Wednesday, April 15, 2026
0 Shares

বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story

বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ "বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story" সাধুটো। এই সাধুটো পঞ্চতন্ত্ৰৰ সাধুৰ পৰা লোৱা হৈছে। এই সাধুটোত বান্দৰ আৰু ঘঁৰিয়ালৰ বন্ধুত্বৰ বিষয়ে উল্লেখ কৰা হৈছে। সাধুটোৰ সাৰমৰ্ম উপলব্ধি কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক।

বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story

এটা বিশাল সৰােবৰৰ পাৰত থকা এজোপা প্রকাণ্ড জাম গছত ৰক্তমুখ নামৰ এটা বান্দৰে বাস কৰিছিল। সেই বান্দৰটোৰ মূল খাদ্য আছিল গছজোপাৰ ধুনীয়া ধুনীয়া ক’লা জামু। এদিনাখনৰ কথা, কৰবাৰ পৰা আহি থকা বিকৰালমুখ নামৰ ঘৰিয়াল এটা সেই গছজোপাৰ তলতে ৰ'লহি। বান্দৰটোৱে তাৰ ঘৰৰ কাষতে আহি ৰােৱা দেখি ঘৰিয়ালটোক তাৰ অতিথি জ্ঞান কৰিলে আৰু ক'লে, তুমি আজি মােৰ অতিথি। তােমাক মােৰ ফালৰ পৰা দিবলৈ একো নাই যদিও গছত লাগি থকা পকা পকা জামুৰে তােমাক আপ্যায়ন কৰিব বিচাৰাে। তুমি যদি বেয়া নােপােৱা এই পকা জামু গ্ৰহণ কৰিব পাৰা।

বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story

ঘঁৰিয়ালে ইচ্ছা প্রকাশ কৰাত বান্দৰে তাক পকা জামু দিলে। সি পকা জামু খাই বৰ তৃপ্তি লভিলে আৰু সদায় সেই ঠাইত ৰ'দ পুৱাবলৈ আহি পকা জামুৰ সােৱাদ লয়। এনেদৰে আহােতে আহোতে দুয়ােজনৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। এদিন বিকলমুখে বন্ধুই দিয়া কিছু জামু তাৰ ঘৈণীয়েকৰ বাবেও লৈ গ’ল।

ঘঁৰিয়ালে নিয়া জামু খাই তাৰ ঘৈণীয়েকেও বৰ তৃপ্তি পালে। তাই জামু খাই থাকোতে মনে মনে ভাবিলে, যিটো বান্দৰে এই জামুবােৰ সদায় খাই থাকে তাৰ কিজানি কলিজাটো জামৰ দৰে ৰসাল আৰু সুস্বাদু হ’ব। সেই কাৰণে তাই বান্দৰটোৰ কলিজাটো খাবলৈ মন কৰিলে আৰু কথাটো তাই ঘঁৰিয়ালটোক ক'লে।

ঘঁৰিয়ালটোৱে ঘৈণীয়েকৰ কথাটো ভাল নাপালে আৰু তাকে কৰিবলৈ অমান্তি হৈ ক'লে– বান্দৰটোক বধ কৰাটো মােৰ পক্ষে অসম্ভৱ। কাৰণ সি মােৰ বন্ধুই নহয় ভাতৃৰ দৰেও। ঘঁৰিয়ালৰ ঘৈণীয়েকে কিন্তু নিজৰ কথাতে লাগি থাকিল। কথা হ’ল তাই বান্দৰৰ কলিজা খাবই। সেই কাৰণে এদিন বিকৰালমুখে বন্ধু ৰক্তমুখৰ ওচৰলৈ গৈ ক'লে, “বন্ধু তােমাৰ পৰা নিয়া জামু মই আৰু মােৰ ঘৈণীয়ে বহুদিন খালো। তাই সদায় তােমাক চাবলৈ মন কৰে। সেই কাৰণে তােমাক আমাৰ ঘৰলৈ নিমন্ত্রণ কৰিব আহিছোঁ। তিনিও জনে লগ হৈ এসাজ খাম, সুখ-দুখৰ কথা পাতিম। তুমি আমাৰ ঘৰত যাবানে?

বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story

বান্দৰটোৱে ক’লে, তােমাৰ ঘৰ পানীত। মই হলাে স্থলচৰ প্রাণী গতিকে মই তােমাৰ ঘৰলৈ কেনেকৈ যাম? সেই ব্যৱস্থা মই কৰিম, ঘঁৰিয়ালে ক'লে। যথা দিনত ঘঁৰিয়ালে বান্দৰক তাৰ পিঠিত বহুৱাই লৈ তাৰ ঘৰলৈ বুলি যাত্রা কৰিলে। কিছুদূৰ যােৱাৰ পিছত ঘঁৰিয়ালে ভাবিলে, এতিয়া আচল কথা কৈ দিলেও বান্দৰ পলাব নােৱাৰে। গতিকে আচল কথা কৈ দিয়াই ভাল।

এই বুলি বিকৰালমুখে ৰক্তমুখক ক'লে, “তুমি হয়তাে নাজানা যে মই তােমাক কিয় আমাৰ ঘৰলৈ লৈ আহিছোঁ। তুমি নিতৌ সুমিষ্ট জামুবােৰ খাই থাকা বাবে তােমাৰ কলিজাটোও জামুৰ দৰে ৰসাল আৰু সুমিষ্ট। সেই কাৰণে মােৰ মানুহজনীয়ে তােমাৰ কলিজাখনৰ সােৱাদ ল’ব খােজে। তােমাক মাৰি তাই তােমাৰ কলিজাটো খাব।”

ৰক্তমুখে লগে লগে এটা বুদ্ধি পাঙি ক'লে, “এস্! ইও ক’বলগীয়া কথানে? মােৰ যদি কলিজাটো তেওঁ খাই তৃপ্তি লভে সেয়া মােৰ বাবেই সৌভাগ্যৰ কথা। পিছে, এই সাধাৰণ কথাটো এতিয়া যে ক’লা মােক লগত লৈ আহিবৰ সময়ত কিয় নক’লা? মােৰ ৰসভৰা কলিজাটো যে মই আহিবৰ সময়ত গছৰ খােৰােঙত এৰি থৈ আহিছোঁ। এতিয়া কি হ'ব? মােৰ লগত ৰস নথকা শুকান কলিজাটোহে আছে।

বান্দৰৰ কথাটো ঘঁৰিয়ালে সঁচা বুলি ভাবিলে। সেইবাবে ৰসাল কলিজাটো নিবলৈ বুলি ঘঁৰিয়ালটো পুনৰ আগৰ ঠাইলৈ আহিল। ঘঁৰিয়ালটো যেতিয়া সৰােবৰৰ পাৰ পালে সি একে জাঁপতে গছৰ ওপৰত উঠিল। বান্দৰটোৱে গছৰ ওপৰৰ পৰাই ঘৰিয়ালক মূৰ্খ সম্বােধন কৰিলে আৰু ক'লে, “হেৰৌ মূৰ্খ, কোন প্রাণীৰ দুটা বেলেগ বেলেগ কলিজা থাকে। তােৰ দৰে বিশ্বাসঘাতক বন্ধু আৰু মােক নালাগে। ভালে ভালে ইয়াৰ পৰা আঁতৰ হ।” বহুত পিছতহে ঘঁৰিয়ালে কথাটো উপলব্ধি কৰিব পাৰিলে। সেই দিনাৰ পৰা বান্দৰ আৰু ঘঁৰিয়ালৰ বন্ধুত্ব নােহােৱা হ'ল।

বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story

(আশা কৰোঁ আপুনি "বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story" সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই "বান্দৰ আৰু ঘঁৰিয়ালৰ সাধু-monkey and crocodile story" সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment