Friday, April 17, 2026
0 Shares

কৰ্ত্তব্য জ্ঞান

 কামত আভূৱা ভাৰি গা এৰাব খোজা বহুত মানুহৰ স্বভাৱ। এই বিলাক মানুহে ভাবে যে কথমপি এপাহ মাৰি কাম দেখুৱাব পাৰিলেই হয়, তাত পাৰ্গতালি দেখুৱাবৰ সকাম নাই, এনে বিবেচনা বহুত মানুহৰ অধোগতিৰ কাৰণ হয়। যি এনে ভাব মনত লৈ কামত ধৰে, তাৰ কাম কেতিয়াও ভাল নহয়। ধন লৈ লোকৰ কাম কৰা মানুহৰ ভিতৰত এনেকুৱা ভাব বৰকৈ দেখা যায়। ই এটা ছলাহি ভাব। ইয়াৰ দুটা কাৰণ হ'ব পাৰে। কোনোৱে নিজৰ গাত দুখ নিদিয়াকৈ ধন ঘটিব খোজে, কোনোৱে অল্প সময়ৰ ভিতৰত সৰহ কাম দেখুৱাই সৰহকৈ ধন ঘটিব খোজে, কিন্তু সিহঁতৰ এটা অভিপ্ৰায়ো সিদ্ধ নহয়। যি গাত দুখ নিদিয়াকৈ কাম কৰিব খোজে সি ভবা উচিত যে ভালকৈ কাম কৰিলেও সেই দুখ হয়। বগলীৰ পাখি যেন নিকা কৰি কাপোৰ ধোওঁতে ধোবাৰ যিমান দুখ হয়, মলি ৰাখি ধুলেও সিমান দুখেই হয়। শকত মেজ এখন কৰোঁতে বাঢ়ৈৰ যিমান দুখ হয়, হেলেক্‌লেকীয় এখন কৰোঁতেও সিমানেই দুখ হয়। তেনেহলে ধোবা আৰু বাঢ়ৈৰ দুখ ক'ত কমিল? সেইদৰে যি অলপ সময়ৰ ভিতৰতে সৰহ কাম কৰি সৰহ ধন ল'বৰ মনেৰে আভুৱা ভাঁৰি কাম কৰে, তাৰ বুদ্ধি বিপৰ্য্যয়ৰ। সিও ভাবি চোৱা উচিত যে ভাল কামৰ মূল্য সৰহ, এপাহ মৰা কামত কোনেও সৰহ ধন নাভাঙ্গে। এপাহ মাৰি থোৱা কুৰিটা কামৰ বেচ ভালকৈ কৰা দুটা কামতেই পোৱা যায়। মুঠতে ক'ব লাগিলে, এপাহ মাৰি কাম কৰিলে কোনো সুফল নফলে, কিন্তু কুফল হ'লে নিশ্চয় ফলে। যিবিলাক মানুহে লোকৰ ঘৰত চাকৰ খাটি জীৱিকা চলায়, সিহঁতে যদি এপাহ মাৰি কাম কৰে, তেনেহলে অচিৰে সিহঁতৰ চাকৰী যায়। এনেকুৱা মানুহে অৱশেষত চাকৰী বিচাৰি নাপায়, বা পালেও অানৰ সমান ধন ঘটিব নোৱাৰে। গৃহস্থালিৰ কাম কৰা চাকৰৰ যি পটন্তৰ, ৰাজঘৰীয়া ডাঙৰ বিষয়াৰো সেই পটন্তৰ; আভুৱা ভঁৰা কুৰ্ব্বুধিত চলিলে সিহঁতৰ অধোগতি হয়। সদায় আভুৱা ভাঁৰি কাম কৰিলে পদত উধাওক চাৰি হাতৰ পদ ৰাখিবলৈ টান হয়। এইবোৰ অপকাৰৰ বাজেও আভুৱা ভঁৰা দোষৰ আৰু অপকাৰ আছে। লোকৰ কাম আভুৱা ভাঁৰি কৰোতে সেই দোষ অনুক্ৰমে স্বভাৱত খাৰি বান্ধে অৰ্থা তেনে মানুহে পাচত নিজৰ কামো ভালকৈ কৰিব নোৱাৰা হয়। এতেকে নিজৰেই হওক বা লোকৰেই হওঁক কাম সততে ভালকৈ কৰা যুগুত। কৰ্তব্যবোধ থকা মানুহে কামত কেতিয়াও আপোন পৰ নিবিচাৰে, লোকৰ কামকো নিজৰ যেন ভাবি ভালকৈ কৰে। সিহঁতে এটা কাম কৰিম বুলি গাত ল'লেই এটা জগৰ লগোৱা যেন পায়, আৰু যেনে তেনে প্ৰকাৰে কামটো কৰিলেই তাৰ আপদাৰ এৰাল বুলি নাভাবে। এই শ্ৰেণীৰ মানুহবিলাক সকলোৰেই মৰম আৰু বিশ্বাসৰ পাত্ৰ হয় আৰু সৰহ বিদ্যা বুদ্ধিৰ গৰাকী নহ'লেও সংসাৰত উদ্‌গতি কৰিব পাৰে।

 আগৰ কালত যি বিলাক মানুহে সংসাৰত উদ্‌গতি সাধন কৰি কীৰ্তি থৈ গৈছে তেওঁলোকে সকলোৱেই কৰ্ত্তব্য জ্ঞানত চহকী আছিল, তেওঁলোকে কৰ্ত্তব্য সাধনৰ নিমিত্তে প্ৰাণকো উৰ্চগা কৰিব পাৰিছিল। বৰ্তমান কালতো কৰ্ত্তব্য কামৰ তুলনাত প্ৰাণক তুচ্ছ দেখা মানুহ বহুত আছে। প্ৰত্যেক ডাঙৰ কামত এনেকুৱা এজন মানুহ নায়ক ন‍হ'লে কাম কেতিয়াও সুসিদ্ধ নহয়। এজনৰ কৰ্তব্যবোধৰ গুণত সহস্ৰ মানুহৰ প্ৰাণ ৰক্ষা পৰা, এজনৰ কৰ্তব্যবোধৰ গুণত অসাধ্যসাধন হোৱা, এজনৰ কৰ্তব্যবোধৰ গুণত অসাধ্য কাম সাধন হোৱা বুৰঞ্জীত বহুত পোৱা যায়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত এবাৰ বিদ্ৰোহী চিপাহী বিলাকৰ কলাই খাৰৰ নাটনি হৈছিল। সেই সময়ত কাউনপুৰ অঞ্চলত এটা ইংৰাজ গভৰ্ণমেন্টৰ খাৰ ভঁৰাল আছিল, ভঁৰাল কলাই খাৰৰে ভৰপূৰ। বিদ্ৰোহী চিপাহীবিলাকে সেই ভঁৰালৰ ৰখীয়া বিষয়াজনক বুহুমূলীয়া ভেটিও যাচিছিল, কিন্তু ৰখীয়া বিদ্ৰোহীৰ চহনিত ভোল নহ'ল, তেওঁ ভঁৰালটো কোনোমতেই এৰি নিদিলে। অৱশেষত আন উপায় নেদেখি চিপাহীবিলাকে ভঁৰাল লবলৈ যুঁজ পাতিলে। ৰখীয়া বিষয়াজনৰ লগত ৰণুৱা অলপ মাথোন আছিল, বিদ্ৰোহীৰ চিপাহীৰ সংখ্যা সৰহ, গতিকে তেওঁ চিপাহীৰ ৰণত জিকিব নোৱাৰিলে। পাচত তেওঁ দেখিলে যে ভঁৰাল ৰাখিবৰ আৰু উপায় নাই, সি নিশ্চয় বিদ্ৰোহীৰ হাতত পৰিব, সেই দেখি তেওঁ তাক পুৰি পেলোৱা উচিত বিবেচনা কৰিলে। কিন্তু ভঁৰালত জুই দিলে তেওঁৰ প্ৰাণ ৰক্ষা নপৰে, তাৰ লগতে পুৰি মৰিব লাগিব। এইটো বৰ টান কথা, কিন্তু বিষয়া জনে ইয়াক টান যেন নাভাবিলে, তেওঁ নিৰ্ভয়ে গৈ ভঁৰালত জুই লগাই দিলে। খাৰৰ ভঁৰাল জুইৰ গোন্ধ পোৱা মাত্ৰই ভয়ঙ্কৰ শব্দ কৰি ছাৰখাৰ হ'ল, আৰু বিষয়াজনেও তাৰ লগতে প্ৰাণ এৰিলে। এইদৰে ভঁৰাল নষ্ট নকৰাহেঁতেন তাৰ বলত বিদ্ৰোহীবিলাকে দেশত আৰু বহুত উপদ্ৰব কৰিলেহেঁতেন। বিষয়াজনৰ কৰ্ম্মৰ গুণত ইমান এটা ভয়ঙ্কৰ বিপদ নিবাৰণ হ'ল। এই বিষয়া জনৰ কৰ্ত্তব্যবোধ শলাগিব লগীয়া। যেতিয়া যুঁজত হাৰিল, তেতিয়া তেওঁ ভাঁৰল এৰি দি প্ৰাণ লৈ গুচি যাব পাৰিলেহেঁতেন, তাৰ পৰা তেওঁৰ কোনো অখ্যাতি বা অপৰাধ নহ'লহেঁতেন, তথাপি যে তেওঁ জুইত জাহ দিলে, ই কেৱল তীক্ষ্ণ কৰ্ত্তব্যবোধৰ গুণ। চীন জাপানৰ ভিতৰত যি যুঁজ হৈ গৈছে, তাতো কৰ্ত্তব্যবোধৰ পটন্তৰ বহুত পোৱা যায়। এখন সমুদ্ৰ-যুঁজত এজন জাপানী চিপাহীয়ে জাহাজত থকা খাৰ ভঁৰালৰ ৰখীয়াৰ বাব পাইছিল। এদিন যেতিয়া দুই পক্ষৰ ভিতৰত তয়াময়া যুঁজ, তেতিয়া পানীৰ সোঁতৰ কাৰণেই হওক বা আন কোনো কাৰণতেই হওক খাৰ থকা জাহাজখন ঘুৰিলে আৰু খাৰ ভঁৰালটো শত্ৰু পক্ষৰ ফালে পৰিল। এই সুচল পাই সেই সেনাবিলাকে তাৰ ওপৰত ধাৰাসাৰে গুলি বৰষিবলৈ ধৰিলে। ৰখীয়াজনে দেখিলে যে খাৰত গুলি পৰিলে জুই লাগি প্ৰমাদ মিলিব, সেই দেখি ভঁৰাল ঢাকিবলৈ সি দুৱাৰ মুখত থিয় হ'ল, খেহৰ গুলি তাৰ গাত পৰিব ধৰিলে কিন্তু খাৰ ঢুকি নাপালেগৈ, যদিও দুই এট তাৰ গা সৰকি গৈ খাৰত পৰিছিল, বাটত জুৰাই যোৱাত খাৰত জুই নালাগিল। সেইদিনৰ যুঁজ শেষ হ'লত জাপানী সেনা সকলোৱে নিজ নিজ ঠাইত জিৰণি ল'বলৈ গ'ল, কিন্তু খাৰ ৰখীয়াজন ভঁৰালৰ দুৱাৰতে থিয় হৈ থাকিল। ইয়াৰ কাৰণ বুজিব নোৱাৰি জনচেৰেক মানুহ চাবলৈ গ'ল, গৈ দেখিলে যে তাৰ জীৱ নাই, মৰিছে, আৰু শটো ঠেৰেঙ্গা মাৰি থিয় হৈ আছে, তাৰ গাতে একুৰী আঠোটা গুলিৰ ফুটাও আছে। এইটো কৰ্ত্তব্যবোধৰ এটা উগ্ৰ দৃষ্টান্ত। এইবোৰৰ বাদে আজি কালিৰ দিনত জাহাজ চলাওঁতা আৰু ৰেইল গাড়ী চলাওঁতা বিষয়াবিলাকে নিজৰ প্ৰাণ দি যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা মাজে সময়ে শুনা যায়। এনেকুৱা অটল কৰ্ত্তব্য জ্ঞান থাকিলে কৰ্ম্ম সিদ্ধি নহৈ থাকিব নোৱাৰে। কৰ্ত্তব্য জ্ঞানে কৰ্ম্মলৈ উৎসাহ আৰু প্ৰতিজ্ঞা জন্মায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories