Friday, April 17, 2026
0 Shares

বিদ্যা

লাগতিয়াল আহিলা-পাতি যতনাই নল'লে কোনো কাম সুকলমে কৰিব নোৱাৰি, কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, হাল নহ'লে কৰ্ষণ কাম কৰিব নোৱাৰি, চৰু নহ'লে ৰান্ধন কাম কৰিব নোৱাৰি। এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদ্‌গতি কামৰো তেনে সুকীয়া আহিলা আছে; আগে সেই আহিলাবোৰ গোটাই নল'লে উদ্‌গতি কাম কৰিবলৈ টান হয়। বিদ্যা উদ্‌গতিৰ ঘাই আহিলা, এতেকে যি উদ্‌গতি কৰিব খোজে, সি আগে বিদ্যা যতনাই লোৱা উচিত। বিদ্যা যে মনুষ্য জীৱনৰ ঘাই বস্তু তাক নতুনকৈ প্ৰমাণ কৰিবৰ সকাম নাই, বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। বিদ্যাৰ আলম নল'লে কোনেও কোনো বিষয়ত উদ্‌গতি কৰিব নোৱাৰে। আজিকালি যিবিলাকে উদ্‌গতি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে, তেওঁবিলাকলৈ চালেই এই কথা সুন্দৰ প্ৰমাণ পোৱা যায়, তেওঁবিলাকৰ সকলোৱেই গভীৰ বিদ্যাৰ গৰাকী। আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাকো বৰ বিদ্যাৱন্ত আছিল।

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম্ম কৰিবলৈ সুচল নহয়। এতেকে উদ্‌গতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories