Wednesday, April 15, 2026
0 Shares

ধনলােভী নাপিতৰ সাধু

মণিভদ্র নামৰ এজন অতি ধার্মিক আৰু সাধু সদাগৰ পাটলীপুত্র নামৰ নগৰ এখনত বাস কৰিছিল। উক্ত সদাগৰজনে দান দিওঁতে দিওঁতে এটা সময়ত সদাগৰ বাটৰ ভিকহুত পৰিণত হৈছিল। সেই কাৰণে সদাগৰৰ মনলৈ কিছুমান অবাঞ্চিত চিন্তা আহিছিল। তেওঁ ভাবিছিল যে ধনহীন জনৰ ক'তাে সুখ-শান্তি নাই। তেওঁক লােকে মূল্য দিব নােখােজে। গতিকে এনেকৈ জীয়াই থকা আৰু নথকাৰ মাজত কোনাে পার্থক্য নাই। সেই কাৰণে তেওঁ আত্মহত্যাৰ সিদ্ধান্ত ল’লে। এইবােৰ অবাঞ্ছিত ভাব-চিন্তাবােৰ কৰি থকা সময়তে সদাগৰ টোপনিত লালকাল দিলে। টোপনিৰ মাজতে তেওঁ মাজনিশা বিষ্ণুৰ দর্শন লাভ কৰিলে।। শংখ, চক্র, পদ্মধাৰী বিষ্ণুই তেওঁক ক'লে, “বাছা! মই তােৰ মনৰ দুখ আৰু বেদনা অনুভৱ কৰিব পাৰিছো। তই মনৰ পৰা মৃত্যুৰ চিন্তা বর্জন কৰ। অতি শীঘ্ৰে তােৰ এই দুখ দূৰ হ’ব। কাইলৈ পুৱা তােৰ চোতালত মই এজন বৌদ্ধ ভিক্ষুক ৰূপত আহিম। তই মােৰ মূৰত প্ৰহাৰ কৰিবি। মই লগে লগে সােণত পৰিণত হ'ম। তাকে বেচি তই অহা দিনবােৰত চলিব পাৰিবি।” ইয়াৰ পিছত মহাজন টোপনিৰ মায়াজালৰ পৰা দূৰলৈ আহিল আৰু তাৰ পিছত তাৰ টোপনি নহ'ল। পিছদিনা সদাগৰে অইন দিনাৰ দৰে এটা নাপিতক ক্ষৌৰ কৰ্মৰ বাবে নিমন্ত্রণ কৰিলে। নাপিতে ক্ষৌৰ কৰ্মত ব্যস্ত থকাৰ সময়তে সদাগৰে নিশা সপােনত বিষ্ণুই কোৱা ধৰণে এজন বৌদ্ধ ভিক্ষুক আহিল। মহাজনে বিষ্ণুৰ পৰামর্শ মতে সেই বৌদ্ধ ভিক্ষুকজনক এটা মাৰ সােধালে। মহাজনৰ সেই মাৰত বৌদ্ধ ভিক্ষুকজন মৰিল আৰু তাৰ ঠাইত এমােনীয়া লডা এটা হ’ল। সন্মুখত সকলাে দেখি থকা নাপিতজন বৰ আচৰিত হ'ল। মহাজনে নাপিতজনক এই কথাটো বাহিৰত প্ৰচাৰ কৰিবলৈ মানা কৰিলে আৰু তাৰ বিনিময়ত কিছু ধন-সােণ দিলে। নাপিতজনে কথাটো ক’তো নকলে যদিও মনত এটা ডাঙৰ লােভ কঢ়িয়াই লৈ ফুৰিলে। সি মনতে ভাবিলে যে ভিক্ষুক মাৰিব পাৰিলে সােণ লাভ কৰিব পাৰি। সেই কাৰণে সি তাৰ ঘৰলৈ বৌদ্ধ ভিক্ষুক সকলক নিমন্ত্রণ কৰিলে। বৌদ্ধ ভিক্ষুকসকলৰ প্রধানজনে ক'লে যে তেওঁলােকে ভিক্ষা কৰিহে খায়। নাপিতজনে ভিক্ষাৰ নামত উপযুক্ত দান দিয়াৰ প্রতিশ্রুতি দিলে। ভিক্ষুকেও ভিক্ষাৰ উপযােগী দান লােৱাৰ ইচ্ছাৰে সেই নিমন্ত্রণ ৰক্ষা কৰাৰ প্রতিশ্রুতি দিলে। যথা সময়ত ভিক্ষুকসকল তেওঁৰ ঘৰত উপস্থিত হ’ল। নাপিতজনে ভিক্ষুকসকলক এটা কোঠাত বহিবলৈ দি আগৰে পৰা সাজু কৰি ৰখা টাঙোনেৰে বহুকেইজন ভিক্ষুক হত্যা কৰিলে আৰু কেবাজনৰাে মূৰ ফালিলে। ক্ষন্তেকতে কোঠাত হুলস্থুল লাগিল। ভিক্ষুকসকলৰ চিঞৰ-বাখৰত ওচৰ-চুবুৰীয়া আৰু নগৰৰক্ষী সেই ঠাইত উপস্থিত হৈ নাপিতৰ কাণ্ড দেখি আচৰিত হ'ল। লগে লগে ৰজাক খবৰ দিয়া হ'ল আৰু ৰজাই চিপাহী পঠিয়াই নাপিতক লৈ গ'ল। নাপিতক এই কুকাণ্ড কৰাৰ কাৰণ সুধিলে। নাপিতে মহাজনৰ কথাটো উলিয়ালে। ৰজাই মহাজনকো ৰাজসভাত উপস্থিত কৰালে। ৰজাই মহাজনৰ মুখেৰে সকলাে সত্যাসত্য জানিব পাৰিলে। মহাজনে ক’লে যে নাপিতৰ কথাটো অসত্য নহয়, কিন্তু তেওঁ বৌদ্ধ ভিক্ষুকক এনেদৰে হত্যা কৰা নাছিল। অৱশেষত বিচাৰ কৰি নাপিতক দোষী বুলি প্রমাণিত কৰা হ’ল। ধনলােভী নাপিতক ৰজাই শাস্তি স্বৰূপে নচঁচা শূলত দিবলৈ আদেশ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment