Friday, April 17, 2026
0 Shares

পুথি অধ্যয়ন

পুথি অধ্যয়ন বিদ্যা উপাৰ্জ্জনৰ ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও কতো বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। আনে থুপাই থোৱা ধন হাতত পৰিলে আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহুত যত্ন পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঢ়িলেই তেওঁৰ আৰ্জিত এটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় কৰা নকৰা হেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শকিব লগীয়া হোৱা হেঁতেন, মানুহে কেতিয়াও ইমানখিনি উদ্‌গতি কৰিব নোৱাৰিলে হেঁতেন। ভাপৰ বল আৰু বিদুলীৰ বল পোন প্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময়, আৰু বহুত ধন খৰচ হৈছিল, কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক শিকি লব পাৰে।

 এইদৰে পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি, সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। মূলধন নহলে ধন আৰ্জিবলৈ টান, সেই দৰে মূল বিদ্যা নহলেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ, সি সৰহকৈ ধন আৰ্জিব পাৰে; সেইদৰে যাৰ মূল বিদ্যা সৰহ, সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথা চমুকৈ ক'ব লাগিলে, পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্‌গতি কৰিব পাৰে, যাৰ দুৰ্ব্বল সি নোৱাৰে।

 পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়। আন আন দেশত থকা পণ্ডিত বিলাকেৰে সৈতে সাক্ষাৎ হোৱা বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা, আৰু সাক্ষাৎ হ'ব পাৰিলেও, তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰে পক্ষে সহজ নহয়। কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিতবিলাকৰ সজ উপদেশ ঘৰত বহিয়েই পোৱা যায়। সেইদৰে আমি পৰলোকগামী পণ্ডিতবিলাকৰো বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰোঁ।

 সংসাৰত উদ্‌গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোতা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই। কোনো এখন পুথি পঢ়ি তাৰ ভাব বুজি ল'ব লাগিলে, মন পুতি পঢ়িব লাগে, ওপৰে ওপৰে চেলেংপেতেংকৈ পঢ়িলে আচল ভাব উদ্ধাৰ কৰিব নোৱাৰি। সেই দেখি পঢ়িবৰ সময়ত মনটোক আন সকলো কথা পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে। যি সদায় এইদৰে মনক এটা কথাত লগাই ৰাখে, তাৰ চঞ্চলতা অনুক্ৰমে কমি যায়, আৰু কালত গৈ সি এটা বিষয়ত একাণপতীয়া হৈ লাগিব পাৰে।

 পুথি পঢ়াৰ আৰু এটা বহুমূলীয়া গুণ আছে। সৎসঙ্গৰ পৰা যে মানুহৰ সৎ স্বভাৱ ওপজে এই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ লয়। মানুহ ভাল সঙ্গত থাকিলে ভাল হয়,আৰু বেয়া সঙ্গত থাকিলে বেয়া হয়। মানুহৰ সঙ্গৰ নিচিনা পুথিৰ সঙ্গয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য্য কৰে। প্ৰত্যেক পুথিয়েই ৰচোঁতা জনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় ,আৰু সদায় একে পুথিকে পঢি়লে তেওঁৰ সঙ্গত থকা যেন গুণ ধৰে। এতেকে ভাল পুথি পঢি়লে ভাল সঙ্গত থকা যেন,আৰু বেয়া পুথি পঢ়িলে বেয়া সঙ্গত থকা যেন ফল হয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories