Saturday, April 18, 2026
0 Shares

শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা

স্বাস্থ্য ভালে ৰাখিব খুজিলে শৰীৰ সদায় নিকাকৈ ৰাখিব লাগে। নিকা হ'লে শৰীৰ শুদ্ধ হয়, আৰু শৰীৰৰ শুদ্ধতাই স্বাস্থ্যৰ ৰক্ষাকৱচ। শয়ন ভোজনৰ নিয়ম তিল তিলকৈ পালিলেও, মলিয়ন শৰীৰেৰে থাকিলে স্বাস্থ্য কেতিয়াও ভালে নাথাকে। এই নিমিত্তে আগৰ পণ্ডিতসকলে পুৰণি শাস্ত্ৰত শুদ্ধাচাৰৰ অশেষ মহিমা বৰ্ণন কৰি গৈছে। শাস্ত্ৰ মতে অশুচি গাৰে শয়ন, ভোজন আদি কোনো কৰ্ম্মকেই কৰিব নাপায়, অশুচি গাৰে দেৱকাৰ্য্য, পিতৃকাৰ্য্য সকলো নিষেধ। এইবোৰ বিধি ব্যৱস্থা কেৱল স্বাস্থ্য ভালে ৰাখিবলৈহে কৰা হৈছে।

 মলিয়ন হ'লে শৰীৰ অশুচি হয়। সেই অশুচি শৰীৰ শুচি কৰিবলৈ শাস্ত্ৰকাৰসকলে স্নানৰ বিধান কৰিছে, কাৰণ স্নান কৰিলে মলি গুচি শৰীৰ শুচি হয়। কিন্তু আগৰ কালত শুচি হোৱাৰ যি অৰ্থ আছিল, এতিয়া সেই অৰ্থ নাই। আজিকালি টাটৰি বন্ধ খাই গা ফপৰীয়া হ'লেও বা দাঁতত ওখল পৰি গোন্ধ ওলালেও মানুহ অশুচি নহয়, অৰ্থাৎ এতিয়াৰ মতে মলিয়ে মানুহক অশুচি কৰিব নোৱাৰে। এতিয়া বাহী ঢাৰী পাটি ছুলে বা আলিবাটত ওলাই ফুৰিলে, বা অজাতিৰ ছাঁ গচকিলে মানুহ অশুচি হয় আৰু তেতিয়া গা ধুই শুচি হ'ব লাগে। শুচি হোৱাৰ অৰ্থ এইদৰে পৰিবৰ্ত্তন হোৱাত, স্নানৰ অৰ্থও আজিকালি পৰিবৰ্ত্তন হৈছে। আজিকালি গা তিয়ালেই স্নান কৰা হয়, তাক ঘঁহি পিহি নিকা কৰা কামটো স্নানৰ লগৰীয়া নহয়। সেই দেখি তিনি প্ৰসঙ্গে স্নান কৰা কোনো কোনো মহা শুদ্ধাচাৰী মানুহৰ গাতো খমলা খমল মলি দেখিবলৈ পোৱা যায়। যথাৰ্থ পক্ষত মল ধুই নিকা নকৰিলে শৰীৰ শুচি হোৱা বুলি ধৰিব নোৱাৰি। শাস্ত্ৰকাৰবিলাকেও মলিয়ন শৰীৰক শুচি বুলি ধৰা নাছিল। অশুচি হ'লে সিবিলাকে স্নানৰ বিধান কৰিছে। ইয়াৰ পৰা ভালকৈ বুজিব পাৰি যে অশুচি শৰীৰ ধুই মলি গুচাই শুচি হ'ব লাগে। মলি গুচাবৰ নিমিত্তেহে স্নানৰ ব্যৱস্থা। এই ব্যৱস্থা অমাত পশু পক্ষীৰ ভিতৰতো দেখা যায়। হাতী, মহ, শালিকী, কাউৰী এইবোৰেও গা ধুৱে। ইহঁতে কেৱল গা তিয়াই শুচি হ'বলৈ পানীত জোবোৰা নামাৰে, মলি গুচাই নিকা হ'বলৈহে বুৰিয়াই বুৰিয়াই গা ধোৱে। শালিকী কাউৰীয়ে ঠোঁটেৰে পাখি পৰিস্কাৰ কৰা সদায় দেখা যায়। এতেকে গা ধুবৰ সময়ত সকলোবোৰ অঙ্গ ঘঁহি নিকা কৰিব লাগে। গাৰ সন্ধিবোৰ মলিন ভঁৰাল, সেইবোৰ সততে ঘঁহিব লাগে, তেহে তাত মলি বন্ধ খাব নোৱাৰে। কাণৰ কণামাকৰি, নাকৰ খাকৰু কেতিয়াও থাকিবলৈ দিব নালাগে। দাঁত,চুলি, নখ আদি ঠাইবোৰত নিতৌ মলি বন্ধ খাই, গতিকে নিতৌ সিহঁতক পৰিস্কাৰ কৰা উচিত।

 স্বাস্থ্যৰ পক্ষে শৰীৰৰ শুদ্ধতা যেনে লাগতিয়াল, বস্ত্ৰৰ শুদ্ধতাও তেনে লাগতিয়াল।সদায় মলিয়ন কাপোৰ ব্যৱহাৰ কৰিলে স্বাস্থ্য বেয়া হয়। বহুতে নিকা কাপোৰক কেৱল ধুনৰ বস্তু বুলি বিবেচনা কৰে, সেই দেখি তলত মলিয়ন কাপোৰ পিন্ধি ধুন বঢ়াবলৈ ওপৰত নিকা কাপোৰ লয়। বস্ত্ৰ ব্যৱহাৰৰ ই এটা বিপৰীত ব্যৱস্থা। নিকা আৰু মলিয়ন দুয়ো ৰকম কাপোৰ পিন্ধাৰ প্ৰয়োজন হ'লে, তলত নিকা আৰু ওপৰত মলিয়ন পিন্ধাহে যুগুত, কাৰণ তেনেহলে কাপোৰৰ মলিয়ে গা ঢুকি নাপায়। এসাজ কাপোৰকে কেও পৰত ব্যৱহাৰ নকৰিলে ভাল। নিশা যি কাপোৰেৰে শোৱা যায়, দিনত তাক তিয়াই দিয়া উচিত। শোৱা পাটীৰ তলচা, তলতপৰা, গাৰুৰ গিলিপ, নিহালীৰ গিলিপ সকলোকে পৰিস্কাৰকৈ ৰাখিব লাগে, আৰু মাজে সময়ে ৰদাব লাগে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories