Saturday, April 18, 2026
0 Shares

দুজন বন্ধুৰ কথা

কোনাে এখন নগৰত দুজন নলেগলে লগা বন্ধু বাস কৰিছিল। বন্ধু দুজনৰ নাম আছিল ধর্মবুদ্ধি আৰু পাপবুদ্ধি। সিহঁত আছিল চহৰখনৰ দুজন নামি দামি সাউদৰ পুতেক। দুয়াে বন্ধুই এদিন বেপাৰত যােৱা বিষয়লৈ আলচ কৰি আছিল। কথা মতে কাম আৰম্ভ কৰিলে। দুয়ােজন বন্ধু গৈ এখন বিদেশী নগৰত পদার্পণ কৰিলে আৰু তাত ধর্ম বুদ্ধিয়ে এজন সদাগৰৰ পৰা এহেজাৰ সােণৰ মােহৰ থকা এটা কলহ পালে। ধর্ম বুদ্ধিয়ে জনালে যে সেই ধন সি অকলে নলৈ ৫০০-৫০০ কৈ দুভাগ কৰিব। পাপবুদ্ধিয়ে জনালে যে সেই ধনৰ পৰা এশ এশকৈ লৈ বাকীখিনি লগে লগে নভগাই নিৰাপদ স্থানত পুতি ৰাখিব। পিছত প্রয়ােজন হলে সিহঁতে ভগাই ল’ব। পাপ বুদ্ধিৰ কথা মতে সেইটোকে কৰা হ'ল। হাতত থকা এশ সােণৰ মুদ্রা পাপবুদ্ধিয়ে খুব কম দিনৰ ভিতৰত খৰচ কৰিলে আৰু সময়ত উলিয়াই ল'ম বুলি গােপন ঠাইত পুতি ৰখা কলহৰ মােহৰখিনিও চুৰি কৰি আনিলে। সম্পূর্ণ এমাহৰ অন্তত এদিন দুয়াে পুতি ৰখা মােহৰৰ কলহটো ভগাই ল’বৰ বাবে হাবিলৈ গৈ যেতিয়া কলহটো খান্দি উলিয়াই মােহৰখিনি বিচাৰিলে তেতিয়াহে ওৰহি গছৰ গুৰি ওলাল। মােহৰ শূন্য খালি কলহটো দেখি ধৰ্মবুদ্ধি বিমর্ষিত হ’ল। সুযােগ বুজি পাপ বুদ্ধিয়ে ধর্মবুদ্ধিকে ইয়াৰ বাবে জগৰীয়া কৰিলে। তাৰ মতে কলহটোৰ মােহৰখিনি ধর্মবুদ্ধিয়ে চুৰি কৰিছে। পাপবুদ্ধিয়ে অকল বদনাম দিয়ে নেৰিলে, সি মােহৰৰ আধাখিনি ধর্মবুদ্ধিৰ পৰা বিচাৰিলেও। ধর্মবৃদ্ধিয়ে পাপবুদ্ধিৰ কথাত হতবাক হ’ল আৰু ক’লে, “ধার্মিক মানুহে লােকৰ স্ত্রী, পৰৰ ধনৰ ওপৰত কেতিয়াও চকু নিদিয়ে।” দুষ্ট বুদ্ধি সম্পন্ন পাপবুদ্ধিয়ে তেতিয়া ন্যায় বিচাৰি ৰজাৰ কাষ চাপিল। বিচাৰকে সাক্ষীৰ কথা সােধাত পাপবুদ্ধিয়ে বনদেৱতাই ইয়াৰ প্ৰধান সাক্ষী বুলি শপত খালে। ৰজাৰ বিচাৰকে নির্দিষ্ট এটা দিন ল'লে আৰু সেই দিনত বনদেৱতাক সােধ-পােছ কৰিম বুলি ক'লে। পাপবুদ্ধিয়ে নিজৰ দেউতাকক বনদেৱতা সজাই এডাল গছৰ খােৰােঙত থৈ আহিল। প্রথম অৱস্থাত পাপবুদ্ধিৰ দেউতাকে সেই পাপ কৰিবলৈ ইচ্ছা কৰা নাছিল যদিও পিছত পুতেকৰ কথা মানি তাকেই কৰিলে। যথা সময়ত বিচাৰক সহ পাপবুদ্ধি আৰু ধর্মবুদ্ধি সেইখন অৰণ্যত উপস্থিত হ’ল। সকলােকে সন্মুখত ৰাখি পাপবুদ্ধিয়ে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে, “বনদেৱতা” আপুনি নিশ্চয় জানে যে আমাৰ মাজৰ এই ধনখিনি কোনে অন্যায়ভাৱে সৰকালে। অনুগ্রহ কৰি আমাৰ আগত কথাটো স্পষ্ট কৰক।”

গছৰ খােৰােঙত লুকাই থকা পাপ বুদ্ধিৰ দেউতাকে মাত দিলে, “তােমালােক দুজনৰ মাজত সেই মােহৰ সৰকাই নিয়াজন স্বয়ং ধর্মবুদ্ধি, ইয়াত পাপবুদ্ধিৰ কোনাে হাত নাই।” ধর্মবুদ্ধিৰ প্রতি বিশ্বাস হেৰুৱাই কি শাস্তি দিব তাকে ভাবি থাকোতে ধর্মবুদ্ধিয়ে সুযােগ বুজি গছৰ খােৰােং থকা গছজোপাত জুই দিলে। জুইৰ তাপত থাকিব নােৱাৰি পাপবুদ্ধিৰ দেউতাক খােৰঙৰ পৰা ওলাই আহিব নােৱাৰি চিঞৰিবলৈ ধৰিলে। বেচেৰাক উলিয়াই আনােতে তাৰ আধাখিনি পুৰিল। সি পুতেকৰ সকলাে কুবুদ্ধি স্বীকাৰ কৰিলে। অৱশেষত সকলাে জোলােঙাৰ মেকুৰী ওলাই পৰিল। পাপবুদ্ধিক দোষী সাব্যস্ত কৰি সেই একেডাল গছত ওলােমাই শাস্তি প্রদান কৰিলে। ধর্মবুদ্ধিৰ ন্যায়পৰায়ণতা আৰু ধৰ্মক প্রশংসা কৰি উপযুক্ত বঁটা-বাহনেৰে বিদায় দিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment