Saturday, April 18, 2026
0 Shares

ভোজন

ভোকত ভাত, পিয়াহত পানী, ই নহ'লে কোনেও জীৱন ধৰিব নোৱাৰে‌, কিন্তু সেয়ে অতিৰিক্ত হ'লে স্বাস্থ্যৰ অপকাৰ কৰে। এমুঠিৰ ভোকত চাৰিমুঠি খালে, এচলুৰ পিয়াহত চাৰি চলু পিলে নিশ্চয় শৰীৰত ৰোগ হয়। অপৰিমিত ভোজনৰ দোষ একে দিনে দেখা নিদিব পাৰে, কিন্তু সেইবাবে তাৰ দোষ নাই বুলি ভবা উচিত নহয়। কোনো ৰোগ এক মুহূৰ্ত্তকতে নোপজে। সন্তান যেনেকৈ মাতৃ-গৰ্ভত এটি কণ যেন হৈ থিতি হয়, সেইদৰে ৰোগো শৰীৰত এটি কণ যেন হৈ থিতি লয়। এই অৱস্থাত মানুহে ৰোগৰ গম নাপায়, পাচত যেতিয়া পৈণত হৈ সি শৰীৰত কষ্ট দিবলৈ ধৰে তেতিয়া তাৰ প্ৰভাৱ বুজিব পাৰে। এই নিমিত্তে মানুহে কয় যে ৰোগ বেল পৰিমানে বাঢ়ে আৰু তিল পৰিমানে টুটে, কিন্তু দৰাচল পক্ষত ৰোগৰ বাঢ়ন টুটনৰ নিৰিখ একে সমান, কেৱল অপৈণত অৱস্থাত তাৰ গম নাপায়, মানুহে তেতিয়া তাক নাই বুলি বিবেচনা কৰে।

 অতি ভোজন ৰোগৰ মূল, এই এটা নীতি বচন। ই সঁচা নে মিছা, এদিন অতি ভোজন কৰি চালেই বুজিব পাৰি। পেট ওপচাই খালে বহুত পৰলৈকে গেৰেউ-গেথেউ লাগে আৰু গা চাটি-ফুটি কৰে, খোৱা বস্তু দেখিলে বাঁতি আহিব খোজে, মূৰ ফুৰণি উঠে। এদিন পেট উপচাই খালে ইমানতে দুৰ্গুণৰ শেষ পৰে, কিন্তু কিছুমান দিন এইদৰে চলিলে খন্তেকীয়া আহুকাল গৈ চিৰকলীয়া ৰোগত পৰে। উগ্ৰ ভোজনৰ দোষত কোনোৰ অজীৰ্ণ বোৰগ জন্মে, কোনোৰ পিত্ত দোষ জন্মে, কোনোৰ বা নেৰানেপেৰা তেজ-গ্ৰহণী হয়।

 অতি ভোজনৰ কাৰণ লোভ। লুভীয়া মানুহে ভাল বস্তু পালে ঠিহাই খায়, জিভাৰ জুতিত স্বাস্থ্যলৈ একেবাৰে পাহৰে। এই শ্ৰেণীৰ মানুহক সাধাৰণ কথাত খঁকুৱা বোলে খঁকুৱা মানুহৰ স্বাস্থ্য ঘুণীয়া হয়। জীৱন ৰক্ষা আৰু শৰীৰ সবল কৰাই আহাৰৰ উদ্দেশ্য, সেই উদ্দেশ্য সাধিবলৈ যিমানখিনি লাগে তাতকৈ সৰহ আহাৰ কৰা কদাপি উচিত নহয়। কিছুমান মানুহে সৰহকৈ খাব পৰাটো পুৰুষালি যেন বোধ কৰে, আৰু পেটে নধৰিলেও দুগৰাহ হেঁচুকি খায়। ইহঁতে কেতিয়াবা আন মানুহৰ লগত আৰি মাৰি খাবলৈ বহে, আৰু আৰিত জিকিবলৈ অপৰিমিত ৰূপে খায়। এইদৰে আৰিয়া অৰি কৰি খাই পাচত নৰিয়াত পৰা বহুত মানুহক দেখা গৈছে। খাৱনত আৰি মৰা বৰ নিৰ্ব্বোধৰ কাম।

 মানুহৰ শৰীৰ আৰু শক্তি অনুসৰি আহাৰৰ পৰিমান অলপ বা সৰহ হয়। যাৰ শৰীৰ মঠঙ্গা আৰু শকত তাৰ আহাৰ স্বভাৱতে সৰহ আৰু যাৰ শৰীৰ লাহি তাৰ আহাৰ অলপ। মানুহে পতি আহাৰৰ এটা স্বাভাৱিক সুকীয়া জোখ আছে, ভোজনত সেই জোখ অতিক্ৰম কৰিলে অপৰিমিত ভোজন কৰা হয়। কিছুমান মানুহে পাতত ভাত ৰলে, তাক পেলাই দিয়াটো অযুগুত যেন বোধ কৰে, কয় যে পাতত এৰি ভাত পেলনি নিওৱাতকৈ খাই থ'লেই গাত লাগে। ই এটা অদ্ভুদ উপদেশ। পাতত ৰোৱা ভাত পেটত থ'লে, সেই ভাতৰ ব্যৱহাৰ কৰা নহয়, পেলাই দিলেহে তাৰ সজ ব্যৱহাৰ হয়। ভোক পলোৱাৰ পাচত যি ভাত খোৱা যায় সি শৰীৰত ভাতৰ কাৰ্য্য নকৰি বিহৰ কাৰ্য্য কৰে। আভোকৰ এমুঠিও পেটৰ শিল যেন হয়। ৰোৱা ভাত পেলাব নুখুজিলে তাক থৈ দি পাচত ভোক লাগিলে খোৱা ভাল।

 আহাৰ ইচ্ছা অনুসৰি বঢ়াব পাৰি। নিতৌ এগৰাহ বঢ়াই নিলে, পাচত গৈ একাঁহী বাঢ়ে। এইদৰে কোনো কোনো নিছলা মানুহকো ভোজনিয়াৰ হোৱা দেখা যায়। ভাতৰ নাড়ী ৰবৰৰ মোনাৰ নিচিনা, সি টান খালে বলে। যি মানুহে দিনৌ দুই এগৰাহ ভাত বঢ়াই যায় তাৰ নাড়ীত সেইদৰে বলি যায় আৰু পাচত গৈ বহুত ভাত ধৰা হয়। কিন্তু তেনেকুৱা ভোজনে পেট মাথোন বঢ়ায়, শৰীৰ শকত নকৰে। এইদৰে আহাৰ বঢ়োৱা মানুহৰ গা কিৰ্‌কিৰীয়া, কিন্তু পেট ভাতৰ ডুলি।

 আহাৰ যেনেকৈ বঢ়াব পাৰি, তেনেকৈ টুটাবও পাৰি। নিতৌ দুই এগৰাহকৈ টুটাই নিলে পাচত গৈ অলপ খালেই পেট ভৰে আৰু হেঁপাহ পলায়। আগৰ কালত যোগীবিলাকে এইদৰে আহাৰ কমাইছিল সংসাৰ-যাত্ৰীৰ পক্ষে চেষ্টা কৰি আহাৰ কমোৱা যুগুত নহয়। সংসাৰত উদ্‌গতি কৰিবলৈ শৰীৰত বল শক্তি লাগে। আহাৰ কমাই শৰীৰ নিৰ্ব্বলী কৰিলে সংসাৰ-যুঁজত জয় লাভ কৰা টান হয়। এতেকে সংসাৰী মানুহে উচিত পৰিমানে আহাৰ কৰি গাত বল বন্ধা যুগুত। আহাৰ কমানে পৰিশ্ৰমী মানুহে অল্পায়ুস হয়।

 খোৱা বস্তুবিলাক পৰিস্কাৰ আৰু নতুন হ'ব লাগে। গেলি পচি বিকৃত হোৱা বস্তু খালে শৰীৰত ৰোগ হয়। এই নিমিত্তে বাহী আঞ্জা, বাহী ভাত খোৱা উচিত নহয়। খোৱা বস্তুৰ ভিতৰত কিছুমান গধুৰ অৰ্থাৎ গুৰু-পাকী আৰু কিছুমান পাতল অৰ্থাৎ লঘু-পাকী বস্তু আছে। গধুৰ বস্তু সোনকালে জীৰ্ণ নাযায়, সেই দেখি তেনে বস্তু সৰহকৈ বা সদায় খোৱা অনুচিত। কিছুমান মানুহে বিবেচনা কৰে যে খোৱা বস্তুৰ ভেদাভেদৰ পৰা মানুহ বলী বা নিৰ্ব্বলী হয়, কিন্তু এই কথাৰ ভাল প্ৰমাণ পোৱা নাযায়। মাংস এবিধ বৰ বলকাৰক বস্তু; তেওঁ মাংসভোজী মানুহ সকলোবোৰ বলৱন্ত নহয়। অনেক শাকেৰে পেট পোহা মানুহো মঙ্গহ ব্যৱহাৰ কৰা মানুহতকৈ বলৱন্ত আৰু শক্তিমন্ত হোৱা দেখা যায়। ইয়াৰ পৰা ঠাৱৰাব পাৰি যে সুস্থ শৰীৰত সকলো প্ৰকাৰৰ খাদ্য বস্তুৱে উপকাৰ দিয়ে। খাদ্য বস্তুৰ সোৱাদ বা জুতি বঢ়াবলৈ যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেইবোৰ বস্তু সৰহকৈ খোৱা উচিত নহয়। চেনি, গুৰ, বাৰবাখৰ আদি বস্তুবোৰ কেৱল জুতিৰ বস্তু, এতেকে এইবোৰ সৰহকৈ খোৱা অনুচিত।

 নিৰ্ম্মল পানী স্বাস্থ্যৰ পক্ষে এবিধ বৰ লাগতিয়াল বস্তু। পানীৰ দুৰ্গুণৰ পৰা মনুষ্য শৰীৰত যে বহুত বিধ ৰোগ জন্মে ইয়াক কোনেও নহয় বুলিব নোৱাৰে। যিবলাক ঠাইত আগে জহৰী আদি মাউৰৰ বৰ প্ৰভাৱ আছিল, কলৰ ছেকা পানী ওলাবৰ পৰা সেইবিলাক ঠাইত মাউৰ কমি গৈছে। গা ধোৱা আৰু পি-খোৱা পানী সততে নিৰ্ম্মল হোৱা উচিত। ৰান্ধনৰ পানীও নিৰ্ম্মল হ'লে ভাল, কিন্তু যত নিৰ্ম্মল পানী পাবলৈ টান, তাত দূষিত পানীৰেও ৰান্ধন চলাব পাৰি, কাৰণ ৰান্ধনৰ পানী উতলোৱা যায়, সেইদেখি তাত যি দোষ থাকে সি অগ্নিৰ সংযোগত নষ্ট হয়। কিন্তু গা-ধোৱাত বা পি-খোৱাত বেয়া পানী কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয়। যি ঠাইত নিৰ্ম্মল পানী একেবাৰে দুৰ্লভ, তাত পানী উতলাই চেঁচা কৰি ব্যৱহাৰ কৰা যুগুত। আজি কালি বিজ্ঞানৰ গুণত পানী শুদ্ধ কৰিবৰ বহুবিধ যন্ত্ৰ ওলাইছে, তেনে কোন যন্ত্ৰেৰেও দূষিত পানী শুদ্ধ কৰি ল'ব পৰা যায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories