Friday, April 17, 2026
0 Shares

বস্তু বিজ্ঞান অধ্যয়ন

       বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। ইয়াৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰেইল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, মনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ দূৰবীক্ষণ; সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী, এই এটাইবিলাক বিজ্ঞান চৰ্চ্চাৰ ফল। বিজ্ঞান চৰ্চ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। আমাৰ সমুখত নানা ৰকম ঘটনা ঘটে, যেনে ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়। এইবিলাক ঘটনা আনি দিনে নিশায় দেখি আছোঁ কিন্তু কাৰণ সুধিলে ক'ব নোৱাৰোঁ। বিজ্ঞান শাস্ত্ৰ শিক্ষা কৰিলে এনেবিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞানবিদ্ পণ্ডিতসকলে বিজ্ঞানৰ বলত সেই কাৰণ নিৰূপণ কৰি মনুষ্য জাতিৰ অশেষ উপকাৰ সাধিছে, শব্দৰ তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন ঠাইলৈ চলাব পাৰিছে, আৰু শব্দ ধৰি ফনোগ্ৰাফ, গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্ম্মাণ কৰিছে, ৰশ্মিৰ তত্ত্ব নিৰূপণ কৰি ফটোগ্ৰাফ কৰিছে, দৰ্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ অনুবীক্ষণ আদি যন্ত্ৰ সাজিছে, বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলিয়া অৱস্থালৈ আনিছে, আৰু আকাশত উৰি যোৱা বিমান প্ৰস্তুত কৰিছে। বিজ্ঞান চৰ্চ্চাৰ পৰা আজি পৰিমিত প্ৰকৃতিৰ ইমান খিনি তত্ত্ব পোৱা গৈছে আৰু চৰ্চ্চা কৰি থাকিলে আগলৈ যে কিমান নতুন ৰহস্য বিদিত হ'ব তাক কোনে ক'ব পাৰে? আচল মতে মনুষ্য জাতিৰ বৰ্ত্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চ্চাৰ ফল। এতেকে এনেকুৱা বিজ্ঞান শাস্ত্ৰ যে অধ্যয়নৰ ঘাই বিষয় তাক নতুন যুক্তিৰে প্ৰমাণ কৰিবৰ সকাম নাই।

 কুসংস্কাৰ উদ্‌গতি পথৰ এটা বাধা। জাতীয় কুসংস্কাৰে জাতীয় উদ্‌গতিৰ পথ,আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্‌গতিৰ পথ ভেটে। বিজ্ঞানৰ জ্ঞানে এই ভেটা ভাঙ্গি উদ্‌গতিৰ পথ মোকলাই দিয়ে। বহুত চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে,কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰে, সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত, ইয়াতকৈ গুৰুতৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে। বিজ্ঞান শিক্ষা কৰিলে তেনে কুসংস্কাৰ থাকিব নোৱাৰে। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়, গতিকে সেই বস্তু সম্বন্ধে মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে। পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায়, সেই ভাপ বাজৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে; এই কথা যি জানে সি ধনগুলৈক প্ৰেতৰ মায়া বুলি কেতিয়াও নাভাবে। কিন্তু এনে কথা বিজ্ঞান শিক্ষাৰ পৰা হে জানিব পাৰি। এতেকে বিজ্ঞানত ভালকৈ জ্ঞান জন্মিলে মানুহৰ মনৰ পৰা বহুত কুসংস্কাৰ পলাবলৈ বাধ্য হয়।

 বিজ্ঞান শাস্ত্ৰ নানাবিধ আছে, সকলো বিধৰ সম্পূৰ্ণ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা, সেই দেখি মানুহে এবিধ বিজ্ঞানৰ মাথোন চৰ্চ্চা কৰে। আগৰ বিজ্ঞানবিদ পণ্ডিতবিলাকেও একো জনে একোটা বিষয়ৰ বিজ্ঞান হে চৰ্চ্চা কৰিছিল। কিন্তু এটা বিষয়ৰ সম্পুৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে, সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত। এতেকে আগেয়ে সকলো বিষয় অলপ অলপ জ্ঞান গোটাই লৈ, পাচত এক বিষয়ত ভালকৈ লাগিব লাগে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories