Friday, April 17, 2026
0 Shares

প্ৰতিজ্ঞা

 মূল্য অনুসৰি কাম উজু বা টান হয়, অৰ্থাৎ অলপ মূল্যৰ কাম উজু, আৰু সৰহ মূল্যৰ কাম টান। অলপ মূল্যৰ কাম হেলাৰঙ্গে কৰিব পাৰি, সৰহ মূল্যৰ কামত বহুত যত্ন আৰু শ্ৰম লাগে। কিন্তু যত্ন আৰু শ্ৰম দুয়ো কষ্টদায়ক, সেই দেখি বিদ্যা বুদ্ধি থকা মানুহেও কষ্টৰ ভয়ত সৰহ মূল্যৰ কামত হাত দিবলৈ মান্তি নহয়। কষ্টৰ ভয় মনৰ পৰা গুচাব নোৱাৰিলে সংসাৰত উদ্‌গতি কৰিব নোৱাৰি, এতেকে সংসাৰ যাত্ৰীয়ে ইয়াক গুচাবলৈ চেষ্টা কৰা উচিত। প্ৰতিজ্ঞা এই ভয়ৰ পৰম ঔষধ। প্ৰতিজ্ঞা কৰি কামত লাগিলে শ্ৰমৰ ভয় কেনিবা যায়। আনৰ লগত আৰি মাৰি মানুহে টান কাম সহজে কৰে, আৰিত জিকিবলৈ একাণপতিয়াকৈ লাগে, দুখ কষ্টলৈ সি একেবাৰে আওকণীয়া হয়। আৰিত প্ৰতিজ্ঞা আছে, সেই প্ৰতিজ্ঞাৰ আগত শ্ৰমৰ ভয় খন্তেকো তিষ্ঠিব নোৱাৰে। এইদৰে আৰি মাৰি, অৰ্থাৎ প্ৰতিজ্ঞা কৰি কামত নালাগিলে ডাঙৰ কাম সিদ্ধ নহয়। জীউ উছৰ্গি কাম কৰিবা, তেহে তাৰ ফল লভিবা, এই বচন দৃঢ় প্ৰতিজ্ঞাৰ পটন্তৰ।

 সিদ্ধি নহ'লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি। চঞ্চল মানুহে কৰিম বুলি কাম এটা হাতত লয় আৰু জয়জয়তে তাক বৰ উদ্যোগেৰে কৰে, পাচে যদি সেই উদ্যোগত কামটো সিদ্ধ নহ'ল, তেনেহ'লে এৰি পেলায়, দুনাই আৰু সেই কামত হাত নিদিয়ে। ঘনেপতি চেষ্টা কৰা প্ৰতিজ্ঞাত বন্দী হোৱা মানুহৰহে ৰীতি। প্ৰতিজ্ঞা কৰি ধৰা মানুহে আধৰুৱাকৈ কাম এৰিব নোৱাৰে, সিহঁতে এবাৰত নহয় দুবাৰ, দুবাৰত নহয় তিনিবাৰ কৰিও কাম শেষ কৰে। আৰম্ভ কৰা কাম এবাৰত নিসিজিলে পুনৰায় চেষ্টা কৰাকে অধ্যৱসায় বোলে। অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল, মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যৱসায় জন্মে।

 এবাৰত নোৱাৰা কাম অসাধ্য বুলি ভবা উচিত নহয়। যি বুদ্ধি প্ৰথম চেষ্টাত নোলায়, সেই বুদ্ধি দ্বিতীয় বা তৃতীয় চেষ্টাত ওলাব পাৰে। পৃথিৱীৰ ডাঙৰ কাম কোনোটোৱেই এক বা দুই উদ্যোগত হোৱা নাই, বহু বাৰ চেষ্টা কৰাতহে সিদ্ধ হৈছে। এবাৰ নোৱাৰি আকৌ ধৰিলে, সেইবাৰ কামটো অন্য বুদ্ধিৰে কৰিবলৈ চেষ্টা হয়। এইদৰে বাৰে বাৰে ন বুদ্ধি বিচাৰোতে এবাৰ আচল বুদ্ধি ওলাব পাৰে, আৰু কামটোও সেই বাৰ সিদ্ধ হয়। প্ৰতিজ্ঞাৰ উজ্জ্বল পটন্তৰ অমাত জন্তুৰ ভিতৰত সততে দেখিবলৈ পোৱা যায়। বাহ সজাত চৰাইয়ে, বা জাল পতাত মকৰাই এশ বাৰ নোৱাৰিলেও চেষ্টা নেৰে। চৰাইৰ আধৰুৱা বাহ ভাঙ্গি দিলে আকৌ সাজি লয় শ বাৰ ভাঙ্গিলেও শ বাৰ সাজে। অমাত জন্তুৰ প্ৰতিজ্ঞা সম্বন্ধে এটি সৰু আখ্যান আছে। কোনো এক সময়ত এখন দেশক আন এখন দেশৰ ৰজাই আক্ৰমণ কৰে। ইখন দেশৰ ৰজাই দুই তিনি বাৰ যুঁজ দিও শত্ৰু পক্ষক দেশৰ পৰা খেদিব নোৱাৰিলে। অৱশেষত তেওঁ বিবুদ্ধি হৈ শোৱনী ঘৰৰ পাটীত পৰি ওপৰলৈ চাই গুণা গঁথা কৰি আছে, এনেতে দেখিলে যে এটা মকৰাই ঘৰৰ মুধত জাল পাতিব লাগিছে। সি প্ৰথম সূতা গছ এমূৰে এটা চতিত লগাই লৈ সিটো মূৰ আন এটা চতিত লগাবলৈ চেষ্টা কৰিছে, এবাৰ লগাই আহিল, এৰি পৰিল, আকৌ গৈ লগাই দিলে আকৌ এৰি পৰিল। এইদৰে ছয় সাত বাৰ মকৰাটোৱে সূতা গছ পাতিবলৈ চেষ্টা কৰি পাতিব পৰা নাই, কিন্তু চেষ্টাও এৰি দিয়া নাই, যিমান বাৰ এৰি পৰিছে সিমান বাৰ গৈ লগাই দিছে। পাচে বহুত বাৰ পুৰুষাৰ্থ কৰাত এবাৰ সূতা গছ লাগি পৰিল, আৰু মকৰাটোৱে সেই সূতা গছক আশ্ৰয় কৰি জাল সাজিবলৈ ধৰিলে। এই কথা দেখি ৰজাই চিন্তা ভাবনা ঠেলি থৈ, সেনা সামন্ত লগত লৈ আকৌ যুজলৈ ওলাল, সেইবাৰ তেওঁ বৰ বিক্ৰমেৰে যুজ দি শত্ৰু পক্ষক হেৰুৱাই নিজৰ ৰাজ্য ৰক্ষা কৰিলে। এতিয়া চোৱা, মকৰাৰ পটন্তৰৰ পৰা ৰজাজনৰ কিমানখিনি উপকাৰ হ'ল। জাল সাজি বাস কৰা মকৰাৰ স্বাভাৱিক ধৰ্ম্ম কোনো উপায়েৰে জাল সাজিবই লাগিব, এই তাৰ অন্তৰৰ বোধ গতিকে সেই কামত তাৰ স্বাভাৱিক প্ৰতিজ্ঞা আছে। মকৰাৰ এনেকুৱা প্ৰতিজ্ঞা দেখি ৰজাৰ মনত মনত প্ৰতিজ্ঞা জন্মিল, আৰু সেই প্ৰতিজ্ঞাৰ উৎকট বলেৰে তেওঁ শত্ৰুৰ লগত ৰণ কৰি জয় লাভ কৰিলে। সকলো কামতে এনেকুৱা প্ৰতিজ্ঞা থাকিলে সিদ্ধি লাভৰ সন্দেহ নাথাকে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories