Friday, April 17, 2026
0 Shares

চৰিত্ৰ

উদ্‌গতিৰ আন এটা আহিলা চৰিত্ৰ। সৎ চৰিত্ৰ উদ্‌গতি পথৰ প্ৰৱল সহায়। যি মানুহে সৎ চৰিত্ৰক সাৰথি কৰি উদ্‌গতি পথত যাত্ৰা কৰে, তাক কোনো অপায়ে পশিব নোৱাৰে। ধনৰ বল বা বিদ্যাৰ বল একোৱেই চৰিত্ৰ বলৰ সমান নহয়। কুচৰিত্ৰৰ কুফল ধন বাব বিদ্যাৰে খণ্ডাব নোৱাৰি। ধনৱন্ত আৰু বিদ্যাবন্ত মানুহো চৰিত্ৰৰ দোষত ৰসাতললৈ যায়। চৰিত্ৰহীন মানুহৰ শত্ৰু সৰহ, এতেকে সংসাৰত সিহঁতৰ বিপদো সৰহ। ধনহীন বা বিদ্যাহীন হলে মানুহে আনৰ পুতৌ পায়, কিন্তু চৰিত্ৰহীন হ'লে তাক কোনেও দেখিব নোৱাৰে। সৎ চৰিত্ৰ মানৱ স্বভাৱৰ জেউতি। আন গুণ নাথাকিলেও, অকল সেয়েই মানুহৰ শোভা বঢ়ায়। চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পবিত্ৰ, আৰু আনকো পবিত্ৰ কৰে। চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে; আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সঙ্কুচিত হয়। ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মহত্ত্ব প্ৰাপ্ত হয়। কুচৰিত্ৰই মানহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই দেবত্বলৈ তোলে। সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতিৰ মেৰুদণ্ড নিচিনা।

চৰিত্ৰৰ মূল অভ্যাস। কোনো এটা কাম সদায় কৰি থাকিলে, তাক পাচত গৈ এৰিব নোৱাৰা হয়। আৰু এৰিব নোৱাৰা হ'লেই সেই কামটো অভ্যাস হোৱা বোলে। মানুহে পতি একোটা অভ্যাস আছে। কোনো মানুহৰ পুৱায় উঠা অভ্যাস, কোনো মানুহৰ বেলিকৈ উঠা অভ্যাস, কোনো মানুহৰ এসাঁজ খোৱা অভ্যাস, কোনো মানুহৰ তিনি সাঁজ খোৱা অভ্যাস। এনেবিলাক কামত যেনেকৈ মানুহৰ একোটা অভ্যাস জন্মে, আচাৰ ব্যৱহাৰ সম্বন্ধেও সেইদৰে মানুহে মানুহে একোটা ভিন ভিন অভ্যাস জন্মে। কোনো মানুহৰ খিয়াল কৰা অভ্যাস হয়, অৰ্থাৎ সি খিয়াল নকৰি থাকিব নোৱাৰে। এইদৰে আচাৰ ব্যৱহাৰ সম্বন্ধে যিবোৰ অভ্যাস জন্মে, সেইবোৰ গোট খাই চৰিত্ৰ হয়। মানুহৰ অন্তৰত ভাল আৰু বেয়া দুই শ্ৰেণীৰ বৃত্তি আছে। দয়া এটা ভাল আৰু লোভ এটা বেয়া বৃত্তি। ভাল বৃত্তিৰ গুণত ভাল অভ্যাস জন্মে যেনে, দয়াৰ গুণত মানুহ দানী হয়, পৰোপকাৰী হয়। বেয়া বৃত্তিৰ গুণত বেয়া অভ্যাস জন্মে যেনে, লোভৰ গুণত মানুহ চোৰ হয়, ঠগ হয়। এতেকে ভাল বৃত্তিৰপৰা ভাল আৰু বেয়া বৃত্তিৰ পৰা বেয়া চৰিত্ৰ জন্মে। ভাল বেয়া দুয়ো বিধ বৃত্তিকে মানুহে যত্ন পুৰুষাৰ্থ কৰি বঢ়াব টুটাব পাৰে। যি চৰিত্ৰ ভাল কৰিব খোজে সি তাৰ বেয়া বৃত্তিবোৰ দমন ৰাখি ভালবোৰৰ তেজ বঢ়োৱা উচিত।

       মানুহৰ বেয়া বৃত্তিবোৰ কৰ্ষণ নকৰাকৈ আপোনা-আপুনি ফুঁটি ওলায়, কিন্তু ভালবোৰ জ্ঞান বুদ্ধি থিৰ হ'লেহে দেখা দিয়ে। ল'ৰাকালত মানুহে ক্ৰোধ লোভ আদি বেয়া বৃত্তিবোৰৰ অধীনত থাকে,তেতিয়া তাৰ মনত ভাল বৃত্তিৰ ক্ৰিয়া দেখাই নাযায়, ডাঙ্গৰ হৈ হিতাহিত জ্ঞান লাভ কৰিলে তেতিয়া ভাল বৃত্তিবোৰ দেখা দিব ধৰে। মানহৰ জীৱনত কিয় বেয়া বৃত্তিবোৰ আগ বাঢ়ি ওলায় তাৰ কাৰণ ঠাৱৰোৱা টান, আৰু ইয়াত সেই কথা আমাৰ বিচাৰৰ বিষয় নহয়। কিন্তু বেয়া বৃত্তিবোৰ আগবঢ়াৰ নিমিত্তে মনুষ্য জাতিৰ অশেষ অপকাৰ হৈছে। সিহঁতৰ দণ্ডিত মানুহে প্ৰথমতে বেয়া বাটে খোজ লয়। বেয়া বৃত্তিবিলাক মনুষ্য জীৱনত প্ৰথম নায়ক নোহোৱাহেঁতেন, সংসাৰত ইমান কুকাম দেখা নগ'লহেঁতেন, পৃথিৱী স্বৰ্গৰ নিচিনা সুখৰ আলয় হ'লহেঁতেন। বেয়া বৃত্তিবিলাকে আগেয়ে মানুহক বেয়া বাটত পেলাই দিয়ে, পাচত জ্ঞানৰ বলেৰেহে তাৰপৰা উদ্ধাৰ হ'ব লাগে। এই দেখি মানুহে চৰিত্ৰ গঠন কৰা কামক চৰিত্ৰ সংশোধন নাম দিছে। আদিতে সকলো মানুহৰ চৰিত্ৰ বেয়া থাকে, পাচত জ্ঞান বুদ্ধি উপজিলে তাক শুধৰাই লয়। কিন্তু বেয়াক ভাল কৰা বা অপবিত্ৰক পবিত্ৰ কৰা বৰ টান কথা। আৰম্ভতে সজ বাট লগাই দিবলৈ উজু, কিন্তু অসজ বাটত চলি থকা মানুহক তাৰ পৰা ওভতাই অনা টান। সেই দেখি সংসাৰত সজ মানুহৰ সংখ্যাতকৈ অসজ মানুহৰ সংখ্যা সৰহ। আগৰ পৰা অসজ পথত প্ৰবৰ্ত্তাৰ নিমিত্তে তাত মানহৰ ৰাপ জন্মে, পাচত জ্ঞানৰ পোহৰত তাৰ কুন্ধচালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল'লে, পাচত শুধৰোৱা টান হয়। কোমলতে ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। যি মানুহে কুকাম কৰি কৰি হাড় পকাইছে তাৰ চৰিত্ৰ সংশোধন কৰা কদাপি সম্ভৱ নহয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories