Tuesday, March 17, 2026
0 Shares

শিয়াল আৰু খৰিকটীয়া

শিয়াল আৰু খৰিকটীয়া

এদিনাখন এটা শিয়ালে হাবিৰ ইফালে-সিফালে ঘূৰি ফুৰোঁতে এজাক চিকাৰীৰ মুখামুখি হ’ল। চিকাৰীয়ে শিয়ালটোক মাৰিবলৈ খেদি লৈ ফুৰিলে। বেচেৰা শিয়ালটোৱে প্ৰাণৰ মায়াত দৌৰি দৌৰি গৈ গাঁৱত সােমাল আৰু এজন খৰিকটীয়াৰ ওচৰ চাপিল। সি খৰিকটীয়াজনক অনুৰােধ কৰিলে যে তাক আশ্রয় দিব লাগে, নহ'লে চিকাৰীৰ হাতত তাৰ প্রাণ যাব। তেতিয়া খৰিকটীয়াই শিয়ালটোক এটা জুপুৰীঘৰ দেখুৱাই দি তাত নিৰাপদে থাকিবলৈ ক’লে। কিছুসময়ৰ অন্তত চিকাৰীবােৰ আহি সেই ঠাইত ওলাল। সিহঁতে খৰিকটীয়াক সুধিলে– “তুমি এইফালে এটা শিয়াল দৌৰি যােৱা দেখিছানে?” খৰিকটীয়াজনে মুখেৰে নেদেখা বুলি ক'লেও কিন্তু আঙুলিৰে সেই জুপুৰী ঘৰটোৰ দিশে ইংগিত দিলে। বেচেৰা শিয়ালৰ ভাগ্য ভাল আছিল কাৰণে চিকাৰীহঁতে খৰিকটীয়াৰ ইংগিত বুজি নাপালে। ফলত শিয়ালৰ প্ৰাণ বাচিল আৰু সি লাহে লাহে ঘৰটোৰ পৰা ওলাই হাবিৰ ফালে যাবলৈ ধৰিলে। তেতিয়া, খৰিকটীয়াজনে শিয়ালক ক'লে, “তুমি বৰ অকৃতজ্ঞ। মই তােমাৰ প্ৰাণ বচালাে অথচ তুমি যাবৰ সময়ত মাত এষাৰাে নিদিলা।” তেতিয়া শিয়ালে ক’লে— “তােমাৰ কথা আৰু কামৰ মিল নাই বাবেই মই তােমাক ধন্যবাদ দিয়াৰ কথা নাভাবিলোঁ।”

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment