Saturday, April 18, 2026
0 Shares

তিনি ধূর্ত আৰু বামুণ

মিত্র শর্মা নামৰ এজন ব্রাহ্মণে পূজাৰ বাবে এটা নিখুঁত পঠা ছাগলীৰ প্রয়ােজন হােৱাত এঘৰ যজমানৰ কাষ চাপিল। যজমান ঘৰে ব্ৰাহ্মণৰ আৱশ্যক হােৱাত তেনেকুৱা নিখুঁত পঠা ছাগলী এটা হর্ষ মনেৰে দান কৰিলে। ছাগলীটো দৌৰি ফুৰা বিধৰ বাবে তেওঁ কান্ধত তুলি ঘৰলৈ বুলি ৰাওনা হল। ব্রাহ্মণে কান্ধত ছাগলী অনা দৃশ্যটো তিনিজন ধূর্তই দেখিলে। সিহঁতৰ মনত লােভ জন্মিল। সিহঁতে ভাবিলে, এই ছাগলীটো ব্রাহ্মণৰ হাতৰ পৰা চল চাতুৰিৰে নিব পাৰিলে এটা ডাঙৰ ভােজ খাব পৰা গ'লহেঁতেন। ইয়াকে ভাবি তিনিওজন ধূর্তই দূৰে দূৰে ভেশচন ধৰি ৰৈ থাকিল। কান্ধত ছাগলী লৈ ব্রাহ্মণজন কাষ পাওতে প্রথমজন ধূর্তই ক’বলৈ ধৰিলে, হেৰি দেউ, আপুনি কি মানুহ? এটা সাধাৰণ কুকুৰকো এনেদৰে কান্ধত তুলি আনে! ধূৰ্তৰ কথা শুনি মিত্র শর্মাই খঙেৰে ক’লে, চকুৰ দৃষ্টি শক্তি কমিছে হ’বলা। এইটো যে কুকুৰ নহয়, এটা ছাগলীহে সেইটোও দেখুৱাই দিব লাগিব নেকি? ধূর্তজনে এটা বিকৃত হাঁহি মাৰি দেউজনক যাবলৈ দিলে। কিছু দূৰত ৰখি আছিল দ্বিতীয়জন ধূর্ত। সিও ব্রাহ্মণজন কাষ পাওতে একেখিনি কথাকে ক'লে। সেইবােৰাে ব্রাহ্মণজনে তাক কটু ভাষাৰে তিৰস্কাৰ কৰিলে। দ্বিতীয়জন ধূর্তয়ো বিকৃত হাঁহি মাৰি ব্ৰাহ্মণজনক যাবলৈ দিলে। কিছুদূৰ যােৱাৰ পিছত তৃতীয়জন ধূর্তই ব্রাহ্মণক লগ পালে। সিও ব্রাহ্মণজনক একেখিনি কথা ক’লে। এইবাৰ ব্ৰাহ্মণৰ বিশ্বাস হ’ল। তেওঁ ভাবিলে, যজমানে তেওঁক ছাগলী বুলি এটা কুকুৰহে দি পঠিয়াইছে। খঙৰ ভমকত ব্রাহ্মণে যজমান ঘৰক বহুতাে গালি শপনি পাৰিলে আৰু ছাগলীটো কান্ধৰ পৰা নমাই আনি দূৰত পেলাইদি ওচৰৰে নদীৰ পানীত গা-মূৰ ধুই ঘৰলৈ গতি কৰিলে। ধূর্ত কেইজনে ছাগলীটো নি মহাভােজ খালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment