Tuesday, March 17, 2026
0 Shares

কাৰ বেছি বল

কাৰ বেছি বল

এদিন বেলি আৰু বতাহৰ মাজত নিজৰ শক্তি আৰু সামর্থক লৈ এখন তর্ক যুদ্ধ লাগিছিল। বতাহে কয় যে তেওঁৰহে বল বেছি, তেওঁতকৈ বলবান নাই। বেলিয়ে বতাহৰ কথাত ঘােৰ প্রতিবাদ জনাই ক'লে যে বেলিতকৈ জগতত কোনাে ডাঙৰ থাকিব নােৱাৰে, কাৰণ তেওঁৰ বলহে বেছি। বেলি আৰু বতাহৰ মাজত এই তর্কযুদ্ধখন বহুসময় ধৰি চলিছিল। বহু সময় তৰ্ক কৰাৰ অন্তত বিষয়টো সিহঁতে পৰীক্ষা কৰি চাবলৈ মন কৰিলে। দুয়াে ঠিক কৰিলে যে কাৰ বেছি বল সেইটো সিহঁতে পৰীক্ষা কৰি চাব। তেতিয়াহে কোন সঁচা বলী ওলাই পৰিব। যথা সময়ত সিহঁতে বিচৰা ধৰণে বিষয়টোও পালে। কাৰণ সেই সময়তে সেই দিশৰে এজন বাটৰুৱা আহি আছিল। বাটৰুৱাজনক দেখি বতাহে ক'লে– এই যে বাটৰুৱাজন গৈ আছে যিয়ে তেওঁৰ গাৰ কাপােৰখন খুলিব পাৰিব তেওঁকেই শ্রেষ্ঠ বলী বুলি ধৰি লােৱা হ’ব। বতাহৰ কথাত বেলিয়ে মান্তি হ’ল। বেলিয়ে প্রথমতে বতাহকে তাৰ শক্তি প্রদর্শনৰ বাবে আহ্বান জনালে। বতাহে তাৰ সমষ্ট শক্তি প্রয়ােগ কৰি বাটৰুৱাজনৰ গাৰ পৰা কাপােৰখন এৰুৱাবলৈ চেষ্টা কৰিলে। যিমানে বতাহে চেষ্টা কৰে, সিমানে মানুহজনে গাৰ কাপােৰখন টানি আঁজুৰি মেৰিয়াই লয়। বহু সময় চেষ্টা কৰিও বতাহে মানুহজনৰ কাপােৰখন আঁতৰ কৰিবলৈ সমর্থ নহ'ল। ইয়াৰ পিছত বেলিৰ পাল পৰিল। বতাহে বেলিক তাৰ শক্তি প্রদর্শন বাবে আহ্বান জনালে। বেলিয়ে নিজৰ তাপ বঢ়াই দিলে। মানুহজনে ৰ'দৰ তাপ সহ্য কৰিব নােৱাৰি দেহৰ পৰা বস্ত্রখন আঁতৰ কৰিলে আৰু গছ এজোপাৰ তলত ছাঁ ল’বলৈ বুলি বহি পৰিল। তেতিয়া বেলিয়ে বতাহক ক'লে– চোৱা মইহে শক্তি পৰীক্ষাত জয় লাভ কৰিলোঁ, তুমি হাৰিলা। বতাহেও বেলিৰ কথা মানি নিজৰ পৰাজয় স্বীকাৰ কৰি ল'লে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment