Monday, June 29, 2026
0 Shares

দুটা মূৰ্খ ছাগলী

দুটা মূৰ্খ ছাগলী

এখন গাঁও, কাষত এখন পাহাৰ, মাজেৰে এখন সৰু নৈ বৈ গৈছে। নৈখনৰ ওপৰত এখন সৰু সাঁকো। জীৱ-জন্তু আৰু মানুহবােৰে সেই সাঁকোখনেৰে নৈখন পাৰ হয়। সকলােৰে মাজত আছে সুন্দৰ বুজাবুজি। এজন আহি থাকিলে আনজন সিটো মূৰত ৰৈ যায়। কাৰণ দুজন একেলগে পাৰ হােৱাটো খুব সমস্যা।

এদিনাখন ঘটনা এটা দুর্ঘটনাত পৰিণত হ'ল। গাঁওখনৰ ফালৰ পৰা আহি থকা ছাগলী এটা পাহাৰৰ দিশৰ পৰা আহি থকা অন্য এটা ছাগলীৰ সৈতে সাঁকোখনত মুখামুখি হ’ল। দুয়ােটা ছাগলী একে সময়তে একেলগে সাঁকোখন পাৰ হ'ব নােৱাৰে। এই কথা জানি বুজিও দুয়ােটা ছাগলীয়ে একে সময়তে সাঁকোখনত উপস্থিত হ’ল আৰু দুয়ােটাই একে সময়তে পাৰ হ’ব বিচাৰি যুঁজ দিলে। অকণমান সাঁকোখনত দুয়ােটা ছাগলীৰ ভীষণ যুঁজ লাগিল যদিও বেছি সময় সেইযুঁজ নচলিল। কাৰণ নিজৰ ভুলৰ বাবে দুয়ােটা ছাগলী চিটিকি গৈ কোৱাল নদীৰ সোঁতত পৰিল। নদীৰ সোঁতে দুয়ােটা ছাগলীক উটুৱাই লৈ গ'ল। মূর্খ ছাগলীদুটাৰ পিছত মৃত্যু হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment