Saturday, April 18, 2026
0 Shares

পানেশৈ

এখন গাঁৱত এজনী বুঢ়ী আছিল। তাইৰ এটা মৰমৰ ল’ৰা আছিল। ল’ৰাটোৱে এদিন পাণনি চুৰুকি থাকোঁতে হঠাত্‌ হাঁহ-কণী এটা পাই মাকক দিলেগৈ। মাকে কণীটো ধোঁৱাচাঙৰ ওৰতত তুলি থ’লে। কণীটো ফুটি তাৰ পৰা এজনী দিব্য ছোৱালী হৈ মনে মনে ধোঁৱাচাঙতে লুকাই থাকিল। বুঢ়ী ফুৰিবলৈ গ’লে ছোৱালীজনীয়ে সদায় চাঙৰপৰা নামি আহি বুঢ়ীৰ ঘৰৰ পঁইতা ভাত খাই তপত এগাল ৰান্ধি থৈ মনে মনে চাঙৰ ওপৰত উঠি থাকেগৈ। এদিন বুঢ়ীৰ মনত জাগিলে- মই চৰুত পঁইতা ভাত থৈ যাওঁ, কোনেনো দিনৌ পঁইতা খাই তপত গাল ৰান্ধি থৈ যায়হি? বুঢ়ীয়ে এদিন বুধি পাতি ওচৰ-চুবুৰীয়াক ডাঙৰকৈ ক’লে, ”আজি মই দূৰলৈ ফুৰিবলৈ যাম। তহঁতে মোৰ ঘৰ চাবি দেই।” এই বুলি বুঢ়ীয়ে কৈ দুৱাৰৰ চুকত লুকাই থাকিল। আনদিনাৰ দৰে ছোৱালীজনীয়ে বুঢ়ী ওলাই গ’ল বুলি ভাবি আহি পঁইতাগাল খাই তপত এগাল ৰান্ধি থৈ, বেৰেদি চাঙলৈ উঠি যাওঁতেই বুঢ়ীয়ে খপ্‌কৰে ছোৱালীজনীৰ ভৰিত ধৰিলে। বুঢ়ীয়ে তেতিয়া ”তই ক’ৰ ছোৱালী? ইয়াত তই কেলৈ আছ?” বুলি সোধাত তাই আঁতিগুৰি সোপাকে ভাঙি বুঢ়ীক কৈ দিলে। সেইদিনাখনৰেপৰা তাই বুঢ়ীৰ ঘৰ দেখা শুনাকৈ থাকিল আৰু বুঢ়ীয়ে তাইৰ নাম পানেশৈ দিলে। অইন মানুহে এইজনী ক’ৰ ছোৱালী বুলি সুধিলে বুঢ়ীয়ে ”মোৰ জী” বুলি কয়।

বুঢ়ীৰ পুতেক লাহে লাহে ডেকা হৈ উঠিল। পানেশৈক তাৰ বিয়া কৰাবৰ মন গ’ল। কিন্তু লাজত সি মাকক একো ক’ব নোৱাৰি ৰোষ-ঘৰৰ ভিতৰত ওখ চাঙত উঠি শুই থাকিলগৈ। ইপিনে মাকে পুতেকক বিচাৰি গোটেইখন খলক লগালে, পুতেক নাই। পাছে বুঢ়ীয়ে ৰোষ-ঘৰ সাৰিবলৈ যাওঁতে চাঙৰ তলত তামোলৰ চোবা এখন পৰি থকা দেখি ওপৰলৈ চাই পুতেকক দেখি মাতিলে, ”বোপাই নামি আহ, তোক মই যিহকে লাগে তাকে দিম।” তেতিয়া পুতেকে মাকক ক’লে যে তাৰ পানেশৈক বিয়া কৰাবৰ মন গৈছে। বুঢ়ীয়ে এৰাব নোৱাৰি মান্তি হৈ পানেশৈয়ে গম নোপোৱাকৈ তলে তলে বিয়াৰ ঠিক কৰিলে। বিয়াৰ দিনা পানেশৈয়ে নৈৰ ঘাটত মাহ-হালধি বটি আছে, এনেতে সিফালৰ পৰা মগনিয়াৰ বুঢ়ী এজনী আহি পানেশৈক-”আই মোক মাহ দুটামান দিয়া” বুলি খুজি তাইৰ ওচৰতে বহিলহি। পানেশৈয়ে ”যা ক’ৰ বুঢ়ী! মই ককাইৰ বিয়ালৈ মাহ হালধি বটিছোঁ, তোক কেনেকৈ দিম?” এইবুলি ক’লে। বুঢ়ীয়ে ”বাৰু আই ভাল ককায়েৰৰ বিয়ালৈ মাহ-হালধি বটিছ, ছোৱালী কোন ক’ব পাৰনে?” এইবুলি সুধিলে। পানেশৈয়ে ”নোৱাৰো ক’ব বাই কোননো কচোন?” বুলি বুঢ়ীক সোধাত বুঢ়ীয়ে ক’লে ”ছোৱালী আৰু কোন হ’ব আই, তোৰ লগত বিয়া পাতিছে।” পানেশৈয়ে কথাটো শুনি ভয় খাই বুঢ়ীক ”বাই মইনো এতিয়া কি কৰিম কচোন?” বুলি সোধাত বুঢ়ীয়ে ক’লে, ”তই ইকৰাৰ নাও এখন আৰু ইকৰাৰ বঠা এপাট লৈ তহঁতৰ ঘৰৰ পিছত থকা বৰপুখুৰীত খেলাই থাকগৈ। তোক মাতিলে কেতিয়াও নাহিবি। ৰাতি হ’লে পুখুৰীৰ পাৰতে থকা ছোৱা গছৰ মুঢ়াতে সোমাই থাকিবিহি” বুলি বুধি দি গুচি গ’ল। পানেশৈয়ে ঘৰলৈ আহি ইকৰাৰ নাও আৰু ইকৰাৰ বঠা এপাট লৈ পুখুৰীত খ্লাই থাকিবলৈ ধৰিলে। মাকে মাতেহে মাত, পানেশৈ নাহে। পানেশৈ নহা দেখি মাকে বিনাই মাতিলে

"পানেশৈ পানেশৈ মোৰ আই পানেশৈ

মোৰ ঘাটে চপাই দে নাও।

দুহাতে দুমুঠি দি যাম চাৰি মুঠি

ডিঙিতো পিন্ধাম হাৰ

খাটলিপীৰাতে বহি ভাত খাবি

বেটায়ে ধৰিব আল।”

পানেশৈয়ে মাকক উত্তৰ দিলে-

"দুহাতে দুমুঠি নলওঁ চাৰি মুঠি

তোৰ ঘাটে নচপাওঁ নাও।

খাটলি পীৰাতে বহি ভাতে নাখাওঁ

বেটায়েও নধৰক আল।”

ককায়েকেও পানেশৈক মাতিলে-

"পানেশৈ পানেশৈ মোৰ ভনী পানেশৈ

মোৰ ঘাটে চপাই দে নাও।

দুহাতে দুমুঠি দি যাম চাৰি মুঠি

ডিঙিতো পিন্ধাম হাৰ।

খাটলিপীৰাতে বহি ভাতে খাবি,

বেটীয়ে ধৰিব আল।”

পানেশৈয়ে উত্তৰ দিলে-

"ককাইদেউ ককাইদেউ, অ’ মোৰ ককাইদেউ

তোৰ ঘাটে নচপাওঁ নাও।

দুহাতে দুমুঠি নলওঁ চাৰি মুঠি,

ডিঙিতো নিপিন্ধো হাৰ।

খাটলিপীৰাতে বহি ভাতে নাখাওঁ

বেটীয়ে নধৰক আল।

আগেয়ে আছিলা মৰমৰ ককাইদেউ

এতিয়া হ’লাহি স্বামী।”

পানেশৈয়ে এইদৰে কৈ একোতে নাহিলত , মাক আৰু ককায়েক বেজাৰত ঘৰলৈ গুচি আহিল। দিনত পানেশৈয়ে ইকৰাৰ পাতৰ নাও আৰু বঠা লৈ এইদৰে খেলাই ফুৰে, ৰাতিছোৱা গছৰ মূঢ়াত সোমাই থাকে।

এদিন ককায়েকে ছোৱাৰ মূঢ়াৰ ওপৰত উঠি বৰশী বাইছিল। বৰশীত মাছে নুখুটি কেৱল কাণী পুঠি দুটামানে খুটিছিল। তাকে দেখি পানেশৈয়ে মূঢ়াৰ ভিতৰৰ পৰা মাত লগালে-

"একো মাছে নোখোটে, খোটে কাণী পুঠি

ককায়ে বৰশী বায় ছোৱা মূঢ়াত উঠি।

এইদৰে কেবাবাৰো মাতি আছে। ককায়্কে শুনি থাকি ইয়াৰনো কি আছে বুলি মূঢ়াটো কুঠাৰ এখন আনি চিটাচিট কৰি পেলালেহি। এনেত সেই মগনিয়াৰ বুঢ়ীজনী আহি এছটা খৰি খুজিলে। সি খঙত জ্বলি উঠি ক’লে’ ”বেটী তয়ে মোৰ বিয়াখন ভাঙিলি। এতিয়া আকৌ খৰি বিচাৰি আহিছ। যা তোক খৰি নিদিওঁ।” বুঢ়ীয়ে বৈৰ পলসবোকাত ছিটিকি পৰি থকা চলি এছটাকে লৈ গুচি গ’ল। চলি ছটা বুঢ়ীয়ে ধুই-পখালি ধোঁৱা-চাঙত তুলি থ’লেগৈ। পানেশৈ সেই চলিতে সোমাই আছিল। বুঢ়ীয়ে বাহিৰলৈ ওলাই গ’লে, পানেশৈয়ে চৰুৰ পঁইতাগাল খৈ তপত ভাত ৰান্ধি থয়। এইদৰে বহুতদিন গ’ল, এদিন পানেশৈয়ে বুঢ়ীৰ হাতত ধৰা পৰিল। দিনত পানেশৈয়ে বুঢ়ীৰ ঘৰত খুৰী ঘিলাহাঁহ এজনী হৈ থাকে, ৰাতি ছোৱালী হৈ বুঢ়ীৰ লগতে শুই থাকে। এদিন ককায়েকে এই বুঢ়ীৰ চোতালতে সমনীয়া ল’ৰা দুটামানৰ সৈতে ঘিলা খেলি আছিল। পানেশৈয়ে খুৰী হাঁহজনী হৈ ওচৰতে টোক্‌টোকাই আছিলহি। ককায়্ক ঘিলাটো মাৰি দিলতি তাই থাপ মাৰি লৈ গ’ল। ককায়্কে ভাবিলে, ”এইজনী হাঁহতো কম নহয়, এই হাঁহ নহয় কিবাহে।” ইয়াকে ভাবি সি ৰোষ-ঘৰত সোমালহি। মাক কি হৈছে বুলি তাক সুধিলত সি ক’লে, ”বুঢ়ীৰ ঘৰৰ হাঁহজনী মোক লাগে।” মাকে মগনিয়াৰ বুঢ়ীক বৰকৈ ধৰি ৰূপবান দি হাঁহজনী আনি পুতেকক দিলে। পুতেক হাঁহজনী আতোলতোলকৈ মৰম কৰি ৰাখে আৰু ৰাতি নিজৰ লগতে শোৱাপাটিত শুৱাই থয়। এদিন মগনিয়াৰ এজনীয়ে ল’ৰাটোৰ পৰা সকলো বৃত্তান্ত শুনি ক’লে, ”বোপাই সেইজনী হাঁহ নহয় তোৰ পানেশৈহে। আজি ৰাতি তই টোপনিৰ ভাও জুৰি পৰি থাকিবি। তোক হাঁহজনীয়ে খুটিব, কিন্তু তই নুঠিবি। তেতিয়া তোৰ টোপনি আহিছে ভাবি তাই মোট সলাই বাহিৰলৈ যাওঁতেই তই মোটটো তুঁহজুই একুৰাত সুমাই দিবি। তাই তেতিয়াই ভিতৰলৈ লৰি আহি মূছকঁছ গৈ পৰিব। তেতিয়াই তাইৰ মূৰত তেল-পানী নেমুটেঙা থপিয়াই দিবি আৰু বিচনীৰে বিচিবি। তেনে কৰিলে তাই জ্ঞান পাব।” এইবুলি মগনিয়াৰ বুঢ়ী গুচি গ’ল। ল’ৰাই ৰাতি ঠিক মগনিয়াৰ বুঢ়ীয়ে কোৱাৰ দৰেই কৰিলত, হাঁহজনী এজনী দিব্য ছোৱালী হৈ পৰিল। তায়ে সেই পানেশৈ। ইয়াৰ পিছত সি তাইক বিয়া কৰাই ঘৰ পাতি বহুত দিন সুখেৰে কটালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment