Tuesday, March 17, 2026
0 Shares

গঙ্গাটোপ

এদিন মাছবোৰ গোট খাই, মাছখোৱা জন্তুবোৰৰ সৈতে ৰণ দিবলৈ থিৰ কৰিবৰ নিমিত্তে মেল মৰা বিলৰ ভগা-ডুবিতে দুপৰীয়া মেল পাতিলে। সেই মেললৈ ৰৌ, বাহু, শ’ল, বৰালি, কাৱৈ, গৰৈকে আদি কৰি ফুল-ডঁৰিকনালৈকে সকলোবোৰ মাছ আহিল। সমজুৱাসকল গোট খালত, তপামূৰীয়া বুঢ়া গৰৈক সকলোৱে সেইদিনাৰ মেলখনৰ বৰমূৰীয়া পাতিলে আৰু লৰবৰ চেঙেলীক পাচনীৰ ভাৰ দিলে। পাচনীয়ে গঙ্গাটোপক মেলখননো কিয় পতা হৈছে সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ ক’লত গঙ্গাটোপে হাতযোৰ কৰি ক’বলৈ ধৰিলে, ”ৰাইজসকল! মই আজি আপোনালোকৰ ভৰিৰ ধূলি মূৰত লৈ আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে আষাৰচেৰেক কথা ক’ব খুজিছোঁ, যদি মোৰ কথাত কিবা স্বৰূপে কেণা লাগে, মই মূৰুখ বুলি মোৰ জগৰ নধৰি সকলো দায়-দোষ মৰিষণ কৰিব যেন। আপোনালোকৰ চৰণত মোৰ এয়ে তুতি।”

”সকলো জন্তুৰ ভিতৰত আমাক ঘাইকৈ মানুহ নামৰ জন্তুবোৰে বৰকৈ হিংসা-বৈৰিতা কৰে। সিহঁতে আমাক জাল, পল’, জুলুকি, পাউৰী, চেপা, ঠুহা আদি নানা যন্ত্ৰেৰে ধৰি তপত তেলত আৰু পকা আঙঠাত পেলাই ভাজি, পুৰি,পাতত দি, খৰিকাত দি, সিজাই, পকাই খায়। কিন্তু এটা কথা ৰাইজে মন কৰি চাব, যে সিহঁতে যদিও আমাক এইদৰে ধৰি নানা শাস্তি দি খায়, তথাপি সিহঁতক আন আন পশু জাতিৰ গোলাম কৰিহে ঈশ্বৰে চৰ্জি পঠিয়াইছে। আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ ঘৰেপতি চাই ফুৰকগৈ; দেখিব, সিহঁতে গৰু, ম’হ, ঘোঁৰা, ছাগলী আদিৰ কিদৰে গোলামি কৰিব লাগিছে। গৰু , ঘোঁৰাক, সিহঁতে খাবলৈ ঘাঁহ দিছে, শুবলৈ খেৰ পাতি দিছে, থাকিবলৈ ঘৰ সাজি দিছে। গৰু, ঘোঁৰা, ছাগলীৰ গোবৰ আৰু লাদ পৰ্যন্ত এই বহতীয়াবোৰে উকটি চাফ কৰিছে।”

”ৰাইজসকল! মই মুৰুখমতি ল’ৰা। মানুহৰ বিষয়ে সকলোবোৰ কথা মই ভালকৈ জুকিয়াই লৈ ভাঙি পাতি আপোনাসকলৰ আগত ক’ব পৰা নাই। মোৰ মাহী গেদ্‌গেদী এই মেললৈ কিয় আজি অহা নাই ক’ব নোৱাৰোঁ। তেওঁ ইয়াত থকাহেঁতেন জন্তুৰ ভিতৰত কূলাধম এই মানুহবোৰৰ বিষয়ে আৰু ভালকৈ বৰ্ণাই আপোনাসকলৰ আগত ক’ব পাৰিলেহেঁতেন আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি, কি গুণ, কি ব্যৱস্থা, সকলোবোৰ বহলাই ক’ব পাৰিলেহেঁতেন। কাৰণ তেওঁৰ মুখখনি বহল। সেই মুখখনেৰেই মোৰ গেদ্‌গেদী মাহীয়ে আগৰ কালত কুৰুক্ষেত্ৰৰ যুঁজত ওঠৰ অক্ষৌহিণী সৈন্যৰ ভিতৰত অকলে এক অক্ষৌহিণী গিলিছিল বুলি শুনিছোঁ। এতেকে তেওঁক বেগতে মতাই আনি মোৰ কথাৰ প্ৰমাণ লওক।”

গঙ্গাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰৈয়ে চেঙেলী পাচনীক হুকুম দিলে যে গেদ্‌গেদী বাইক এতিয়াই অনাব লাগে। তত্‌ক্ষণাত্‌ পাচনীয়ে গৰৈচিৰিকা এটাক গেদ্‌গেদীৰ ঘৰলৈ লৰুৱাই পঠিয়াই দিলে। গৰৈয়ে গেদ্‌গেদীৰ ওচৰ পাই মাত লগালে, ”গেদ্‌গেদী বাই। গেদ্‌গেদী বাই। সবাহলৈ যায়নে নেযায়?” গৰৈৰ কথা শুনি গেদ্‌গেদীৰ টিক্‌চি-বিক্‌চি খং উঠিল। গেদ্‌গেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে, ”বন্দী টভংমৰা; পোৱালি খোৱা, নেযাওঁ যা।’ এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি সমজুৱাসকলক জনালত গঙ্গাটোপে নিজেই মাহীয়েকক মাতিবলৈ, মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে। গেদ্‌গেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত খং কৰি মেললৈ নেযাওঁ বুলিছিল, তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবি কাছি-পাৰি সেন্দুৰৰ ফোঁট-ৰেখা লৈ ওলাইছিল এনেতে গঙ্গাটোপ ওলালহি। গঙ্গাটোপে মাত লগালে, ”কাঞ্চনমতী আই, কাঞ্চনমতী আই। সবাহলৈ যায়নে নেযায়?” গঙ্গাটোপৰ সম্বন্ধটো শুনিয়েই গেদ্‌গেদীৰ মূৰৰ পৰা খং শৰ্মা পলাবলৈ তত্‌ নেপালে। হৰিষতে গেদ্‌গেদীয়ে উত্তৰ দিলে, ”এৰা, ভালেহে জানে ভালৰ মোল। আমাৰ গঙ্গাধৰ বোপা নে কোন?” ”ব’লা গঙাই বোপা, যাওঁ ব’লা।” মাহীয়েকৰ মুখৰ শলাগনি আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাইদি হো-হো কৰে যেতিয়াই সোমাবলৈ ধৰিলে, গঙাই বোপা আনন্দত উত্ৰাৱল হৈ পৰিল। আগেয়ে তেওঁক সেইদৰে কোনেও শলগা শুনা নাছিল। সেইদেখি তেওঁ হাতেৰে স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত উফন্দি পৰিল। মাহীয়েকৰ কথাষাৰ গঙ্গাটোপে মনত যিমান পাগুলিবলৈ ধৰিলে সিমান তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে। ওফন্দা পেটটো খোজেপতি ওফোন্দাই ওফোন্দাই খোজকাঢ়ি আহি গঙ্গাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি, হঠাত্‌ পানী-হিলৈ ফটাদি শব্দটো হিলৈৰ শব্দ যেন ওলোৱাত সনজুৱাসকলে ভয় খাই দিহদিহি পলাই পত্ৰং দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment