Saturday, April 18, 2026
0 Shares

এটা মূৰ্খ বান্দৰৰ কথা

কোনাে এখন নগৰত এজন ধনী সদাগৰ বাস কৰিছিল। উক্ত সদাগৰজনৰ বসতিস্থলৰ কিছু আঁতৰত এখন গছ-গছনিৰে পূর্ণ উদ্যান আছিল। সদাগৰ জনৰ মন যােৱাত তেওঁ উদ্যানৰ মাজত এটা মন্দিৰ নিৰ্মাণৰ কথা চিন্তা কৰি তাৰ দায়িত্ব একাংশ বাঢ়ৈক দিলে। বাঢ়ৈসকলে মন্দিৰটো নিৰ্মাণ কৰিবৰ নিমিত্তে কাঠ কাটি খুঁটা আদি সজোৱা কাম আৰম্ভ কৰি পিছত এখন বহল কাঠৰ তক্টা ফালিবলৈ তাত এটা খিলা ব্যৱহাৰ কৰিলে। ইয়াৰ পিছত বাঢ়ৈসকলে কামটো, আধৰুৱা অৱস্থাতে থৈ দুপৰীয়াৰ আহাৰ খাবলৈ গ'ল। বাঢ়ৈসকলৰ অনুপস্থিতিত উদ্যানখনত এজাক বান্দৰে ৰাজ চলালে। বান্দৰবােৰৰ মাজত এটা মূৰ্খ বান্দৰে কাঠত লগাই থােৱা খিলাটো খুলিবলৈ চেষ্টা কৰিলে। বান্দৰটোৰ অজ্ঞাতে তাৰ নেগুৰডাল দুফাল কৰি আধৰুৱা অৱস্থাত এৰি যােৱা কাঠৰ মাজত আছিল। এটা সময়ত খিলাডাল খুলি আহিল যদিও তাত নেগুৰডাল বেয়াকৈ চেপা খাই থাকিল। নেগুৰডাল এৰুৱাবলৈ বান্দৰটোৱে আপ্রাণ চেষ্টা কৰিলে যদিও সি অসফল হ’ল। বেচেৰা বান্দৰটোৱে তাৰ মূৰ্খামিৰ বাবে তাতেই চেপা লাগি মৰি থাকিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment