Monday, June 29, 2026
0 Shares

চিকাৰী কুকুৰ

চিকাৰী কুকুৰ

এখন গাঁৱত এজন চিকাৰীয়ে বাস কৰিছিল। সেই চিকাৰীজনৰ আছিল এটা অতি পাকৈত আৰু সাহসী কুকুৰ। চিকাৰীজনে চিকাৰলৈ যাওঁতে সদায় কুকুৰটোক লগত লৈ যায়। যি কোনাে চিকাৰ দেখুৱাই দিলেই হ’ল, সি পলকতে গৈ চিকাৰটো ধৰি চিকাৰীক সহায় কৰি দিয়ে। তেতিয়া চিকাৰীৰ সকলাে কাম সহজ হৈ পৰে। এনেদৰে সি বহুবছৰ চিকাৰ কৰিলে। তেতিয়া চিকাৰীৰ কুকুৰটো আছিল ডেকা আৰু শক্তিশালী। সেইসময়ত চিকাৰীৰ বাবে কুকুৰটো আছিল সোঁহাত স্বৰূপ৷ লাহে লাহে কুকুৰটোৰ বয়স বাঢ়ি আহিল। সি আগৰ দৰে চিকাৰ ধৰিব নােৱাৰা হ’ল। তথাপি সি তাৰ গৰাকীৰ লগত চিকাৰলৈ যায়। কাৰণ সি হ’ল প্রভুভক্ত প্রাণী। এদিন তেনেকৈ চিকাৰলৈ যাওঁতে সন্মুখত দেখা দিলে এটা বন গাহৰিয়ে। দেখা মাত্রে কুকৰটো দৌৰি গ'ল যদিও গাহৰিটো সি ধৰিব নােৱাৰিলে। তেতিয়া গৰাকীৰ বৰ খং উঠিল আৰু খঙৰ ভমকত সি কুকুৰটোক দুকোবমান সােধালে। কুকুৰটোৱে তাৰ দেহ আৰু মনত বৰ দুখ পালে। সি তাৰ গৰাকীক দুখ মনেৰে ক’বলৈ ধৰিলে – “এনেকৈ কিয় কোবাইছে মালিক? মই এতিয়া আগৰ দৰে শক্তিশালী হৈ থকা নাই। কিন্তু আগতে যে কিমান জন্তু ধৰি দিছিলোঁ ! সেইবােৰ কিয় পাহৰি গ'ল?” কুকুৰটোৰ গৰাকীয়ে কুকুৰটোৰ এষাৰ কথাও নুশুনিলে। সি তাক তাতেই এৰি থৈ গুচি গল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment