Friday, April 17, 2026
0 Shares

কৰ্ম

 ওখ ঠাইত উঠিবলৈ যেনে এটা আলম লাগে, উদ্‌গতি কৰিবলৈ তেনে এটা আলম লাগে। কেৱল বিদ্যা বুদ্ধি আৰ্জি লৈ বহি থাকিলে জীৱনত উদ্‌গতি কৰিব নোৱাৰি। বিদ্যা উদ্‌গতিৰ এবিধ আহিলা হয়, কিন্তু আলম নহয়। কৰ্ম্ম হৈছে উদ্‌গতিৰ আলম। মানুহে কৰ্ম্মৰ সহায়ত সামান্য অৱস্থাৰ পৰা ভাল অৱস্থালৈ উঠে। কৰ্ম্ম নহ'লে বিদ্যা বুদ্ধি সকলো নিষ্ফল হয়।

 যেই সেই কৰ্ম্মই যেই সেই মানুহৰ উদ্‌গতিৰ আলম হ'ব নোৱাৰে, মানুহে পতি কৰ্ম্ম বেলেগ বেলেগ হয়। যাৰ যি কৰ্ম্মত ৰাপ সি সেই কৰ্ম্ম বাছি লোৱা উচিত; কিন্তু কৰ্ম্ম বাছনি নিচেই উজু নহয়। কৰ্ম্ম বাছি ল'ব নজনাৰ দোষত কোনো কোনোৱে গোটেইটো জীৱন কৰ্ম্ম কৰিও সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। কৰ্ম্ম বাছনি সম্বন্ধে নিজৰ মনেই মঙ্গল, অৰ্থাৎ যি কামটো নিজৰ মনত ভাল লাগে, তাকে ল'ব লাগে। সচৰাচৰ দেখা যায় যে একোজন মানুহৰ কোনো এটা বিশেষ কামত ৰতি থাকে, সেই কাম সি কৰিবলৈ ভাল পায়, আৰু অপ্ৰয়াসে কৰিব পাৰে, কিন্তু কোনোটো কাম অহোপুৰুষাৰ্থ কৰিও কৰিব নোৱাৰে। পাচে যদি বুজাৰ ভুলত বা আন কোনো কাৰণত সি পোনৰ বিধ এৰি শেষৰ বিধ কামৰ আলম লয়, তেনেহলে সংসাৰত উদ্‌গতি কৰা তাৰ পক্ষে টান হয়। এতেকে যি কামত যাৰ ৰতি থাকে সেই কামহে সি জীৱনত ব্যৱসায় কৰি লোৱা উচিত। যাৰ কৃষিত ৰতি সি কৃষি, যাৰ বেপাৰত ৰতি সি বেপাৰ আৰু যাৰ বিষয়ত ৰতি সি বিষয় গ্ৰহণ কৰা উচিত। কৃষি ভাল পোৱা মানুহে বিষয় বা বিষয় ভাল পোৱা মানুহে কৃষি গ্ৰহণ কৰিলে অসঙ্গত আলমৰ আশ্ৰয় লোৱা হয়। সৰহ লাভৰ আশাত মনে নধৰা বৃত্তি গ্ৰহণ কৰিলে মানুহে কেতিয়াও সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। ঘুৰণীয়া ফুটাত শিৰ পতা ঠিলা কেতিয়াও খাপ খাই নবহে।

 কাম বাছি লওঁতে আৰু এটা কথালৈ মন কৰা উচিত। কৰ্ম্মীৰ পক্ষে যশস্যা এটা প্ৰৱল উদ্‌গতি। যি কামত মানুহে যশস্যা পায় সেই কামটো কৰিবলৈ তাৰ ধাউতি বাঢ়ে। যশস্যাই মানুহৰ এগুণ উৎসাহ চাৰিগুণ কৰে। কিন্তু সকলো কামৰ যশস্যা সকলোৱে ভাল নাপায়, কোনোৱে বেজালিৰ যশস্যা ভাল নেপায়, কোনোৱে বাঢ়ৈয়ালিৰ যশস্যা ভাল নাপায়, কোনোৱে খনিকৰালিৰ যশস্যা ভাল নাপায। পাচে যদি বেজালিৰ যশস্যা ভাল নোপোৱা মানুহ জনে বেজালি বৃত্তি গ্ৰহণ কৰে, তেন্তে সেই কামত তাৰ ধাউতি হ'ব নোৱাৰে, আৰু ধাউতি নহ'লে কাম ভাল নহয়। এতেকে যি যি কামৰ যশস্যা ভাল পায় সি সেই কামটোহে বৃত্তি কৰি লোৱা উচিত।

 সংসাৰত মানুহ বোলাবলৈ আৰু সুখে সকলমে দিন নিয়াবলৈ মানুহক ধন লাগে। বিনা ধনে সম্পদ লাভ কৰিব নোৱাৰি। যি ধনৰ দুখীয়া সি মান মৰ্য্যাদা সকলোৰে দুখীয়া। সি সংসাৰত ডাঙ্গৰ কাম কৰি নাম জলাওক চাৰি নিজেই অশেষ কষ্টেৰে জীৱন কটায়। সেই দেখি বৃত্তি বাছি লওঁতে ধন হোৱা বৃত্তি লোৱা উচিত। ধন উপাৰ্জ্জন নিজে এটা শিক্ষাৰ বিষয় নহয়, ই বিদ্যা আৰু বৃত্তিৰ লগৰীয়া বস্তু। বিদ্যাৱন্ত মানুহে বুদ্ধিৰে বৃত্তি চলালে ধন হয়।

 বেপাৰ, কৃষি আৰু ৰাজঘৰীয়া বিষয়, এই তিনি শ্ৰেণীৰ ভিতৰত বৃত্তি বিলাক ধন হোৱা আৰু অৰ্থকৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সজ আৰু কিছুমান অসজ আছে। অসজ বিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। অসজ বৃত্তিয়ে মানুহক অসজ কামলৈ নিয়ে। অসজ কাম কৰি অব্বুৰ্দ অৰ্থ ঘটিলেও সুখ্যাতি বা পুৰুষালি নাই, আৰু মনতো নিভাঁজ সন্তোষ নোপজে। আওবটীয়া ধনতকৈ দৰিদ্ৰতাও ভাল। কোনবোৰ সজ বৃত্তি আৰু কোনবোৰ অসজ বিত্তি তাৰ এটা এটাকৈ লেখ দিয়াৰ সকাম নাই। সজ আৰু অসজ বৃত্তি চিনিবলৈ টান নহয়। যি বৃত্তি চলাওঁতে নীচ বা নিন্দনীয় কাম কৰিব লাগে সেই বৃত্তি অসজ, আৰু যি বৃত্তিত তেনেকুৱা কাম কৰিব নালাগে সেই বৃত্তি সজ। ফটিকাৰ বেপাৰ এটা অসজ বৃত্তি। ফটিকা ব্যৱহাৰ কৰি মানুহ বলিয়া হয়, আৰু অকাম কৰে। এতেকে মানুহক তেনে ফটিকাৰ যোগান দিয়া এটা ভাল কাম নহয়, সি নীচ কাম, আৰু সেই বৃত্তিও অসজ বৃত্তি। যি বৃত্তি চলালে দেশৰ বা সমাজৰ উপকাৰ হয় সেইবোৰ বৃত্তি সজ। বৃত্তি বাছি লওঁতে তেনে বৃত্তিহে লোৱা উচিত।

 ভাৰতত স্বতন্তৰীয়া বৃত্তিলৈ মানুহৰ শ্ৰদ্ধা নাই। স্বতন্তৰীয়া বৃত্তি চলালে মানুহৰ মান যায় বুলি বিবেচনা কৰে। এতিয়াৰ মানুহে ৰাজঘৰীয়া বিষয়কেই বাছকবনীয়া বৃত্তি বুলি ধৰে। এই নিমিত্তে শিক্ষিত তৰপৰ পৰা এটাইবিলাক মানুহেই ৰাজঘৰীয়া বিষয় বিচাৰে। স্বতন্তৰীয়া বৃত্তি সকলোবোৰ অশিক্ষিত মানুহৰ হাতত পৰিছে। কিন্তু অশিক্ষিত মানুহৰ বুদ্ধি কম। সিহঁতে পুৰণি উপায়ৰ বাজে কোনো কামত নতুন উপায উলিয়াব নোৱাৰে। ভাৰতৰ কমাৰ, কুমাৰ, বাঢ়ৈ, খনিকৰ সকলোৱে অতীজ কালৰ প্ৰণালীৰেই নিজ নিজ বৃত্তি চলাই আছে। সিহঁতৰ পিতৃ পিতামহ সকলে যেনেকুৱা বস্তু গঢ়িছিল, সিহঁতেও তেনেকুৱা বস্তুহে গঢ়িব পাৰে, গঢ় সলাই নতুনকৈ চকুত লগা বস্তু গঢ়িব নোৱাৰে। ভাৰতৰ কৃষি আৰু বেপাৰো অশিক্ষিত মানুহৰ হাতত, সেই দেখি সেই দুই বৃত্তিৰো আজিলৈকে কোনো পৰিবৰ্ত্তন হোৱা নাই। এই বৃত্তিবিলাক সুশিক্ষিত মানুহৰ হাতত পৰা হেঁতেন ইমান দিনে বহুত উন্নত হ'লহেঁতেন। সকলো কামতে বিদ্যা বুদ্ধি লাগে, বিদ্যা বুদ্ধি লগাই কৰিলেহে কামটো ভালকৈ সিজে। স্বতন্তৰীয়া বৃত্তিত বিদ্যা বুদ্ধিৰ বিশেষ প্ৰয়োজন আছে। বিদ্যাৰ সাৰ দিলে বৃত্তিৰ উদ্‌গতি হয়। ইউৰোপত আৰু আমেৰিকাত স্বতন্তৰীয়া বৃত্তি শিক্ষিত মানুহৰ হাতত, সেই দেখি বৃত্তিবোৰ তাত উন্নতি হৈছে। প্ৰত্যেক বিষয়তে ন ন কথা, প্ৰত্যেক বস্তুৰে নানা ৰকম দিনে দিনে ওলাব লাগিছে। স্বতন্তৰীয়া বৃত্তি চলাই মান যশস্যা লাভ কৰিব নোৱাৰি বুলি ভবাও ভুল। ইউৰোপ আমেৰিকাৰ দৃষ্টান্তলৈ চালেই এই ভুল ধৰা পৰে। এই দুই দেশত অনেক মানুহে স্বতন্তৰীয়া বৃত্তিৰ আলম লৈ মান্যৱন্ত, ধনৱন্ত, আৰু যুগযুগান্তলৈ খ্যাতিৱন্ত হৈছে।

 আনে নজনা কোনো নতুন বৃত্তি উলিয়াব পাৰিলে ধন আৰ্জ্জনৰ কাম ঢিলা হয়, কিন্তু তেনে বৃত্তিত একেবাৰে খাস্তাং হ'বৰো আশঙ্কা থাকে; আশয় নোপোৱা বৃত্তি অচিনাকি বাটৰ নিচিনা, তাত মানুহ আঢ্যৱন্তও হ'ব পাৰে, দৰিদ্ৰও হ'ব পাৰে। প্ৰচলিত বৃত্তিবিলাকত তেনে আশঙ্কা কম,তাৰ সন্ধি সঙ্কট আগৰ পৰা জনা থাকে সেই দেখি আগেয়ে তাৰ উপায় সাজি ল'ব পাৰি। নতুন বৃত্তিত আগ ধৰি উপায় সাজি লোৱা সম্ভৱ নহয় কাৰণ তাত কেতিয়া কি সঙ্কট ওলাব জনা নাথাকে। এই নিমিত্তে নতুন বিত্তিৰ আলম লোৱা কোনো কোনো মানুহ অচিৰে আঢ্যৱন্ত হয়,আৰু কোনো কোনো অচিৰে উপান্ত হোৱা দেখা যায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories