Saturday, April 18, 2026
0 Shares

এজন বুধিয়ক মানুহ আৰু এটা ভূত

এজন বুধিয়ক মানুহ আৰু এটা ভূত

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি ঈছপৰ সাধুৰ পৰা "এজন বুধিয়ক মানুহ আৰু এটা ভূত" নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

এজন বুধিয়ক মানুহ আৰু এটা ভূত

বুধিয়ক মানুহ

এখন গাঁৱত এজন বুধিয়ক মানুহ বহু সুখে-শান্তিৰে বাস কৰিছিল। মানুহজন বৰ উপকাৰী আছিল। তেওঁ গাঁৱৰ প্ৰতিজন মানুহৰ সুখ-দুখৰ সমভাগী আছিল। কিবা বিপদত পৰিলেই মানুহবােৰ তেওঁৰ ওচৰলৈ দৌৰি আহিছিল। মানুহজনেও যথাসাধ্যে সহায় কৰিছিল।

এদিনাখন মানুহজনে সন্ধিয়া সময়ত অলপমান মুকলি বতাহ খাওঁ বুলি ঘৰৰ পৰা ওলাই গৈ ওচৰতে থকা নৈখনৰ পাৰ পালেগৈ৷ সি এজোপা গছৰ তলত জিৰণি ল’বলৈ বহিল। এনেতে তাত সি কান্দোনৰ শব্দ শুনিলে। ওপৰলৈ চাই পঠিয়াওতে দেখিলে যে গছৰ ডাল এটিত এটা সাঁফৰ লগােৱা বটল। বটলটো নমাই আনােতে দেখিলে যে বটলৰ ভিতৰত কিবা এটা আছে। সেইটোৱে কান্দি কান্দি ক’বলৈ ধৰিছে– মােক উলিয়াই দিয়া, মই তােমাক যি লাগে দিম, মােক উলিয়াই দিয়া।

বুধিয়ক মানুহ

মানুহজনৰ অন্তৰত দয়া উপজিল। সি লাহে লাহে সাফৰখন খুলি দিয়াত কিবা এটা ওলাই আহিল। সি তেতিয়া বাহিৰত ভীষণ ৰূপ ধাৰণ কৰিলে আৰু ক'বলৈ ধৰিলে- “ইমান দিনে বটলৰ ভিতৰত মই একো এটাকে খাব পৰা নাই। মই ভােকত অস্থিৰ হৈ পৰিছোঁ। আজি তােকে সন্মুখত পাইছোঁ যেতিয়া তােকেই খাই মই মােৰ ক্ষুধা নিবাৰণ কৰিম! বুধিয়ক মানুহজন বৰ সাহসীও আছিল। সি বৰ শান্ত-শিষ্ট ভাবে ক’বলৈ ধৰিলে- তুমি ইমান ডাঙৰ জীৱ এটা যে ইমান দিন বটলৰ ভিতৰত আছিলা বিশ্বাসে কৰিব পৰা নাই। কিবা সপােন-সপােন যেন লাগিছে। সঁচাকৈ তুমি বটলৰ ভিতৰত আছিলানে, নে গছৰ ডালত আছিলা?

ভূতটোৱে ক'বলৈ ধৰিলে– আমি দেহৰ আকাৰ সলনি কৰিব পাৰোঁ। ইচ্ছা কৰিলে আমি নিজকে এটা পৰুৱাৰ সমান সৰু কৰিবও পাৰোঁ। মানুহজনে অজলাৰ ভাও জুৰি ক'লে– বিশ্বাসে কৰিব পৰা নাই, এয়া কিদৰে সম্ভৱ ! মানুহজনৰ কথা শুনি ভূতটোৱে ক’লে- চাবা নেকি মই কিদৰে বটলত সােমাই যাব পাৰোঁ! দেখুৱালে চালােহেঁতেন, মানুহজনে ক'লে। লগে লগে ভূতটোৱে ক্ষুদ্র আকৃতি ধাৰণ কৰি বটলত সােমাই গ'ল। মানুহজনেও সেইটোকে বিচাৰিছিল। তেওঁ লগে লগে সাঁফৰখন বন্ধ কৰি দিলে। যাতে সি বাহিৰলৈ ওলাব নােৱাৰে। ভূতটোৱে ক’লে তুমিচোন সাঁফৰখন পুনৰবন্ধ কৰি দিলা! মই কেনেকৈ বাহিৰ ওলাও? মানুহজনে এটা সাফল্যৰ হাঁহি মাৰি ক'লে– “থাকা যিমান দিন মন যায় বটলৰ ভিতৰতে থাকা। উপকাৰীক অজগৰ হৈ গিলিব খুজিছিলা নহয় এতিয়া তাৰেই পৰিনাম ভোগা।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment