Friday, April 17, 2026
0 Shares

মেকুৰী পণ্ডিতৰ বিচাৰ

এটা কাউৰী আৰু এটা ডঁৰিক চৰাই এজোপা গছত বেলেগে বেলেগে বাস কৰিছিল। এটা সময়ত ডঁৰিক আৰু কাউৰীৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। এদিন ডঁৰিক চৰাইটো পুৱাই ওলাই গৈছিল যদিও সি সন্ধ্যা নিজৰ বাহলৈ ঘূৰি নাহিল। দ্বিতীয় দিনা ৰাতিপুৱাৰ ভাগত ক'ৰবাৰ পৰা এটা শহা আহি ডঁৰিকৰ খােৰােংটো দখল কৰিলে। এইকথাত কাউৰীয়ে কোনাে হকা বধা নকৰিলে। দুদিন মানৰ পিছত ডঁৰিক পুনৰ আগৰ ঠাইলৈ ঘূৰি আহি তাত শহাক দেখি তর্জন-গর্জন কৰিবলৈ ধৰিলে। ডঁৰিকে শহাক ক'লে যে সি ডঁৰিকক খােৰােংটো এৰি দিব লাগে। শহাই কিন্তু এৰি দিবলৈ মান্তি নহ'ল। ওলােটাই শহাই ডঁৰিকক যুক্তি দিলে যে পশু-পক্ষী যি ঠাইত থাকে সেই ঠাই নিজৰ হৈ পৰে। শহাৰ কথা শুনি ডঁৰিকৰ খং উঠিল। অৱশেষত দুয়াে সেইবিষয়টো মীমাংসাৰ বাবে অভিজ্ঞ পণ্ডিত বিচাৰি ওলাই গ'ল। সিহঁতে গৈ গৈ এটা তপস্বীৰ ভেশ লােৱা দধিকর্ণ নামৰ বােন্দাৰ কাষ চাপিল। দধিকর্ণ নামৰ বােন্দাটোৱে বহুদিন ধৰি ওচৰৰ পৰা চিকাৰ কৰিব পৰা নাছিল। সি তেনে সুযােগ বিচাৰি আছিল। প্রথমতে শহাই বােন্দাক বিশ্বাস কৰা নাছিল যদিও শেষত বােন্দাৰ চলাহী কথাত সি ভােল গ'ল। ডঁৰিকে আঁতৰৰ পৰাই বােন্দাৰ পৰামর্শ বিচৰাত দধিকর্ণ নামৰ অসৎ চৰিত্ৰৰ বােন্দাটোই ক'লে, “এতিয়া মই বুঢ়া হৈছাে । কথাবােৰ ভালদৰে নুশুনা হৈছাে। তাতে আকৌ আনৰ ভাষা বুজাও টান। গতিকে ওচৰলৈ আহি কাণে কাণে কথাবােৰ ক'ব লাগে। ডঁৰিক আৰু শহাই তাৰ কথা বিশ্বাস কৰি ওচৰ চাপি গৈছিল। সেই সুবর্ণ সুযােগ বােন্দাই এৰি নিদিলে। সি তাৰ হাতােৰাৰে শহাটোক ধৰি ল'লে আৰু মুখেৰে ডঁৰিকক কামুৰি ধৰিলে। এনেকৈ ভণ্ড তপস্বী বােন্দাই ডঁৰিক আৰু শহাক নিজৰ খাদ্যৰূপে গ্রহণ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment