Saturday, April 18, 2026
0 Shares

লখিমী তিৰোতা

সত্যযুগত দুটি বুঢ়া-বুঢ়ী আছিল। সিহঁতৰ সাতোটি পো। সাতোটা পোলৈ সাতজনী বোৱাৰী আনিলে। বৰজনীৰ ল’ৰা এটি হ’ল। সেই সাতজনীৰ ভিতৰত নিচেই নুমলীয়াজনী বৰ লখিমী তিৰোতা আছিল। বুঢ়া-বুঢ়ী মৃত্যুৰ ওচৰ চাপিল। বুঢ়া-বুঢ়ীয়ে সিহঁত সকলোটিকেই নিচেই সৰুজনী বোৱাৰীয়েকৰ কথামতে চলিবলৈ হুকুম দিলে। ইয়াৰ পিছত সেইমতেই সিহঁত চলিবলৈ ধৰিলে। নুমলীয়া বোৱাৰীয়েকে সিহঁতক শুদা হাতে কোনো ফালৰ পৰা অহা দেখিলে খং কৰে, সেইদেখি সিহঁত উপায় নাপাই দিনে যি পায় তাকে হাতত লৈ আহে। এদিন এজনে বাটতে এটা গেলা সাপ পালে; পাই ভাবিলে, ”বোৱাৰীয়ে সদায় শুদা হাতে গ’লে খং কৰে, আজি এই সাপটোকে লৈ যাওঁচোন বাৰু কি হয় দেখোঁ।’ ইয়াকে দেখি সি সাপটো লৈ গৈ আগচোতালৰ জেওৰাতে থৈ বোৱাৰীয়েকক ক’লে, ”ইয়াতে কিবা বস্তু এটা আছে নিবি, মই গা ধুই আহোঁ।” বোৱাৰীয়েকে ওলাই গৈ দেখে যে গেলা সাপটো পৰি আছে আৰু তাতে বৰ মাখিয়ে কণী দিছে। তাকে দেখি তাই ভিতৰলৈ সোমাই গৈ বৰজনাকক ক’লে, ”গেলা সাপটো আনি মোক দেখুৱাইছে। বাৰু একো কথা নাই।” এইবুলি তাই আকৌ ওলাই দেখেহি, সাপটো থোৱা ঠাইতে এটা টোপোলা ওলমি আছে আৰু টোপোলাটো ফাটি সোণৰ থুৰীয়া, বাখৰুৱা মণি, আঙঠি, চিপাত, গলপতা আদি কৰি কিছুমান অলঙ্কাৰ ওলাই পৰিছে। তাই লৰ মাৰি গৈ টোপোলাটো দাঙি লৈ ভিৰতলৈ লৈ আহি বৰজনাকক ক’লে, ”চাওকচোন বাৰু, আপুনি সাপটো আনিছিল মোৰ ওপৰত খং কৰি কিন্তু এতিয়া তাৰ ঠাইত এই অলঙ্কাৰবোৰ ক’ৰপৰা ওলাল? মই আপোনালোকক শুদা হাতে ঘৰলৈ আহিবলৈ হাক দিলে আপোনালোকে মোক বেয়া পায়; এতিয়া চাওক। নৈৰ ঘাটত এজনী জীয়ৰী ছোৱালীয়ে গা ধুবলৈ যাওঁতে পাৰতে তাইৰ অলঙ্কাৰবোৰ টোপোলা বান্ধি থৈ পানীত নামোতে চিলাই থাপ মাৰি আনিছিল, কিন্তু তাত খোৱা বস্তু একো নাপাই, চিলাই সাপটো দেখি টোপোলাটো পেলাই তাকে নিলে।”

ইয়াৰ পিছত এদিন সৰু-মাজু বৰজনাকে শুকান গোবৰ খুঁটিৰ টোপোলা এটা বান্ধি লৈ আহি তাক চালৰ পাচতে খোচা মাৰি থৈ বোৱাৰীয়েকক ক’লে, ”ইয়াতে বস্তু এটা আছে নি থ’বি।” তাই মেলি চাই দেখিলে গোবৰৰ খুটি ডোখৰ। বাৰু ইয়াকে চুঙাৰ ফোপত ভৰাই থওঁ বুলি তাই ভৰাই থৈ দিলে। প্ৰায় পাঁচ বছৰমানৰ মূৰত এজন ৰজাই জীয়েকৰ নৰিয়াত দৰবৰ নিমিত্তে পাঁচবছৰীয়া শুকান গোবৰ বিচাৰ কৰিলে। কিন্তু ক’তো নাপাই ক’লে বোলে.” যেয়ে মোক এনে গোবৰ দিব তাক সোণ-ৰূপ দুচৰু দিম।” এই কথা নগৰত ঢোল পিটি শুনাই দিলে, অকস্মাত্‌ তাইৰ মনত পৰিল সেই গোবৰৰ খুঁটি ডোখৰৰ কথা। মনত পৰি তাই তাক ৰজালৈ পঠিয়াই দিলত ৰজাই তাইক দুচৰু সোণ-ৰূপ দিলে।

এদিন নুমলীয়া বোৱাৰীয়েকক এটা মগনিয়াৰ ফকীৰে মন্ত্ৰ কৰি পলুৱাই নিলে। তাৰ পিছত সেই ঘৰৰ মানুহবোৰ মৰি-জহি ঢুকাল; গৰু, ম’হ হাতী, ছাগলী হেৰাই মৰি নিপাত হ’বলৈ ধৰিলে। একমাত্ৰ বৰজনাৰ ল’ৰাটি ঘৰত ৰ’লগৈ। সিও শেহত তৰিব নোৱাৰি দেশে দেশে ফুৰি ফুৰি এখন অৰণ্যৰ মাজত নৈৰ ঘাটত খুৰীয়েকক লগ পালে। সিহঁতৰ দেখা-দেখি হোৱা মাত্ৰকতে চিনাচিনি হ’ল। ভতিজাকে ক’লে বোলে, ”ঘৰ-দুৱাৰৰ কথা ক’বলৈ সঁচ নাইকিয়া হ’ল, মইহে আছোঁ।” তাই কান্দি-কাটি ক’লে বোলে, ”মোক ফকীৰে নেৰে, পলাই গ’লেও মাৰিব; সি বৰ মন্ত্ৰ জানে। মই ফকীৰে কোৱা শুনিছোঁ বোলে ফকীৰৰ জীৱটো ব্ৰক্ষ্মাৰ ওচৰত থকা শালিকা চৰাইজনীৰ গাত আছে, যদি চৰাইজনী মাৰিব পাৰ তেন্তে মই যাব পাৰোঁ।” এই কথা শুনি ভতিজাকে ব্ৰক্ষ্মাৰ ওচৰত কান্দি-কাটি প্ৰাৰ্থনা কৰিলত ব্ৰক্ষ্মাই বৰ সন্তোষ পাই তালৈ জীয়েকক বিয়া দিলে। উছৰ্গাত সি অনেক বস্তু পালে। পিছত সি ক’লে বোলে, ”মোক শালিকাটিও দিয়ক।” সি সেইবুলি ক’লত ব্ৰক্ষ্মাই তাক শালিকাটিও দিলে। সি শালিকাটি পাই একে টিপাই মাৰিলত ফকীৰ য’তে আছিল ত’তে মৰিল। তেতিয়া খুৰীয়েকে জানিলে যে শালিকা মৰিল। ইয়াৰ পিছত সি ব্ৰক্ষ্মাৰ জীয়েক আৰু তাৰ খুৰীয়েকে তিনিও গোট খাই এখন ঘৰ পাতিলে আৰু ব্ৰক্ষ্মাৰ আশীৰ্বাদ পাই অলপ দিনৰ ভিতৰতে অগৰ দৰে ঘৰ-বাৰী, মানুহ-দুনুহ, বই-বস্তুৰে সৈতে চহকী হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment