৱনত এনে গান কেতিয়াও শুনা নাই। এই প্ৰতিভাৰ বাবে তুমি ১৫,০০০ সোণৰ মুদ্ৰা নিশ্চয়কৈ পাব লাগে। "

তেনালিৰামৰ কথা শুনি মহাৰাজে ক'লে, "তোমাৰ কলা সঁচাকৈয়ে চমৎকাৰ, কিন্তু আমাৰ ৰাজকোষত এজন গায়কৰ বাবে ইমান টকা নাই, গতিকে আপুনি এতিয়া যাব পাৰে। গায়কজনে ৰজাৰ কথা শুনি বৰ হতাশ হ'ল আৰু তেওঁ বাদ্যযন্ত্ৰবোৰ সামৰি যাবলৈ ওলাল। প্ৰতিভাশালী গায়কজনৰ অৱস্থাৰ বাবে তেনালিৰামে বৰ দুখ অনুভৱ কৰিলে। তেওঁ গায়কজনক সভাসদ সকলৰ সন্মুখতে টোপোলা এটা দি দিলে। ইয়াকে দেখি সভাসদসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে। সকলোৱে একেলগে কৈ উঠিল যে যেতিয়া ৰজাই গায়কজনক একো নিদিলে, তেন্তে পুৰস্কাৰ দিবলৈ তেনালিৰাম কোন? তেনালীৰামৰ এই কাৰ্য্যত ৰজাৰো বহুত খং উঠিল। তেওঁ সৈনিকক গায়কজনৰ পৰা টোপোলাটো কাঢ়ি লৈ নিজৰ ওচৰলৈ আনিবলৈ আদেশ দিলে।

সৈনিকে টোপোলাটো লৈ ৰজাৰ ওচৰলৈ আহিল। যেতিয়া ৰজাই টোপোলাটো খুলিলে, তাত মাটিৰ পাত্ৰ এটা আছিল। মাটিৰ পাত্ৰ দেখি ৰজাই তেনালিৰামক সুধিলে যে কিয় তেওঁ এই পাত্ৰটো গায়কজনক দিব বিচাৰে। তেনালিৰামে ক'ল, "মহাৰাজ, এই দৰিদ্ৰ গায়কজনে পুৰস্কাৰতো লাভ কৰিব নোৱাৰিলেই, কিন্তু অন্ততঃ তেওঁ এই দৰবাৰৰ পৰা খালী হাতে উভতি নাযায়। তেওঁ এই মাটিৰ পাত্ৰটোত প্ৰশংসা আৰু সন্মান ভৰাই লৈ যাব। তেনালীৰামৰ মুখৰ পৰা এই উত্তৰ শুনি ৰজাই তেওঁৰ উদাৰতা আৰু সত্য জানিব পাৰিলে। তেওঁৰ খং নাইকিয়া হ'ল আৰু ৰজাই গায়কজনক ১৫,০০০ সোণৰ মুদ্ৰাৰে পুৰস্কৃত কৰিলে।

তেনালিৰামে এনেদৰে তেওঁৰ জ্ঞান আৰু সততাৰ জৰিয়তে ৰজাৰ বিশ্বাস ঘূৰাই পালে। আনহাতে, তেনালিৰামৰ বিৰোধীসকলে তলমূৰ কৰি থিয় হৈ থাকিল।

কাহিনীটোৰ পৰা নীতিশিক্ষা এই কাহিনীটোৱে আমাক শিকায় যে সত্য সদায় জয়ী হয় আৰু অৱশেষত সন্মানো পোৱা যায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories