Saturday, April 18, 2026
0 Shares

এটা বুধিয়ক ৰাজহাঁহ

এখন হাবিৰ এজোপা বটগছত এজাকমান বনৰীয়া ৰাজহাঁহে বাস কৰিছিল। এইদৰে বাস কৰি থকাৰ পিছত এদিন সিহঁতে লক্ষ্য কৰিলে যে এডাল প্রকাণ্ড লতা ক্ৰমাৎ গছজোপাৰ ওপৰলৈ বগাই আহিছে। বিষয়টো কোনাে এটা ৰাজহাঁহেও গুৰুত্ব নিদিয়াত সিহঁতৰ মাজৰে সকলােতকৈ বয়সত ডাঙৰটোৱে ক’লে, যদি সময় থাকোতে লতাডালৰ ব্যৱস্থা কৰা নহয় তেতিয়া হ'লে এদিন এই লতাডালে সিহঁতৰ বাবে কাল হ'ব। ইয়াৰ পিছতাে কোনেও লতাডাল উভালিবলৈ ব্যৱস্থা নল'লে।

ইয়াৰ কিছুদিন পিছত এজন ব্যাধ সেই ফালেদি আহি থাকোতে গছজোপাৰ। ওপৰত এজাক ৰাজহাঁহ দেখি তাৰ লােভ জন্মিল। সি ৰাজহাঁহ ধৰিবৰ নিমিত্তে লতা ডালেৰে বগাই গছজোপাৰ ওপৰত উঠিল। ভাগ্য ভাল আছিল সেই সময়ত গছজোপাত কোনাে চৰাই নাছিল। সেই কাৰণে চিকাৰীটোই তাত এখন জাল তৰি লতাডালেৰে তলত নামি আহিছিল। ৰাতিৰ এন্ধাৰত গােটেই চৰাইজাকে

জালত বন্দী হােৱাত সিহঁতৰ মাজত হাহাকাৰ লাগিল। জালখনত বন্দী হৈ থকা চৰাইজাকে উপায়হীন হৈ বয়সিয়াল ৰাজহাঁহটোৰ পৰা ৰক্ষা পােৱাৰ পৰামর্শ বিচাৰিলে। তেতিয়া বুঢ়াহাঁহটোৱে ক’লে, “আগতে বুঢ়াৰ কথা নুশুনিলি, এতিয়া টানত পৰি উপায় বিচাৰিছা। ৰক্ষা পৰাৰ মাত্ৰ এটা উপায় আছে। ৰাতিপুৱা ব্যাধে জালখন চপালে সকলােৱে মৰা ভাও জুৰিবিহক। মৰা চৰাই বুলি যেতিয়া সি এটা এটাকৈ জালৰ পৰা গুচাই মাটিত থ’ব তেতিয়া সকলােৱে একে লগে উৰা মাৰি যাবিহক। পিছদিনা ব্যাধে আহি চৰাইবােৰক মৰা অৱস্থাতে দেখি বেজাৰ অনুভৱ কৰিলে আৰু জালৰ পুৰা চৰাইবােৰ এটি এটি গুচাই দি মাটিত পেলাই দিয়াৰ লগে লগে ভুৰুংকৈ উৰি গৈ থাকিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment