Friday, April 17, 2026
0 Shares

ৰাগীয়াল বস্তু

 সজ কথাতকৈ অসজ কথাত মানুহৰ ৰাপ বেচি। অৱাচ্য কথা কৈ ধেমালি আৰু অসজ কাম কৰি আনন্দ কৰিবলৈ সৰহ মানুহে ভাল পায়। সজ কথা উলিয়ালে শুনোতা পাবলৈ টান, কিন্তু অসজ কথা উলিয়ালে মানুহে জুমুৰি দি ধৰে। সেই দেখি ৰং ধেমালিত অসজ কাম কৰিবলৈ বা অবাচ্য কথা ক’বলৈ মানুহৰ ইচ্ছা হয়। স্বাভাৱিক অৱস্থাত মানুহে তেনেকৈ চলিব নোৱাৰে কাৰণ, তেতিয়া সিহঁতক সজ অসজৰ বিবেচনাই আবৰি থাকে। এই বিবেচনা অসজ ইচ্ছাৰ এক ৰকম ডাকুৰ। ডাকু ছাগলীৰ উপদ্ৰৱ কমাবলৈ মানুহে তাইক ডাকুৰ পিন্ধায়। ডাকুৰ দিয়া ছাগলীয়ে যলৈকে মন তলৈকে যাব নোৱাৰে। সেইদৰে সজ অসজ বিবেচনা থকা মানুহেও যি মন তাকে কৰিব নোৱাৰে, লাজৰ ভয়ত অবাচ্য মাতি ধেমালি কৰিব নোৱাৰে, নিন্দাৰ ভয়ত অকাম কৰি আনন্দ কৰিব নোৱাৰে। ইয়াৰ বাজেও সমাজৰ কিছুমান প্ৰচলিত ৰীতি আছে, মানুহ মাত্ৰেই সেইবোৰ ৰীতিৰ অধীন, নিচেই নিৰ্গত হ’লেও সিহঁতে সেই ৰীতিবোৰ উলঙঘন কৰিব নোৱাৰে। অবাচ্য মাত মতা, বা অবাবত নচা ইত্যাদি কিছুমান কথা এইবোৰ ৰীতিৰ বিপৰীত, গতিকে তাক কৰিবলৈ ওলালে ৰীতিবোৰে আৰু সজ অসজ বিবেচনাই ডাকুৰৰ নিচিনা হৈ হেঙ্গাৰ দি ধৰে। ৰাগীয়ে মানুহৰ এই ডাকুৰ গুচাই দিয়ে, ৰাগীৰ জালত সিহঁতৰ সমাজ ৰীতিৰ ভয় আৰু সজ অসজ বোধ নাইকিয়া হয়। তেতিয়া সিহঁতে মুকলিমূৰীয়া ছাগলীৰ দৰে যি মন তাকে কৰিব পাৰে। বহুত মানুহৰ পক্ষে ৰাগীয়াল বস্তুত মুখ দিয়াৰ এইটো আদি কাৰণ।

 ৰাগীয়াল বস্তুত মুখ দিয়াৰ আৰু এটা কাৰণ আছে। কোনো কোনো মানুহৰ গৃহস্থলিৰ খোৱা লোৱা কামৰ বাজে আন কাম নাই। সেই কাম কৰি সিহঁতে দিনৰ এটা ভাগ কটায়, কিন্তু বাকি ভাগটো কটাবলৈ কোনো উপায় নেদেখে। দিনৰ বাকি ডোখৰ সিহঁতৰ পক্ষে কলগ্ৰহ যেন হয়। তেতিয়া এইবিলাক মানুহৰ কিছুমানে মিছাতে ইঘৰ সিঘৰ কৰি লোকৰ পদুলি সুঙ্গি ফুৰে, কিছুমানে আনৰ টোটক লগাই ফুৰে, আৰু কিছুমানে ভাং, কানি বা মদ ফটিকাৰ ৰাগী লগাই মৌজ কৰি সময় কটায়। আৰু এক শ্ৰেণীৰ মানুহ আছে, সিহঁতে ৰাগীয়াল বস্তু বিলাক ভোগৰ বস্তু যেন বিবেচনা কৰে, সেই দেখি তাক নানা ৰকমে জুতি লগাই খায়, মদত গোলাপ জল মিহলাই কায়, আফিঙ্গত খীৰ মিহলাই খায়, ভাঙ্গত আতৰ মিহলাই খায়। ধনৱন্ত কানীয়াৰ আৰু ধনৱন্ত ভাঙ্গুৱাৰ কানী ভাং খোৱাৰ জুতি আৰু আয়ম দেখিলে বিস্ময় মানিব লাগে। কেতবিলাক মানুহে ভাৱে গাত ৰাগী লগাই খালে খোৱা বস্তু বেচি সোৱাদ লাগে, সেই দেখি সিহঁতে খাবৰ আগে অলপ ৰাগী কৰি লয়। মনৰ দুঃখ গুচাবলৈও কোনো কোনো মানুহক ৰাগী কৰা দেখা যায়, কিন্তু তাৰ পৰা দুখ গুচক ছাৰি এগুণ দুখ দুগুণ হয়। শোক কমাবলৈ মদ খাই পাচত মানুহে ইনাইবিনায় কান্দে। স্বাভাৱিক অৱস্থাত জ্ঞানৰ বলেৰে শোক সন্তাপৰ বেগ দমন কৰিব পাৰি, কিন্তু ৰাগী লাগিলে মানুহৰ জ্ঞান নাথাকে, গতিকে তেতিয়া শোকে মানুহক একেবাৰে বাউল কৰিব পাৰে।

 যি অভিপ্ৰায়েৰে মানুহে ৰাগী কৰে সেই অভিপ্ৰায় এটাইবিলাক বেয়া বুলিব নোৱাৰি। মুখৰ বান্ধ কটাবলৈ বা চকুৰ লাজ গুচাবলৈ বা সময় নিয়াবলৈ ৰাগীয়াল বস্তু ব্যৱহাৰ কৰা উচিত নহ'লেও, আনন্দ বা ভোজনৰ সুখ বঢ়াবলৈ ব্যৱহাৰ কৰা একেবাৰে অনুচিত বুলিব নোৱাৰি। ৰাগীৰ গুণত যদি খোৱা বস্তু বেচি সোৱাদ লাগে, তেনেহলে তাক ৰাগী লগাই খোৱাই উচিত। আঞ্জা সোৱাদ কৰিবলৈ মানুহে লং এলাচি আদি বাখৰ ব্যৱহাৰ কৰে, সেইদৰে ৰাগীও আঞ্জাৰ এবিধ বাখৰ মাথোন হয়। কিন্তু ৰাগীয়াল বস্তুবোৰৰ কেইটামান লগত ওপজা দোষ আছে, সেই দোষবোৰৰ নিমিত্তে সিহঁতৰ ইমান নিন্দা। প্ৰথম দোষ ৰাগীয়ে ৰাগীলৈ হেঁপাহ জন্মাই, এদিন ৰাগী কৰিলে, দুনাই কৰিবলৈ মন যায়, আৰু দুই চাৰি দিন কৰিলেই তাক এৰিবলৈ টান হয় অন্য কাম সহজ কৰোঁতে বহুত দিন লাগে কিন্তু ৰাগী অলপতে সহজ হয়। ৰোগত দৰব স্বৰূপে কানি খাই চিৰকাললৈ কানীয়া হোৱা মানুহ বহুত আছে। ৰাগী অভ্যাস হ'লে সি এক ৰকম ভোক যেন হয়। খোৱা বস্তু জীণ গ'লে যেনেকৈ ভোক লাগে ৰাগী এৰিলেও তেনেকৈ ভোক লাগে, অৰ্থাৎ আকৌ কোনো ৰাগীয়াল বস্তু খাবলৈ মন যায়। সময়ৰ মূৰত নকৈ ৰাগী নকৰিলে ৰাগী কৰা মানুহ থাকিব নোৱাৰে, তাৰ কোনো অঙ্গৰ সাৰ নাইকীয়া হয়, কোনো অঙ্গৰ কঁপনি উঠে আৰু হামি হেঁকটি আহে। কোনো উৎকট ৰোগত পৰিলে মানুহে যেনে আচৰণ কৰে, ৰাগী কৰা মানুহে ৰাগী এৰা সময়ত তেনে আচৰণ কৰে। মুঠ কথা, ৰাগী কৰা মানুহৰ এবিধ ৰাগীয়াল বস্তু জীৱনৰ লগৰীয়া হয়, খোৱা লোৱা আন আন বস্তুৰ দৰে তাকো নহ'লে সিহঁতৰ দিন নাযায়।

 ৰাগীয়ে মানুহৰ গাত এটা চিৰৰুগীয়া চিন দিয়ে, সেই দেখি কানীয়াক কানীয়া ভঙ্গুৱাক ভঙ্গুৱা বুলি দেখিলেই চিনিব পাৰি। ৰাগীয়া পৰা মানুহৰ স্বভাৱ প্ৰকৃতিও লৰে, খৰ্‌তকীয়া মানুহ ঢিমা হয় তজ্‌বজীয়া মানুহ সৰপা হয়, জুৰ মানুহ খঙ্গাল হয়, শান্ত মানুহ দুষ্ট হয়, সৰল মানুহ ছলাহী হয়। এইদৰে কিমান মানুহ যে ৰাগীৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি সংসাৰত জিয়াতু ভোগ কৰিছে, আৰু কৰিব লাগিছে তাৰ লেখ দিব নোৱাৰি। বহুত দিন ৰাগী কৰিলে গাত যেনে এটা চিন বহে, স্বভাৱতো তেনে এটা চিন বহি যায়। কানীয়া মানুহৰ চলন ফুৰণ দেখিলেই তাক কানীয়া বুলি চিনিব পাৰি, দুৰ্ঘোৰ তেবাহি কানীয়াৰ মুখ নেদেখিলেও হয়, কথা শুনিলেই তাক কানীয়া বুলি জনা যায়।

 ৰাগীয়ে কেতিয়াও মানুহৰ হিত নকৰে। ৰাগী বিষাক্ত বস্তুৰ এটা গুণ মাথোন। পৃথিৱীত যিমান বিধ বিহ আছে তাৰ এটাইবোৰেই ৰাগী জন্মাব পাৰে। সাপৰ বিহৰ ৰাগী আছে। বিহ সৰহকৈ খালে মৰণ হয়, অলপকৈ খালে ৰাগী হয়। মানুহৰ ব্যৱহাৰত থকা সকলোবোৰ ৰাগীয়াল বস্তু একোবিধ বিহ মাথোন, তাকো অলপকৈ খালে ৰাগী হয়, সৰহকৈ খালে মৰণ হয়। সৰহ কৰি আফিং খাই অলেখ মানুহ আত্মঘাতী হৈছে। এই ঘাতুক বিহ বোৰৰ পৰা কেতিয়াও অমৃত ফলৰ আশা কৰিব নোৱাৰি, বিহে বিহৰ বাজে অমৃত নফলায়। বিহৰ ব্যৱহাৰ কেৱল ৰোগত মাথোন হয়। শৰীৰত যেতিয়া কোনো এবিধ বিহ সোমাই তাক ৰুগীয়া কৰে, তেতিয়া মানুহে আন বিহ ব্যৱহাৰ কৰি সেই বিহ নষ্ট কৰে। হুলেৰ মানুহে হুল কাঢ়ে। বিহেই বিহৰ ঔষধ। সেই দেখি জ্ঞানীবিলাকে ঔষধত ৰাগীয়াল বস্তু ব্যৱহাৰ কৰিবলৈ বিধান দিছে।

 পৰিমিত ৰূপে ব্যৱহাৰ কৰিলে মাদকতা দোষ নাই, এই কথা বহুত মানুহে কয়, কিন্তু পৰিমিত ব্যৱহাৰ কেনে তাক কোনেও মোৰ ভাঙ্গি কোৱা নাই। যদি ৰাগী নোহোৱাকৈ মাদক ব্যৱহাৰ কৰিলে পৰিমিত ব্যৱহাৰ কৰা হয়, তেনেহলে তেওঁলোকৰ কথা মানি ল'ব পৰা যায়। ৰাগী নহ'লে ৰাগীয়াল বস্তুৰে একো অপকাৰ কৰিব নোৱাৰে, ই কেৱল ঔষধৰ ব্যৱহাৰ। আমি ইয়াত তেনেকুৱা ব্যৱহাৰৰ কথা আলচ কৰা নাই, আমাৰ আলোচনাৰ বিষয় ৰাগী, ৰাগী হোৱাকৈ ৰাগীয়াল বস্তু ব্যৱহাৰ কৰিলে তাৰ পৰা বেয়াৰ বাজে কেতিয়াও ভাল নহয়।

 কোনো কোনো মানুহে কয় যে ৰাগীয়াল বস্তুৱে জীৰ্ণ শক্তি বঢ়ায় আৰু বেচিকৈ ভোক লগায়। ইও এটা সাৰ নোহোৱা কথা। ন শিকাৰুৰ দুদিন মানলৈ ভোক বেচি হ'ব পাৰে, কিন্তু সেই ভোক বিজাতৰীয়া, আচল ভোক নহয়, তেনে ভোকত খালে কেৱল অতি ভোজনৰ ফল ধৰে। জীৰ্ণ শক্তি বঢ়োৱাৰ সম্বন্ধেও সেই কথা। আদিতে ৰাগীয়ে উদৰাগ্নি বৃদ্ধি কৰে, পাচে যেতিয়া সি শৰীৰ পীড়ি লয় তেতিয়া আৰু জীৰ্ণ শক্তি নাথাকে, কোনো কানীয়া ভঙ্গুৱা মানুহক ভোজনত পৈণত দেখা যায়। আচল কথা, আদিতে ৰাগীয়াল বস্তুৰ দোষবোৰ এটাও দেখা নিদিয়ে, কেৱল গুণবোৰ অৰ্থাৎ ঔষধৰ দৰে ব্যৱহাৰ কৰিলে তাৰ যি গুণ ধৰে, সেইবোৰ বেচি পৰিমাণে দেখা দিয়ে, পাচে শেষত দোষবোৰ এটা এটাকৈ ওলাবলৈ ধৰে।

 ৰাগীয়ে শৰীৰৰ যন্ত্ৰ আৰু তেজৰ গতি খৰ কৰে, অৰ্থাৎ স্বাভাৱিক অৱস্থাত সিহঁত যিমান বেগত চলে ৰাগীৰ প্ৰভাৱত তাতকৈ বেচি বেগত চলিবলৈ ধৰে। মঙ্গহ আৰু তেজৰ গতি সম্বন্ধে মানুহে পতি একোটা বন্ধা নিৰিখ আছে, স্বাভাবিক অৱস্থাত সিহঁতে সেই নিৰিখ মতে গতি কৰে, কিন্তু ৰাগী কৰিলে নিৰিখ ৰাখিব নোৱাৰে, তাক পাৰ হৈ দুনা বেগত চলে এইদৰে উগ্ৰ বেগত চলালে যন্ত্ৰত আঁৰ লাগে বা তাৰ সঁজুলিবোৰ লৰচৰ হয়। উগ্ৰ মদপাবিলাকৰ ভিতৰত বহুতৰ শেষ কালত হাত ভৰিৰ কঁপনি হয়, সিহঁতে শৰীৰৰ কোনোটো অঙ্গ ইচ্ছা মতে থিৰ কৰি ৰাখিব নোৱাৰে। ইয়াৰ কাৰণ এই যে মদৰ ৰাগীত গাৰ শিৰবোৰ সদায় টনটনীয়া হৈ থাকে আৰু এইদৰে বহুত দিন টন্‌টনীয়া হৈ থকাত, পাচত গৈ ঢিলা পৰে। ৰবৰৰ নতুন ডোল টানিলে দীঘল হয় আৰু এৰি দিলে কোঁচ খাই আগৰ সমান হয়, কিন্তু সদায় এইদৰে টানি থাকিলে পাচত আৰু কোঁচ নোখোৱাত পৰে। গাৰ শিৰৰো লক্ষণ তেনেকুৱা, আদিতে সিহঁত ৰীতি মতে আঁট খাই থাকে, পাটত ৰাগীৰ গুণত সততে টান খাই খাই শেষত লোলা হয়। শৰীৰৰ যন্ত্ৰবোৰ এইদৰে ৰাগীৰ প্ৰভাৱত কোনোটো ক্ষয় যায়, কোনোটো দুৰ্ব্বল হয়, কোনোটো বা অচল হয়। যেতিয়া শৰীৰ এই অৱস্থাত পৰে তেতিয়া আগৰ ভোক আগৰ তজবজনি একো নাথাকে। মানুহটো জুৰুলা হয় আৰু জীৱনৰ বাকি দিন কেইটা সি কেৱল লালট ভুঞ্জে।

 অসম দেশত তিনি বিধ ৰাগীয়াল বস্তুৰ চল আছে, ইয়াৰে ভিতৰত কানি আৰু ভাং আজিকালি প্ৰায় অশিক্ষিত সামান্য মানুহৰ ভিতৰতহে চলে, শিক্ষিত তৰপে ইহঁতক ঘিন কৰে। মদ বা ফটিকাও এবিধ ৰাগীয়াল বস্তু, অসমত ইয়াৰো চল আছে। আগেয়ে ই অসমত দাঁতিকাষৰীয়া গাৰো, কচাৰি, নগা, ডফলা ইত্যাদি অসভ্য জাতিৰ ভিতৰত চলিছিল কিন্তু আজি কালি সুসভ্য শিক্ষিত অসমীয়াৰ ভিতৰতো ইয়াৰ আদৰ হৈছে। ৰাগীয়াল বস্তু বোৰৰ ভিতৰত যে মদৰ কিবা এটা বিশেষ গুণ আছে এনে নহয়, কেৱল সভ্য জাতিৰ ভিতৰত ইয়াৰ প্ৰতুল চল দেখি অসমৰ শিক্ষিত তৰপেও তাক ব্যৱহাৰ কৰিবলৈ ধৰিছে। মদ ব্যৱহাৰ কৰা বেয়া বুলিলে তেওঁলোকে চাহাববিলাকৰ পাটন দি কয় যে, মদ বেয়া বস্তু হ'লে জনা বুজা সুসভ্য চাহাববিলাকে তাক কিয় ব্যৱহাৰ কৰিব? এনেকুৱা ভাৱ মনত লৈ অসমৰ বহুত মানুহ মদ খাই নষ্ট হৈছে, কোনোৱে অকালত প্ৰাণ হেৰুৱাইছে, কোনোৱে মদত মতলীয়া হৈ অকামত হাত দি সমাজৰ গৰিহনা খাইছে, কোনোৱে বাপতীয়া সাহোন নিৰ্ম্মূল কৰি দৰিদ্ৰ হৈছে। এইবিলাক মানুহে এবাৰ গমি নাচায় যে এজনৰ অমৃত আন এজনৰ পক্ষে বিহ হয়। চাহাববিলাকৰ পক্ষে মদ এটা নিতৌ খোৱা বস্তু, তাক সিহঁতে পুৰুষানুক্ৰমে আদিৰ পৰা ব্যৱহাৰ কৰি আহিছে, সিহঁতৰ দেশত বৰ জাৰ, জাৰৰ গুণত পানীও ছমাহ গোট মাৰি থাকে, পিয়াহ লাগিলে মাৰিবলৈ একো নাই, আৰু ইমান জাৰত তেজ তপতে ৰাখিব পাৰিলে শৰীৰলৈও ভাল, এই নানা কাৰণে সেইবিলাক দেশত মদৰ চল হৈছে। তেনেবিলাক কাৰণ ভাৰতত বা অসমত নাই, গতিকে ইয়াত মদ ব্যৱহাৰ কৰিলে অপকাৰৰ বাজে উপকাৰ নহয়। আজি কালি চাহাববিলাকৰ ভিতৰতো মদ ব্যৱহাৰ নকৰা মানুহ বহুত ওলাইছে। তেওঁলোকে সেই দেশতো মদৰ চল কমাবলৈ পুৰুষাৰ্থ কৰিব লাগিছ। ইয়াৰ পৰা বুজা যায় যে মদ এটা মহা অপকাৰী বস্তু।

 মদৰ ৰাগী বৰ ভয়ঙ্কৰ, সি টান হ'লে মানুহে ভাল বেয়াৰ বিবেচনা একেবাৰে পাহৰে। মদপীয়ে মদৰ ৰাগী লোকক দেখুৱাবলৈ ভাল পায়, সেই দেখি ৰাগী লাগিলে সি ঘৰত থাকিব নোৱাৰে, বাটলৈ যায় আৰু সকলোৰে আগত ঢলং পলং কৰি ফুৰে। সেইদৰে ফুৰাটো তাৰ মনত তেতিয়া মহতালি যেন লাগে। ৰাগী লগা মদপীয়ে নিজৰ আৰু আনৰ গুপ্ত কথা ব্যক্ত কৰে, আৰু অসময়ত বৰ কথা কৈ বিপদত পৰে। সি অবাবত খং আৰু অবাবত ৰং কৰে, অবাবত হাঁহে আৰু অবাবত কান্দে, পাচত ৰাগী এৰিলে যি কৰিছিল সকলো পাহৰে। মদৰ ৰাগীয়ে মানুহৰ কুপ্ৰবৃত্তিবোৰ উজাৰি দিয়ে। মদ খালে খঙ্গালৰ খং বাঢ়ে, কূৰ্চ্চুটিয়াৰ কূৰ্চ্চুট বাঢ়ে আৰু চোৰৰ চুৰ কৰিবলৈ মন যায়। মদৰ ৰাগীয়ে ভিতৰুৱা যন্ত্ৰৰ বেগ বৰকৈ বঢ়াই দিয়াত মদপীৰ থিৰ হৈ থাকিব নোৱাৰে, মূৰ কটা পঠাৰ দৰে চটফটাই দেও পাৰি ফুৰে আৰু কেতিয়াবা হাউত কৰে বঁতিয়াই দিয়ে। মদপীয়ে তাৰ ভৰি থিৰকৈ ৰাখিব নোৱাৰে, সেই দেখি হুলে জোঙে ঢাঁচ্‌ ঢাঁচ্‌ কৰি পৰি ফুৰে, কিছুমানে ল'ৰা-তিৰোতাৰ ওপৰত উদ্ভণ্ডালি কৰে।

 ভাঙ্গৰ ৰাগী মদৰ ৰাগীৰ নিচিনা নহয়। মদৰ উত্তেজক গুণ আছে, ভাঙৰ নাই। ভাঙে মানুহৰ মগজু আক্ৰমণ কৰে সেই দেখি ভাঙুৱাৰ কথায় কথায় ভুল হয়। ভাঙৰ ৰাগীত মানুহৰ হাঁহিবলৈ মন যায় আৰু সৰু কথাও ডাঙৰ যেন লাগে। ভঙুৱাৰ ভয়ো ডাঙৰ, সামান্য বিপদতে তাৰ সুৰ্ত্তি হেৰায়। ভঙুৱাৰ অতপালি নাই, ৰাগী টান হ'লে সি শুই থাকে। মদৰ নিচিনা ভাঙ্গেও মানুহৰ অসজ বৃত্তিবোৰ সজাগ কৰে। ভাং খোৱা মানুহৰ বিৰাগীয়া অৱস্থাতো ভুল ভ্ৰান্তি সৰহ, ইয়াৰ পৰা জনা যায় যে ভাঙ্গে মগজুৰ সজা লৰাই দিয়ে। ভাঙৰ ব্যৱহাৰৰ পৰা দুই এজন মানুহ একেবাৰে বলিয়া হোৱাও দেখা যায়।

 কানিৰ ৰাগীও সৰ্ব্বাংশে ভাঙৰ ৰাগীৰ নিচিনা, কেৱল কানিৰ চোক বেচি। কানিৰ ৰাগীয়ে হাঁহি নোতোলে। কানীয়া কামত আলাবাদু, কিন্তু তাৰ মতি গতি ধীৰ। কানিয়ে গাৰ খজুৱতি তোলে আৰু তেজ মঙ্গহ কলা কৰে। বহুত দিন ব্যৱহাৰ কৰিলে কানি গাত ফুটি ওলায়। অনেক মানুহে বিৱেচনা কৰে যে কানিয়ে টোপনি বঢ়ায়, সেই নিমিত্তে কানীয়াই চকু মুদি পৰি থাকে, আচল মতে তাৰ টোপনি নাহে। আন ৰাগীয়াল বস্তুৰ ৰাগী এৰিলে মানুহ সুস্থ হৈ আগৰ দৰে হয়, কিন্তু কানিৰ ৰাগী এৰিলে তেনে নহয়। কানীয়াই ৰাগী থকা কি নথকাত একেদৰে চলে, তাৰ ৰাগী আছে নে এৰিছে চিনিবলৈ টান।

 মদৰেই হওক বা কানিৰেই হওক ৰাগী মাত্ৰেৰে আৰু এটা দোষ আছে। ৰাগী লগাই মতলীয়ালি কৰিলে, তাক শলাগিবলৈ দুই চাৰিজন মানুহ লাগে নাইবা মতলীয়ালিত একো আমোদ নহয়। এজনে তাল নধৰিলে গায়নৰ গা নুঠে। সেইদৰে এজনে নশলাগিলে কানীয়া বা মদপীৰ গা নুঠে। কিন্তু নিমতলীয়া মানুহে মতলীয়া কথা নশলাগে, মতলীয়াইহে মতলীয়াৰ কথাত ৰস পায়। সেই দেখি কানীয়া, ভঙুৱা, মদপী সকলোৱে লগ বিচাৰে। সিহঁতৰ লগৰীয়াৰ প্ৰয়োজন বৰ ডাঙ্গৰ, সেই সম্বন্ধে সিহঁতে বেয়া, ভাল, ভদ্ৰ, অভদ্ৰ, একো নিবিচাৰে। এজন ভদ্ৰ বংশৰ মানুহো এজন সামান্য মানুহৰ লগত হৰিল গৰিল হয় আৰু বুঢ়াও ল'ৰাৰ লগত সমানে চলে। লগৰীয়াৰ সংখ্যা বঢ়াবলৈ সিহঁতে ৰাগী নকৰা মানুহকো ৰাগী কৰিবলৈ শিকায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories