Saturday, April 18, 2026
0 Shares

এটা বলী মানুহ

এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল। সিহঁত দুয়োৰো উপদ্ৰৱত মানুহে ততমত এৰিছিল। বহুত যত্ন কৰিও ৰজাই সেই বাঘ আৰু হাতী মাৰিব নোৱাৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে বোলে যেয়ে এই হাতী আৰু বাঘটো মাৰিব পাৰিব তাক বহুত পুৰস্কাৰ দিয়া হ’ব। এই কথা শুনি বহুত মানুহে বাঘ আৰু হাতী মাৰিবলৈ যত্ন কৰিবলৈ ধৰিলে কিন্তু মাৰিব নোৱাৰিলে। দৈবাত্‌ এদিন এটা মানুহে মনত দুখত বিহ খাই মৰোঁগৈ বুলি কিছুমান পিঠাগুড়িৰ লগত বিষ সানি লৈ সেই ৰাজ্যৰ ফালে যাওঁতে এজোপা গছৰ তলত সেই টোপোলাটো থৈ ওচৰৰে নৈ এখনত পানী খাবলৈ গৈছিল। সেই সময়ত দুষ্ট হাতীটোৱে আহি সেই পিঠাগুড়িবোৰ খাই পেলালে। যেতিয়াই বিহ-সনা পিঠাগুড়িবোৰ খালে তেতিয়াই গাত বিষ লাগি হাতীটো মৰি থাকিল। এই কথা ৰজাই খবৰ পাই হাতীটো কোনে মাৰিলে বুলি বিচাৰ কৰোৱাত সেই বিষ সনা মানুহটোক ৰজাৰ ওচৰলৈ লৈ যোৱা হ’ল। সি কেনেকৈ হাতীটো মাৰিলে বুলি তাক ৰজাই সুধিলত সি ক’লে, ”মই হাতীটো একে ভুকুৱেই মাৰিলোঁ।”

ৰজাই বৰ সন্তোষ পাই তক অনেক ধন দি ক’লে, ”মোৰ ৰাজ্যত আৰু এটা বৰ দুষ্ট বাঘ আছে, যদি তই সেই বাঘটোও মাৰিব পাৰ তেন্তে তোক মই আৰু বহু ধন দিম।” সি ক’লে বোলে, ”স্বৰ্গদেউ, সেই বাঘটোও মই মাৰিব পাৰিম।” এইবুলি কোৱাত ৰজাই ক’লে,”তই পৰহিলৈ বাঘটো মাৰিব লাগিব।” মানুহটোৱে শলাগি শলাগি আহি তাৰ থকা ঠাই পাই চিন্তা কৰিবলৈ ধৰিলে। সি কেনেকৈ সেই বাঘটো মাৰিব পাৰে। যেতিয়া বাঘ মৰাৰ দিন পৰিলহি, সি কিছুমান ডোল আৰু এটা ঢেঁকীথোৰা লৈ ভয়-ভয়কৈ হাবিত সোমালগৈ। সেই হাবিত এজোপা ডাঙৰ গছ আছিল। সি গৈ সেই গছৰ ওপৰত উঠি ”কে” ”কে” ”কে” ”কে” বুলি মিছা-মিছিকৈ গান গাই আছে আৰু চৰাইবিলাকে এই গছজোপাৰ পাতে পাতে পৰি কোঢ়াল কৰি আছে। তাকে শুনি বাঘে সেই গছৰ ওচৰলৈ আহি মানুহটোক সুধিলে,”ককাই তই চৰাইবিলাকক কি শিকাইছ?” সেই মানুহটোৱে ক’লে বোলে ”ভাই মই সিহঁতক গান শিকাইছোঁ।” তেতিয়া বঘে ক’লে, ”ককাই, মোকো তেনেকুৱা গান শিকাব পাৰিবি জানো?” মানুহটোৱে ক’লে,”তই হৈছ বাঘ, মই হৈছোঁ নৰমনিচ, তই মোক খাবি নহয়?” তেতিয়া বাঘে ক’লে,”মই সইত সইত তিনি সইত খাই কৈছোঁ, মই তোক নাখাওঁ। তই মোক তেনেকুৱা গান শিকা।” বাঘৰ কথা শুনি মানুহটোৱে গছৰপৰা নামি আহি বাঘৰ ঠেং চাৰিখন গোটাই খুবমতে বান্ধি পেলাই ঢেঁকীথোৰাটোৰে তাক মাৰিবলৈ ধৰিলে। মাৰত তত্‌ নেপাই বাঘে ক’লে,”ককাই, মই আৰু গান নিশিকো, মোক এৰি দে।” মানুহটোৱে ক’লে,”ভালকৈ শিক, নিশিকিবি?” এইদৰে মাৰি থাকোঁতেই বাঘ মৰিল। সি সেই বাঘটো আনি ৰজাক দেখুৱাই দিলে। তেতিয়া ৰজাই বৰ ৰং মনেৰে তাক ক’লে বোলে,”আজি তোমাৰ সৈতে যুঁজিবলৈ এটা বলী মানুহ আনি দিম, তুমি সেই মানুহটোক জিকিব পাৰা যদি তোমাক আৰু ধন-বস্তু দিম।” এইবুলি কৈ এটা বলী মানুহ আনি ৰাতি তাৰ লগত ৰজাই শুৱাই থ’লে। ৰাতি মানুহটোৱে বলী মানুহটোক ক’লে বোলে,”ভাই মই একোটা ভুকুতে এটা হাতী মাৰিছোঁ আৰু এটা ডাঙৰ বাঘ মাৰিছোঁ, তই মোৰ লগত কেনেকৈ যুঁজ কৰিবি? তই এতিয়া ভৰ বয়সত মোৰ লগত যুঁজি মৰিবলৈ আহিছনে?” এইবুলি কোৱাত সেই মানুহটো ভয়ত ৰাতিয়েই পলাই গ’ল। পিছে পুৱা ৰজাৰ বলী মানুহটো ৰজাই বিচাৰি নাপাই বাঘ মৰা বলী মানুহটোক বহুত ধন-বস্তু দি বিদায় দিলে আৰু তেতিয়াৰ পৰা হাতী আৰু বাঘৰ উপদ্ৰৱ গুচি নিৰাপদে ৰাজ্য চলাবলৈ ধৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment