Tuesday, March 17, 2026
0 Shares

ঘোঁৰাৰ ছাঁ

ঘোঁৰাৰ ছাঁ

কোনাে এখন চহৰত এজন ঘোঁৰা ভাৰাত দিয়া ঘোঁৰা চহিচ বাস কৰিছিল। সি এদিনাখন তাৰ ঘোঁৰাটো ভাৰাত দি কিছু পইচা পাইছিল। পইচা পােৱাৰ পিছত চহিচৰ মনটোত আনন্দ লাগিছিল। সি মনতে ভাবিলে, ঘোঁৰাটো লােকক ভাৰালৈ দিও চোন জীৱনটো আৰামত চলাই দিব পাৰি। গতিকে এতিয়াৰ পৰা আন কাম বাদ, কেৱল ঘোঁৰাটো ভাৰাত দিম। তাৰ পিছত সি এখন ফলক যুগুত কৰিলে। সেই ফলকত লােকে দেখাকৈ ডাঙৰ-ডাঙৰকৈ এইবুলি লিখিলে যে ইয়াত ঘোঁৰা ভাৰালৈ পােৱা যায়। লাহে-লাহে কথাটো প্রচাৰ হােৱাত লােকে তাৰ ঘোঁৰাটো ভাৰালৈ বিচাৰি আহে আৰু তাৰ বিনিময়ত সি বহুত পইচা পায়। সেই পইচাৰে সি আৰামত বহি বহি সময়বােৰ অতিবাহিত কৰিব ধৰিলে।

অন্য এদিনাখনৰ কথা। চহৰৰ এজন মানুহে দিনটোৰ বাবে চহিচৰ পৰা ঘোঁৰাটো ভাৰালৈ ল'লে আৰু কিছু পইছা আগধন হিচাপে আগবঢ়াই ঘোঁৰাটো লৈ গ'ল। মানুহজনে ঘোঁৰাটো নিয়াৰ পিছত বহুসময় ধৰি বস্তু কঢ়িয়াই থাকিল, কাৰণ ভাৰাত লােৱা ঘোঁৰা। কিন্তু এটা সময়ত সি ভাগৰি পৰিল। ৰ'দৰ প্রকোপ অতিপাত বাবে ভাগৰি পৰাৰ কথাও। সেইকাৰণে সি এঠাইত ঘোঁৰটো ৰাখি তাৰ ছাঁত শুই দিলে। অলপ সময়ৰ বাবে তাৰ ভাল টোপনিও আহিল। কিন্তু এইখিনিতে এটা নলগা জেঙো লাগিল। মুখ চহিচজনে সেই মানুহজনক কলে যে সি ঘোঁৰাটো বস্তু কঢ়িয়াবলৈহে ভাৰাত লৈছিল তাৰ ছাঁত জিৰণি ল’বলৈটো ভাৰা লােৱা নাছিল। গতিকে সি যে ঘোঁৰাটোৰ ছাঁত জিৰণি লৈছে তাৰাে ভাৰা দিব লাগিব। ঘোঁৰা চহিচৰ কথাত কোনাে যুক্তি নাছিল বাবে মানুহজনে কথাষাৰ মানি নল’লে। ফলত দুয়ােজনৰ মাজত কমেও আধা ঘণ্টা তর্ক-বিতর্ক হ’ল। সিহঁতৰ মাজত এজন মানুহ সােমাইহে কাজিয়াখন ভাঙি দিলে। হয়তাে মানুহজন নাহিলে কিজানি কাজিয়াখনৰ অন্তই নহ'লহেঁলে। কাজিয়াখন অন্ত পৰাৰ পিছত ঘোঁৰাচহিচে তাৰ ঘোঁৰাটো বিচাৰিলে যদিও সেইসময়ত সি তাৰ ঘোঁৰাটো দিবলৈ সক্ষম নহ’ল। কাৰণ দুয়ােজনৰ মাজত কাজিয়াখন চলি থকা সময়ত সেই ঘোঁৰাটো ক'ৰবাত গুচি গৈছিল। হয়তাে সি তাৰ মূৰ্খ চহিচৰ সংগ ত্যাগ কৰিব বিচাৰিছিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment