Friday, April 17, 2026
0 Shares

বাসৰ ঠাই

 সুস্থ শৰীৰ আৰু শুকান ঠাই এই দুয়োৰো ভিতৰত বিশেষ সম্বন্ধ আছে। জেকা ঠাইতে মানুহে কেতিয়াও গা ভালে ৰাখিব নোৱাৰে। স্বাস্থ্যৰ আনবোৰ আহিলা সকলো থাকিলেও কেৱল জেকা ঠাইৰ দোষতেই ঘনেপতি মানুহৰ নৰিয়া হয়। ইয়াৰ কাৰণ অলপ গমি চালেই বুজিব পাৰি। শুকান ঠাইত বৰকৈ মলি বন্ধ নাথাকে, যি অলম মলি তাত পৰে, সি মচোঁতে সৰোঁতে ই যায়। কিন্তু জেকা ঠাইৰ মলি নুঠে, সি তাত লেপেট খাই ধৰে, আৰু লাহে লাহে পচি ওচৰৰ বায়ু দূষিত কৰে। জেকা ঠাইৰ পৰা পুৱা গধুলি যি ভাগ ওলায় সি বিষাক্ত, গাত লাগিলে এটা নহয় এটা দুৰ্গুণ কৰে। এই দেখি পৰা পক্ষত সততে শুকান ঠাই বিচাৰি ঘৰ কৰা উচিত।

 শুকান ঠাইৰ ভিতৰত পৰ্ব্বতৰ নখ, অৰ্থাৎ নামনিৰ ভাগ বাসৰ উপযুক্ত নহয়। বাৰিষাৰ বৰষুণে পৰ্ব্বত পখালি তাৰ সমস্ত মলি, আৰু বিষাক্ত গছগছনিৰ বিহ উটাই আনি নামনিত থয়। মুঠতে ক'ব লাগিলে, পৰ্ব্বতৰ নখ তাৰ বিহমোনা, তেনেকুৱা ঠাইত কেতিয়াও মানুহৰ গা ভালে থাকিব নোৱাৰে। কিন্তু পৰ্ব্বতৰ টিং বা টিং-কাষৰীয়া ঠাই স্বাস্থ্যকৰ, কাৰণ তাত কোনো মলি বা বিহ থিতাপি লৈ নাথাকে, আৰু তাত সদায় নিৰ্ম্মল বায়ু চলে। বাহি-কাষৰীয়া ঠাইও স্বাস্থ্যৰ পক্ষে বেয়া, হাবিৰ দূষিত বায়ুৱে তাৰ চাৰিও ফাল দূষিত কৰি থয়। ঠাইৰ উত্তম নৈৰ দাঁতি, তাত সদায় জল-বা লাগে, গতিকে তেনে ঠাইত ঘৰ কৰিলে নৰিয়া হ'বৰ বৰ আশঙ্কা নাথাকে।

 বহুত খাল থকা ঠাইত বাস কৰা অযুগুত। খাল হ'লেই তাত খেৰ, কুটা, জাবৰ আদি নানা বিধ পেলনীয়া বস্তু গোট খায়, আৰু বৰষুণত ওখ ঠাইৰ মলিবোৰো উটি আহি পৰে, পাচত এইবোৰেই পচ ধৰি ওচৰৰ বায়ু দূষিত কৰে। স্বাস্থ্যৰ মূল নিৰ্ম্মল বায়ু; যত তেনে বায়ুৰ নাটনি, তাত স্বাস্থ্য ৰখা দুষ্কৰ। খালৰ পৰা যিবোৰ অপকাৰ হয়, পুখুৰীৰ পৰাও সেইবোৰ অপকাৰ হয়, সেইদেখি ঘৰৰ ওচৰত পুখুৰী ৰখা উচিত নহয়, বা ৰাখিলেও তাত মলি গোট খাব দিব নালাগে। ডাঙ্গৰ পৰিস্কাৰ পুখুৰী বোৱঁতী নৈৰে নিচিনা, তাৰ পৰা স্বাস্থ্যৰ উপকাৰৰ বাজে অপকাৰ নহয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories