Wednesday, April 15, 2026
0 Shares

বিদ্যাতকৈ বুদ্ধি শ্রেষ্ঠ

কোনাে এখন নগৰত চাৰিজন ব্রাহ্মণ বাস কৰিছিল। সেই চাৰিজনৰ মাজত প্রথম তিনিজন আছিল সকলাে বিদ্যাত পাকৈত। আনহাতে চতুর্থজন একো বিদ্যাতে পাৰ্গত নাছিল। সি আছিল বুদ্ধিত ভােটজলকীয়া সদৃশ। এবাৰ ব্রাহ্মণ চাৰিজনৰ মাজৰ প্রথম তিনিজনে নিজৰ নিজৰ বিদ্যাবােৰ বাহিৰত প্ৰচাৰ কৰাৰ নিমিত্তে বিদেশ ভ্রমণৰ ইচ্ছা কৰিলে। তেওঁলােকে কিন্তু চতুর্থ জনক প্ৰথমতে লগত নিব খােজা নাছিল। কাৰণ সি কোনাে বিদ্যা নাজানিছিল। কিন্তু পিছত ভাবিলে যে হয়তাে তাক বাটত সহায়ক হ’বও পাৰে। গতিকে তাক লগত লৈ যােৱাটোকেই উচিত বুলি বিবেচনা কৰিলে। চাৰিওজনে এখন অটব্য অৰণ্যৰে গতি কৰিলে। অৰণ্যৰ মাজৰ এটা সৰু লুংলুঙীয়া পথেৰে সিহঁত গৈ থাকিল। কিছুদূৰ যােৱাৰ পিছত সিহঁতে কিছুমান জন্তুৰ হাড়, মূৰ পালে। সিহঁতৰ মাজৰে এজনে সেইবােৰ আকাৰ দি বুজিব পাৰিলে যে সেইবােৰ সিংহৰ হাড়-মূৰ। সিহঁতে তেতিয়া নিজৰ বিদ্যা প্রয়ােগৰ কথা ভাবিলে আৰু মৃত সিংহটোক প্রাণ সঞ্চাৰ কৰি পূৰ্বৰ অৱস্থালৈ নিব খুজিলে। সিহঁত তিনিওজনৰ কথা শুনি চতুর্থজনে ক’লে যে মৃত সিংহ এটাক প্রাণ দিয়া মানে মৃত্যুক নিমন্ত্রণ কৰা। আগৰে পৰা মূৰ্খ বুলি জ্ঞান কৰা সেইজন ব্রাহ্মণৰ কথা সিহঁতে হাঁহি মাৰি উৰুৱাই দিলে আৰু তাক তুচ্ছ-তাচ্ছিল্যও কৰিলে। চতুর্থজনে নিজৰ বুদ্ধিৰে সকলাে ঘটনা চালিজাৰি চাব জানিছিল। সেই কাৰণে বিপদ ঘটাৰ পূর্বে সি এজোপা গছত আশ্রয় লৈছিল। সিহঁত তিনিওজনে কিন্তু সেই কাম স্তব্ধ নকৰিলে। প্রথমজনে হাড় মূৰবােৰ একত্র কৰি সিংহৰ ৰূপ দিলে। দ্বিতীয়জনে তাত ছাল, মাংস আৰু তেজ সঞ্চাৰ কৰিলে। তৃতীয়জনে তাত বিদ্যা প্রয়ােগৰ চেষ্টাৰে প্রাণ সঞ্চাৰ কৰিলে। বহুদিন আগতে মৰি হাড়ত বন গজা সিংহটোৱে পুনৰ প্ৰাণ পাই ভীষণ শব্দৰে গৰজি উঠিল। প্রকাণ্ড সিংহটোৱে লগে লগে সন্মুখত থকা ব্রাহ্মণ তিনিজনক হত্যা কৰিলে আৰু সিহঁতৰ মাংসৰে তাৰ বহুদিনৰ ক্ষুধা দূৰ কৰিলে। চতুর্থজনে সিংহটো তাৰ পৰা আঁতৰি যােৱাৰ পিছত লাহে লাহে ঘৰমুৱা হ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment