Friday, April 17, 2026
0 Shares

স্বাস্থ্য

স্বাস্থ্য ধন পৰম ধন। যি এই ধনত দুখীয়া সি সকলো বিষয়ত দুখীয়া। স্বাস্থ্যহীন মানুহে নিজে পুৰুষাৰ্থ কৰি সুখ উপাৰ্জ্জন কৰা দুৰৈৰ কথা, সুখত জন্মিলেও সি তাক ভোগ কৰিব নোৱাৰে। তাৰ পক্ষে জীৱনটো এটা শাস্তি আৰু পৃথিৱী এখন বন্দীশাল। ৰুগীয়া শৰীৰ এটা যাতনাৰ যন্ত্ৰ। যি এই যন্ত্ৰৰ পাকত পৰে, সি নিজেতো নিকাৰ ভুঞ্জেই, তদুপৰি পৰিয়ালবিলাককো ভুঞ্জায়। এই নিমিত্তে ৰুগীয়াক কোনেও দেখিব নোৱাৰে। নিৰুজ শৰীৰ সকলো সুখৰ মূল, উৎসাহ আৰু আনন্দ ইয়াৰ লগৰীয়া। দুখৰ অৱস্থাত পৰিলেও স্বাস্থ্যৱন্ত মানুহে সংসাৰত সুখে কাল নিয়াব পাৰে। স্বাস্থ্যৰ গুণত অশুৱনি মানুহকো শুৱনি দেখা যায়।

 সদায় সুস্থ থকাই শৰীৰৰ স্বভাৱ, সেই শৰীৰ যে অসুস্থ হয়, ই কেৱল মানুহৰ নিজৰ দোষ। বহুত মানুহে অনিয়মত চলি আৰু উদ্ভণ্ডালি কৰি ৰোগ মাতি আনে। পিতৃ-মাতৃৰ দোষতো কিছুমান ৰোগ জন্মে, কিন্তু তেনে ৰোগত পৰি সংসাৰত অকাজভাগী হোৱা মানুহৰ সংখ্যা অলপ। সৰহ ভাগ ৰুগীয়াই নিজৰ কৰ্ম্ম দোষত ৰোগৰ গ্ৰাসত পৰি জীয়াতু ভোগ কৰে। ৰোগ মানুহৰ এটা পৰম শত্ৰু, এই শত্ৰুৰ হাতত নপৰিবলৈ সকলোৱে চেষ্টা কৰা উচিত।

 স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে আৰু সি যে কেতিয়াবা বেয়া হ'ব পাৰে তাকো নাভাবে। সেই দেখি স্বাস্থ্যৰ ওপৰত আদিতে মানুহৰ অত্যাচাৰ অন্ত নাই। পাচত যেতিয়া নিঘুণীয়া স্বাস্থ্যত ঘুণ দেখা দিয়ে, সুস্থ গা অসুস্থ হয়, তেতিয়া সিহঁতৰ জ্ঞান জন্মে। তেতিয়াহে সিহঁতে স্বাস্থ্য এটা অমূল্য বিভূতি বুলি বুজিব পাৰে আৰু তেতিয়া হাঁয়! হাঁয়! বুলি অনুশোচনা কৰি ভগা স্বাস্থ্য জোৰা দিবলৈ উপায় বিচাৰি ফুৰে। কিন্তু ফটা বাঁহ কদাপি জোৰা নালাগে, স্বাস্থ্যৰ এবাৰ ভাগিলে দুনাই জোৰা নাখায়, ৰুগীয়াই তাৰ বাকী জীৱন ডোখৰ দেহাটোক বাণিফটা নাওৰ নিচিনা তালি-তাপলি দি বাব লগীয়া হয়।

শয়ন ভোজন আৰু স্বভাৱ চৰিত্ৰৰ দোষত যে ৰোগ হয়, ই ধুৰুপ কথা। যাৰ স্বভাৱ চৰিত্ৰ ভাল, আৰু যি খোৱাবোৱাত সাৱধানে চলে তাৰ বেগতে ৰোগ নহয়। বাচি খালে আৰু জাগি শুলে, অৰ্থাৎ খাৱন শোৱনত সাৱধানে চলিলে নৰিয়া নহয় বুলি সকলোৱে কয়। কিছুমান নিৰ্ব্বোধ মানুহে নৰিয়াকো বিধিৰ লিখন বুলি বিবেচনা কৰে, আৰু কয় যে বৰ সাৱধানে চলা মানুহৰো মৰণ হয়। এই তৰ্কত কোনো গধুৰ যুক্তি আছে বুলি বোধ নহয়। জীৱনৰ ভিতৰত মানুহ এবাৰ মৰে, এবাৰৰ বেচি মৰণে দুখ নোৱাৰে, কিন্তু অসাৱধানে চলি মানুহে হাজাৰ বাৰ ৰোগত পৰে, আৰু হাজাৰ বাৰ যাতনা ফুঞ্জে। খাৱন শোৱন সম্বন্ধে কিছুমান স্বাভাৱিক নিয়ম আছে, সেই নিয়মবোৰ পালিলে মানুহৰ নৰিয়া নহয়, নাপালিলে হয়। নৰিয়া অনিয়মৰ শাস্তি মাথোন। এতেকে খাৱন শোৱনৰ নিয়মৰ ভিতৰত প্ৰধান প্ৰধান কেইটামানৰ বিষয়ে ইয়াত আলোচনা কৰা হয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories